

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । পুটিনৰ নিজৰ কন্যাই এই ভেকচিন গ্ৰহণ কৰিছে বুলিও পুটিনে জানিবলৈ দিছে ।
এনে সময়তে ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইটো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যাই ভেকচিন গ্ৰহণ কৰি থকা সময়ৰ ভিডিঅ’ হয় । অসমতো উক্ত ভিডিঅ’টো প্ৰাগ নিউজ নামৰ এটা ফেচবুক পে’জৰ পৰা এক ভিডিঅ’ বাতৰিৰ অংশ হিচাবে আপলোড কৰা হৈছে (ভিডিঅ’টোৰ ১:৪০ মিনিটত) য’ত দাবী কৰা হৈছে যে ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা হয় । উক্ত ফেচবুক পোষ্টটো ১৩ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু প্ৰায় ১০ হেজাৰ বাৰ দৰ্শন কৰা হৈছে ।
সঁচাকৈ এইটো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যাই ভেকচিন গ্ৰহণ কৰি থকা সময়ৰ ভিডিঅ’ হয় নেকি? সঁচাকৈ ভিডিঅ’টোত সেইয়া পুটিনৰ কন্যা নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
আমি প্ৰথমে বিশেষ ছফ্টৱেৰৰ সহায়ত ভাইৰেল ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি ভিডিঅ’টো ৰাছিয়াৰ ‘আৰ টি’ নামৰ এক টিভি চেনেলৰ ৱেবছাইটত ২০ জুলাই, ২০২০ তাৰিখে প্ৰকাশিত এক ৰিপৰ্টত সন্নিৱিষ্ট থকা দেখিলোঁ । উক্ত ৰিপৰ্টটোত উল্লেখ আছে যে ক’ৰনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত ভাগ লোৱা কিছু স্বেচ্ছাসেৱকক মস্কোত থকা এখন মিলিটেৰী হস্পিটেলৰ পৰা অব্যাহতি দিয়া হৈছে । ৰিপৰ্টটোত লগতে উল্লেখ আছে যে এই স্বেচ্ছাসেৱক সকল মিলিটেৰী আৰু সাধাৰণ নাগৰিকৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল । উক্ত ৰিপৰ্টটোত ক’তো উল্লেখ নাই যে ভিডিঅ’টোত দেখা পোৱা স্বেচ্ছাসেৱক ছোৱালী গৰাকী পুটিনৰ কন্যা হয় ।

ইয়াৰ পাছত আমি ৰাছিয়ান চাৰ্ছ ইঞ্জিন Yandexত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু ইউটিউবত উক্ত স্বেচ্ছাসেৱক গৰাকীক তেওঁৰ অভিজ্ঞতাৰ সম্পৰ্কে বৰ্ণনা দি থকা দেখিলোঁ । উক্ত ভিডিঅ’টো জুন ২৬, ২০২০ তাৰিখে আপলোড কৰা হৈছিল । ভিডিঅ’টোৰ কেপছনত উক্ত স্বেচ্ছাসেৱক গৰাকীৰ নাম নাতালিয়া বুলিও উল্লেখ আছে । আমি নিশ্চিত হ’লো যে উক্ত ছোৱালীজনী ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয় ।

ফলাফল
ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয় বৰঞ্চ নাতালিয়া নামৰ এক স্বেচ্ছাসেৱক হয় । গতিকে উক্ত ভিডিঅ’টো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যাই ভেকচিন গ্ৰহণ কৰি থকা সময়ৰ নহয় । উক্ত ফেচবুক পোষ্টটো আংশিকভাৱে ভুৱা হয় ।

Title:এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!
Fact Check By: Manjori BorkotokyResult: Partly False