এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?

False Social

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ দুটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্ট দুটা আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীনশ্বট। এটা পোষ্ট আছিল এনেধৰণৰ –”কি ভাবিছা গোটেই বছৰ মবাইল টিপি 1st div পাবা HSLC পাছ কৰাই দিয়া হৈছিল বুলি তোমালোক এইবাৰো ভাবিচা পাছ কৰিবা”

Archived Link

আনটো পোষ্টত লিখা আছিল এইদৰে -“সকলো ছাত্ৰ-ছাত্ৰী কে ৩০ নাম্বৰ ৰ হৈতে ইংৰাজী শাখাত পাছ কৰাই দিয়া হ’ব গতিকে কোনেও কান্দি থাকিব নালাগে “

Archived Link

এইবাৰ আমি ফেচবুকত কেইটামান একেধৰণৰ স্ক্ৰীনশ্বট পালোঁ। 

Facebook Link | Archived Link

Facebook Link | Archived Link

এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত এই টুইটকেইটা বিচাৰিবলৈ চেষ্টা কৰিলোঁ। আমালৈ অহা স্ক্ৰীনশ্বটকেইটাত টুইটৰ তাৰিখ আছিল ২০ ফেব্ৰুৱাৰী, ২০২৩। গতিকে আমি ২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত ড° হিমন্ত বিশ্ব শৰ্মাই কৰা টুইটসমূহ চালোঁ কিন্তু আমালৈ অহা স্ক্ৰীনশ্বটকেইটাত থকা টুইট দুটা দেখা নাপালোঁ।

Twitter LinkArchived Link

আমি পুনৰ আমালৈ অহা স্ক্ৰীনশ্বটকেইটা ভালদৰে লক্ষ্য কৰিলোঁ আৰু টুইটটোৰ একেবাৰে তলত সোঁফালে “follow @l0s7.v1v2” বুলি লিখা থকা দেখিলোঁ, যিটো সাধাৰণতে প্ৰকৃত টুইটসমূহত নাথাকে। 

“follow @l0s7.v1v2” লিখা থকা ঠাইত প্ৰকৃত টুইটসমূহত ভিউজৰ সংখ্যাহে থাকে।

ম’বাইল ফোনত চালে টুইটসমূহ এনেধৰণৰ দেখা যায়, “follow @l0s7.v1v2” লিখা থকা ঠাইখিনি খালী থাকে।

আমি আৰু নিশ্চিত হ’বলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (যোগাযোগ,জনসংযোগ আৰু প্ৰ’ট’কল) নৱজিত পাটগিৰিয়ে এই স্ক্ৰীনশ্বটকেইটা ভুৱা বুলি আমাক জনায়। তেওঁ কয়-

“আপোনাৰ চিন্তা আৰু ইয়াক পৰীক্ষা কৰিবলৈ আমাৰ ওচৰ চপা বাবে ধন্যবাদ। এই সকলোবোৰ ভুৱা টুইট যিবোৰে বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত প্ৰচাৰ হৈ যোৱা কিছুবছৰৰ পৰা অশান্তিৰ সৃষ্টি কৰিছে। যিহেতু এয়া মুখ্যমন্ত্ৰীৰ অফিচিয়েল আৰু ভেৰিফাইড হেণ্ডলৰ পৰা পোষ্ট কৰা হোৱা নাই, আপুনি এনেধৰণৰ কাৰ্যক আওকাণ কৰিব পাৰে“।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে আমালৈ অহা স্ক্ৰীনশ্বটকেইটা প্ৰকৃত টুইটৰ স্ক্ৰীনশ্বট নহয় বৰং এয়া এক ভুৱা, কৃত্ৰিমভাৱে বনোৱা স্ক্ৰীনশ্বটহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *