
শেহতীয়াকৈ যোৱা ২৬ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক পেজ এটাত এখন ফটো আপলোড কৰি তাত লিখা হৈছে – ৰাম মন্দিৰ নিৰ্মাণৰ আৰঁৰ মূল কাৰিকৰজন। যাৰ নাম হৈছে ইমামুদ্দিন আন্সাৰী। ফটোখনত আমি দুজন ব্যক্তি দেখা পাওঁ। ক’লা চোলা আৰু টুপি পৰিধান কৰি থকা এজন লোকে হাতত মাইক্ৰ’ফোন এটা লৈ আন এজন লোকৰ সৈতে কথা পাতি আছে। পোষ্টটোৰ জৰিয়তে এইদৰে মাইক্ৰ’ফোনৰ আগত কথা কৈ থকা লোকজনক ৰাম মন্দিৰ নিৰ্মাণৰ আঁৰৰ মূল কাৰিকৰজন বুলি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ২ অক্টোবৰ,২০২৫ত ইনষ্টাগ্ৰামত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। তাত আমি দেখিলোঁ যে আমি সত্যতা নিৰূপণ কৰি থকা ফটোখনত থকা লোক দুজন আছে। এজনে আনজনৰ সাক্ষাত্কাৰ লৈছে। ক’লা চোলা আৰু টুপি পিন্ধা লোকৰজনৰ প্ৰশ্নৰ উত্তৰত আনজনে কৈছে যে তেওঁৰ নাম ইমাম আনছাৰী হয় আৰু তেওঁ সেই ৰাম মন্দিৰৰ আকাৰটো নিৰ্মাণ কৰি উলিয়াইছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি হিন্দীত লিখা কথাখিনিত ‘পণ্ডাল’ শব্দটো পালোঁ। যিকোনো মণ্ডপকে হিন্দীত পণ্ডাল বুলি কোৱা হয়।

ইয়াৰ পাছত আমি ১ অক্টোবৰ ২০২৫ত আপলোড হোৱা আন এটা ইনষ্টাগ্ৰাম ভিডিঅ’ত একেই দুজন লোকৰ সাক্ষাতকাৰৰ আন এটা অংশ পালোঁ। তাত আমি মন কৰিলোঁ যে কেপছনত হিন্দীত লিখা হৈছে-मुस्लिम ने बनाया राम मंदिर पंडाल! তদুপৰি হেশ্বটোগ আৰু টেক্সট ওভাৰলে’ত পাটনা শব্দটো লিখা হৈছে।

অনুসন্ধান কৰি আমি যোৱা ৩০ চেপ্তেম্বৰ,২০২৫ত ইনষ্টাগ্ৰামত আপলোড হোৱা আন এটা সাক্ষাতকাৰমূলক ভিডিঅ’ লাভ কৰিলোঁ। এই ভিডিঅ’টোত আমি দেখিলোঁ যে ইমাম আনছাৰী নামৰ সেই ব্যক্তিগৰাকীৰ সাক্ষাত গ্ৰহণ কৰিছে এগৰাকী মহিলা সাংবাদিকে। তাত কোৱা হৈছে যে দুৰ্গা পূজাৰ সেই পণ্ডাল অৰ্থাত মণ্ডপটোৰ মূল কাৰিকৰজন হৈছে তেওঁ। তাত উল্লেখ কৰা হৈছে যে সেয়া বিহাৰৰ পাটনাত থকা এটৱাৰপূৰৰ পূজা মণ্ডপটো যোৱা ৮ বছৰ ধৰি বিভিন্ন ধৰণে তেওঁ নিৰ্মাণ কৰি আহিছে। এইবাৰ তেওঁ ৰাম মন্দিৰৰ আধাৰত নিৰ্মাণ কৰি উলিয়াইছে।

আমি ফেচবুকতো ইমাম আনছাৰীৰ সেই সাক্ষাতকাৰটো পালোঁ, য’ত তেওঁ এটৱাৰপুৰৰ ৰাম মন্দিৰৰ আধাৰত নিৰ্মাণ কৰা দুৰ্গা পূজা মণ্ডপটোৰ কথা কৈছে। সেই ভিডিঅ’টো ইয়াত চাব পাৰিব।
এইখিনি তথ্যৰ ভিত্তিত আমি এই সম্পৰ্কে বাতৰি প্ৰকাশ হৈছেনে নাই,তাৰেই সন্ধান কৰিলোঁ। তেতিয়া হিন্দী ভাষাৰ সংবাদ প্ৰতিষ্ঠান প্ৰভাত খবৰত প্ৰকাশিত এটা বাতৰি পালোঁ। তাত উল্লেখ কৰা হৈছে যে এইবেলি পাটনাৰ এটৱাৰপুৰত অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰত পূজা মণ্ডপ নিৰ্মাণ কৰাৰ লগাতে সমীপৰ অন্য প্ৰান্ততো ভব্য ৰূপত বিভিন্ন মণ্ডপ নিৰ্মাণ কৰা হৈছে। এটৱাৰপুৰৰ ৰাম মন্দিৰ আধাৰিত মণ্ডপ ইছলাম ধৰ্মী কাৰিকৰে নিৰ্মাণ কৰা বুলি আমি জানিব পাৰিলোঁ।

আমি জি নিউজৰ বাতৰিও লাভ কৰিলোঁ। তাতো শেহতীয়া দুৰ্গা পূজাত বিহাৰৰ পাটনাস্থিত এটৱাৰপুৰৰ পূজা মণ্ডপটো অন্য বছৰৰ দৰে মুছলমান কাৰিকৰে নিৰ্মাণ কৰি উলিওৱা বুলি উল্লেখ কৰা হৈছে। তদুপৰি এইবেলি অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰত মণ্ডপটো নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে।

সদৌ শেষত আমি ৰাম মন্দিৰ, যিটো আচলতে অযোধ্যাত নিৰ্মাণ কৰা হৈছে; সেই ৰাম মন্দিৰৰ মূল কাৰিকৰৰ বিষয়ে জানিবলৈ বিচৰাত আমাৰ হাতলৈ অহা তথ্য অনুসৰি অযোধ্যাৰ ৰাম মন্দিৰৰ মূল কাৰিকৰ আছিল চন্দ্ৰকান্ত চোম্পুৰা। তেওঁৰ দুই পুত্ৰ নিখিল আৰু আশীস চোম্পুৰাও এই কামত তেওঁ সহযোগী আছিল। তদুপৰি অন্য ভাস্কৰ্য শিল্পীসকল আছিল ক্ৰমে অৰুণ যোগীৰাজ(যিয়ে ৰামৰ প্ৰতিমাটো নিৰ্মাণ কৰিছিল), ইকবাল মিষ্ট্ৰী, ই.সুভাষ কুমাৰ আৰু তেওঁৰ দল আৰু অন্নুভাই চোম্পুৰা।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে ৰাম মন্দিৰৰ মূল কাৰিকৰজনৰ নাম ইমামুদ্দিন আনছাৰী নহয়। তদুপৰি অসমীয়া পোষ্টটোত আপলোড কৰি ফটোখনত থকা ব্যক্তিজনৰ নাম যদিও ইমাম আনছাৰী হয়, তেওঁ প্ৰকৃততে এইবেলি বিহাৰৰ পাটনাস্থিত এটৱাৰপুৰৰ দুৰ্গা পূজা মণ্ডপটোৰ মূল নিৰ্মাণকৰ্তাজনহে। দাবীটো বিভ্ৰান্তিকৰ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। ৰাম মন্দিৰৰ মূল কাৰিকৰজনৰ নাম ইমামুদ্দিন আনছাৰী নহয়। তদুপৰি অসমীয়া পোষ্টটোত আপলোড কৰি ফটোখনত থকা ব্যক্তিজনৰ নাম যদিও ইমাম আনছাৰী হয়, তেওঁ প্ৰকৃততে এইবেলি বিহাৰৰ পাটনাস্থিত এটৱাৰপুৰৰ দুৰ্গা পূজা মণ্ডপটোৰ মূল নিৰ্মাণকৰ্তাজনহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এইজন ৰাম মন্দিৰ নিৰ্মাণৰ মূল কাৰিকৰ নহয়। এওঁ কোন জানো আহক।
Fact Check By: Pranjal SharmaResult: Misleading


