
শেহতীয়াভাৱে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে এটা সেউজীয়া কেপচিকামৰ ভিতৰত এটা বিশেষ পোক। কোৱা হৈছে যে ই বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ বিষাক্ত সাপ। ২ মিনিটৰ এই ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে কেপচিকামৰ ভিতৰৰ পৰা সূতাৰ দৰে বগা ৰঙৰ পোকটো খুচৰি উলিয়াইছে। ভিডিঅ’টোৰ কেপচনত কোৱা হৈছে যে “অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয়। ইয়াক বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ বিষাক্ত সাপ বুলি কোৱা হয় আৰু ইয়াক প্ৰায়ে সেউজীয়া জলকীয়া আৰু শাক-পাচলিৰ ভিতৰত পোৱা যায়। ‘আপুনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ আগতে সদায় আপোনাৰ সেউজীয়া শাক-পাচলিবোৰ কাটি চাওক। কাৰণ ই চালাডৰ বাবে ব্যৱহাৰ কৰিলেও বিষাক্ত। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো।”
একেটা ভিডিঅ’ টুইটাৰতো কিছুলোকে শ্বেয়াৰ কৰা দেখা পালোঁ।
কিন্তু সঁচাকৈয়ে ই পৃথিৱীৰ আটাইতকৈ সৰু বিষাক্ত সাপ হয়নে? এয়া সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমাৰ অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত ‘worlds’ tiniest snake’ কী-ৱৰ্ডটো দি বিচাৰিলোঁ। তাৰ পাছত আমি Barbados thread snake পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ সাপ হিচাপে এটা লিংক পালোঁ। কিন্তু তাত দেখুওৱা সাপৰ ছবিখন ভাইৰেল ভিডিঅ’টোত দেখা পোৱা জীৱটোত কৈ বহুত বেলেগ দেখা পালোঁ।

অধিক সন্ধানত আমি Imgur.com নামৰ এটা ৱেবছাইটৰ এটা তথ্য লাভ কৰিলোঁ, য’ত ভাইৰেল ভিডিঅ’ত দেখা কেপচিকামত পোৱা জীৱটোক বহুতে এক প্ৰকাৰৰ কৃমি বুলি অভিহিত কৰিছে।


তদুপৰি ইউটিউবত আমি এটা ভিডিঅ’ দেখিলোঁ য’ত এটা কৃমি দেখুওৱা হৈছে আৰু এই কৃমিটো ভাইৰেল ভিডিঅ’টোত দেখুওৱাৰ সৈতে একেই। এই ভিডিঅ’টোত এই কৃমিটোৰ নাম ‘Horsehair worm’ বোলা হৈছে।
এই কথা নিশ্চিত কৰিবলৈ ফেক্ট ক্ৰেছেণ্ডোৱে ‘ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স-চেণ্টাৰ অৱ ইক’লজিকেল ছায়েন্স ‘ৰ অধ্যাপিকা বীনা টাণ্ডনৰ সৈতে কথা পাতিছিল। তেওঁ নিশ্চিত কৰিলে যে, “ওপৰৰ ভিডিঅ’টোত দেখাটো জীৱটো এটা ‘কৃমি’। ইয়াক ‘Horsehair worm’, ‘Gordias’ বা ‘Nematomorpha’’ বুলি কোৱা হয়। এই কৃমি মাটি, পানী বা উদ্ভিদত বাস কৰে আৰু ই জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক নহয়। তলত তেওঁৰ মেছেজটো চাব পাৰিব।

আমেৰিকান ফাইটোপেথ’লজিকেল ছ’চাইটিৰ মতে, বেছিভাগ প্ৰজাতিৰ নেমাটোডৰ মানুহৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কিছুমান নেমাটোডে বেক্টেৰিয়া নিৰ্গত কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে যদিও আন কিছুমানে পোক-পৰুৱা খায় আৰু শস্যত থকা কীট-পতংগ নিয়ন্ত্ৰণ কৰে। এছিয়ান জাৰ্নেল অৱ ফাৰ্মাচিউটিক্সে নেমাটোড পলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ শাক-পাচলি খোৱাৰ আগতে সঠিকভাৱে ধুই বীজাণুমুক্ত কৰাৰ পৰামৰ্শ দিয়ে।
এই প্ৰমাণৰ পৰা স্পষ্ট যে পোষ্টটোত শ্বেয়াৰ কৰা ভিডিঅ’টো বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ আৰু বিষাক্ত সাপৰ নহয়, ‘Horsehair worm’ কৃমিৰহে। ভুল তথ্যৰে মানুহক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে এই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰেই নিশ্চিত হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোত বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ আৰু বিষাক্ত সাপটো দেখা নাযায়, বৰঞ্চ ‘Horsehair worm নামৰ কৃমিৰহে, যিটো বিষাক্ত প্ৰকৃতিৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:কেপচিকামৰ ভিতৰত এয়া বিশ্বৰ ক্ষুদ্ৰতম বিষাক্ত সাপ হয়নে? সত্যটো কি?
Written By: Pranjal SharmaResult:Misleading
