
শেহতীয়াভাবে অসমৰ বহুতো ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰিছে। সেই বাৰ্তাটোত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজ্যোত সিং সিদ্ধুৱে নিজৰ পত্নীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰান পোৱাৰ পাছত দিয়া এখন সংবাদ মেলৰ উদ্ধৃতি দি কিছু কথা লিখা হৈছে। পোষ্টটোৰ এঠাইত লিখা হৈছে যে- ভবামতে নিজৰ মতে আগবাঢ়ি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰালে।সকলো শৰ্কৰা জাতীয় খাদ্য বন্ধ কৰি ময়দা জাতীয় খাদ্য বন্ধ কৰি দিলে।কেঁচা হালধি,আপেল চাইডাৰ ভিনেভাৰ,মহানিমৰ পাত,তুলসী পাত,ফল->আমলখি ডালিম ৱালনাটছ ৰঙালাওৰ গুটি খোৱাবলৈ আৰম্ভ কৰালে।প্ৰতিদিনে 10-12 টা মহানিমৰ পাত ৰাতিপুৱা খুৱাবলৈ ধৰিলে। ৰিফাইন তেল আন তেল সম্পূৰ্ণ বন্ধ কৰি নিজে ঘৰত তৈয়াৰ কৰা নাৰিকলৰ তেল ব্যৱহাৰ কৰিবলৈ ধৰিলে।ৰিফাইন চেনি ৰিফাইন বস্তু সকলো বন্ধ কৰি দিলে।ৰাতিপুৱা 10.30 বজাত কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো আৰম্ভ কৰাই সন্ধ্যা 6.30 অন্তিম আহাৰ গ্ৰহণ কৰাবলৈ ধৰিলে।এইটো intermittent fasting ত পৰি যায়।
এনেকৈ কঠোৰ তালিকাৰে খাদ্য আৰু লাইফ ষ্টাইল বদলি কৰাত সিদ্ধুৰ পত্নী 40 দিনৰ ভিতৰত আৰোগ্য হৈ পৰে।তেখেতক চিকিৎসা কৰি থকা ডাক্তৰে এইবোৰ কেনেকৈ সম্ভৱ হ’ল বুলি আশ্চৰ্য প্ৰকাশ কৰে।এই আৰোগ্যত আৰু চমৎকাৰত উৎসাহিত হৈ নৱজিৎ সিং সিদ্ধুৱে পত্নীক লগত লৈ এখন সংবাদমেল আয়োজন কৰি গোটেই কথাখিনি ৰাজহুৱা কৰিছে যাতে আন মানুহও এই ক্ষেত্ৰত সজাগ সচেতন সাৱধান সতৰ্ক হয়।
অৰ্থাত ফেচবুকৰ পোষ্টৰ জৰিয়তে দাবী কৰা হৈছে যে সিদ্ধুৱে সংবাদমেলযোগে তেওঁৰ পত্নীয়ে নেমুপানী, কেঁচা হালধি,এপেল চাইডাৰ ভিনেগাৰ, মহানিমৰ পাত আদিৰে তথা ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ (intermittent fasting)ৰ জৰিয়তে কৰ্কট ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰা বুলি কৈছে।
একেখিনি কথা লিখা আনকেইবাটাও ফেচবুক পোষ্ট আমি পাইছোঁ। সেইবোৰ ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।
তদুপৰি হোৱাটছএপযোগেও একেখিনি বাৰ্তা প্ৰচাৰ কৰা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক কী-ৱৰ্ড লৈ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি বাৰ্তাটোত যিখন সংবাদমেলৰ কথা উল্লেখ কৰা হৈছে, সেইখনৰ লিংক ইউটিউৱত লাভ কৰিলোঁ। আমি জানিব পাৰিলোঁ যে সংবাদমেলত নৱজ্যোত সিং সিদ্ধুৱে কেন্সাৰৰ দৰে জটিল ৰোগৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা ব্যৱস্থা আৰু সুলভ চিকিৎসাৰ অপৰিহাৰ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পত্নীৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয়সমূহৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰি ৪ৰ্থ স্তৰৰ কেন্সাৰ অতিক্ৰম কৰা জীৱনযাত্ৰাৰ বিষয়ে উল্লেখ কৰে। সিদ্ধুৱে স্বাস্থ্যৰ ক্ষেত্ৰ এক সামগ্ৰিক দৃষ্টিভংগীৰ পোষকতা কৰিছিল। চিকিৎসা সেৱাৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিপূৰক হিচাপে অনুশাসিত জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
এইবাৰ আহিছোঁ বাৰ্তাটোত উল্লেখ কৰা নেমু,হালধি, নিম, এপল চাইডাৰ ভিনেগাৰ আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ জৰিয়তে কৰ্কটৰোগ অথবা কেঞ্চাৰ নিৰাময় কৰা প্ৰসংগলৈ।
আমি নেছনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক গৱেষণামূলক লেখা লাভ কৰিলোঁ। যত উল্লেখ কৰা হৈছে যে প্ৰাকৃতিক আৰু সহজে উপলব্ধ এক সম্পদ নিমৰ নিষ্কাশনে কেন্সাৰ প্ৰতিৰোধী চিকিৎসাত নিৰাপদ আৰু ব্যয়বৰ্জিত উপাদান হিচাপে ইয়াৰ সম্ভাৱনাৰ বাবে গৱেষকৰ দৃষ্টি আকৰ্ষণ কৰিছে। টিউমাৰৰ প্ৰসাৰক বাধা দিয়া, কোষৰ মৃত্যুৰ সূচনা কৰা, এগনিঅ’জেনেছিছ দমন কৰা, ৰেডক্স ভাৰসাম্য পুনৰুদ্ধাৰ কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত নিমৰ গুণৰ ওপৰত গৱেষকে গুৰুত্ব আৰোপ কৰে। তথাপিও ইয়াৰ সক্ৰিয় উপাদানসমূহ পৃথক আৰু চিনাক্ত কৰিবলৈ, ইয়াৰ কেন্সাৰ বিৰোধী ব্যৱস্থাসমূহ স্পষ্টকৈ নিশ্চিত কৰিবলৈ আৰু পশুৰ ওপৰত অধ্যয়ন তথা ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে ইয়াৰ ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ অতিৰিক্ত গৱেষণাৰ প্ৰয়োজন আছে।
একেধৰণে Journal of Oral Biology and Craniofacial Research ত প্ৰকাশিত এক লেখাত উল্লেখ কৰা হৈছে যে নিমৰ সক্ৰিয় উপাদানসমূহে মুখৰ কেন্সাৰৰ বিৰুদ্ধে স্পষ্ট প্ৰতিৰোধমূলক আৰু চিকিৎসামূলক সম্ভাৱনা ৰাখে বুলি দেখুৱাইছে। কিন্তু এই গুণসমূহ সম্পূৰ্ণৰূপে অন্বেষণ কৰি নিয়মিতভাৱে মুখৰ কৰ্কট ৰোগ ব্যৱস্থাপনাত নিমক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন আছে।
আনহাতে আমি হালধি সম্পৰ্কত অনুসন্ধান কৰোতে আন কিছুমান তথ্য লাভ কৰিলোঁ। Antonio Giordanoএ কৰা এক গৱেষণাই স্পষ্ট কৰিছে যে হালধিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক যৌগ কাৰকুমিনে ইয়াৰ সম্ভাৱ্য কেন্সাৰ প্ৰতিৰোধী গুণৰ বাবে বৈজ্ঞানিকভাৱে যথেষ্ট আগ্ৰহ লাভ কৰিছে। হালধিৰ পৰা আহৰণ কৰা পলিফিনলে বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাৰ সম্ভাৱনা দেখুৱাইছে। কাৰ্কুমিনৰ সম্ভাৱ্য জৈৱ উপলব্ধতা স্বত্তেও বমি, ডায়েৰিয়া, মূৰৰ বিষ আৰু হালধীয়া মলৰ দৰে পাৰ্শ্বক্ৰিয়াই ইয়াৰ চিকিৎসামূলক কাৰ্যকাৰিতা সীমিত কৰাৰ বাবে কেন্সাৰ প্ৰতিৰোধী উপাদান হিচাপে ইয়াৰ ভূমিকাক প্ৰতিষ্ঠা কৰিবলৈ অধিক মানৱ অধ্যয়ন আৰু ক্লিনিকেল পৰীক্ষাৰ প্ৰয়োজন আছে।
BMC Cancerত প্ৰকাশিত এক গৱেষণাতো একেধৰণৰ তথ্যই প্ৰকাশ পাইছে। কাৰকিউমিনৰ পৰ্শ্বক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে।
আনফালে ইণ্টাৰমিটেণ্ট ফাষ্টিঙ(Intermittent Fasting) সম্পৰ্কে আমি তথ্য আহৰণ কৰাত কিছুমান বিশেষ কথা জানিবলৈ পাৰিলোঁ। এটা অধ্যয়নে মাজে মাজে উপবাসে থকা কাৰ্যটোক কেন্সাৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে এক আশাব্যঞ্জক, সুলভ আৰু কম বিপদজনক কৌশল হিচাপে চিহ্নিত কৰিছে। মূলতঃ বিপাকীয়, জৈৱৰাসায়নিক আৰু ইমিউন’লিজিক ক্ষেত্ৰত থকা ইয়াৰ প্ৰভাৱৰ বাবে। কিন্তু কাৰ্চিনোজেনেছিছৰ হৰম’ন আৰু প্ৰদাহজনিত সমস্যাক নিয়ন্ত্ৰণ কৰাত ইয়াৰ ক্লিনিকেল তাৎপৰ্য্য অনিশ্চিত হৈ আছে। যাৰ ফলত ইয়াৰ ক্ষেত্ৰত সীমিত উপলব্ধ গৱেষণাহে পোৱা গৈছে। খাদ্যৰ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মাজতো মাজে মাজে উপবাসে থকা কাৰ্যই টিউমাৰনাশক পদ্ধতি হিচাপে চিহ্নিত কৰে কিন্তু নূন্যতম পাৰ্শ্বক্ৰিয়াৰ তথ্যৰ বাবে ইয়াৰ অধিক অনুসন্ধানৰ প্ৰয়োজন আছে।
গতিকে ইমানখিনি তথ্যৰ পৰা আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে ফেচবুক পোষ্টসমুহ তথা হোৱাটছএপ মেছেজটোৱে দাবী কৰা ধৰণে নৱজ্যোত সিং সিদ্ধুৱে নিম, নেমু, হালধি, ইণ্টাৰমিটেণ্ট ফাষ্টিং আদিৰ জৰিয়তে তেওঁ পত্নীৰ কেঞ্চাৰ ৰোগ নাশ হোৱা বুলি কোৱা কথাটো সম্পূৰ্ণ সত্য নহয়। এই দাবী বিভ্ৰান্তিকৰ। সিদ্ধুৱে কেঞ্চাৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এইসমুহ ঘৰুৱা উপাদানৰ অৱদানৰ কথাটোহে কৈছিল। এইসমুহ উপাদানেই কেঞ্চাৰ ৰোগ নিৰাময় কৰে বুলি কোৱা নাছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। নৱজ্যোত সিং সিদ্ধুৱে নিম, নেমু, হালধি, ইণ্টাৰমিটেণ্ট ফাষ্টিং আদিৰ জৰিয়তে তেওঁ পত্নীৰ কেঞ্চাৰ ৰোগ নাশ হোৱা বুলি কোৱা কথাটো সম্পূৰ্ণ সত্য নহয়। এই দাবী বিভ্ৰান্তিকৰ। সিদ্ধুৱে কেঞ্চাৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এইসমুহ ঘৰুৱা উপাদানৰ অৱদানৰ কথাটোহে কৈছিল। এইসমুহ উপাদানেই কেঞ্চাৰ ৰোগ নিৰাময় কৰে বুলি কোৱা নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:নেমু,নিম,হালধি আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙেৰে নৱজ্যোত সিং সিদ্ধুৰ পত্নীৰ কেঞ্চাৰ ৰোগ সম্পূৰ্ণ নিৰাময় হৈছিল নেকি?
Fact Check By: Pranjal SharmaResult: Misleading
