
শেহতীয়াভাবে অসমত এখন ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱাৱস্থাৰ ফটোখনত মোদীৰ সৈতে আন এগৰাকী ব্যক্তিক দেখা গৈছে। ফটোখনেৰে দাবী কৰা হৈছে যে সেই বিশেষ ব্যক্তিগৰাকী হৈছে জন লোকপাল আন্দোলনৰ মূল হোতা আন্না হাজাৰে। এটা ফেচবুক পেজে ফটোখন আপলোড কৰি সেই দাবী উত্থাপন কৰিছে। লিখিছে- ২০১৩/১৪ চনত জন লোকপালৰ নামত মোদী ঢৌ অনা আৰ এছ এছ নেতা আন্না হাজাৰে।যাক বহু দেৰিকৈ চিনি পালে ভাৰতীয়ই।
কিন্তু এই দাবী সত্য হয়নে? মোদীৰ সৈতে থকা লোকজন সঁচাকৈ আন্না হাজাৰে নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ। তেতিয়া ২০১৪ চনৰ ১৯ মে’ তাৰিখে প্ৰকাশ কৰা দেশৰ প্ৰসিদ্ধ আৰু নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থান INDIA TODAYত সাংবাদিক সন্দিপ উন্নিথনে প্ৰকাশ কৰা এটা প্ৰৱন্ধ পালোঁ। যিটোত সেই ভাইৰেল ফটোখন সংলগ্ন হৈ আছিল। ২০২২ৰ ৩০ মে’ত পুনৰ তথ্য সংলগ্ন কৰা প্ৰৱন্ধটোত সাংবাদিক উন্নিথনে নৰেন্দ্ৰ মোদীৰ উত্থানৰ নেপথ্যৰ ব্যক্তিগৰাকীৰ কথা সবিস্তাৰে লিখিছে। সেই ব্যক্তিগৰাকী হৈছে লক্ষ্মনৰাও ইনামদাৰ ওৰফে ৱকিল চাহাব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হৈ থাকোতে লক্ষ্মণৰাও ইনামদাৰেই নৰেন্দ্ৰ মোদীৰ গুৰু আছিল। তেখেতৰ ছত্ৰছায়াতেই মোদীয়ে সংঘৰ কামকাজ কৰিছিল। প্ৰৱন্ধটোত সেই ফটোখনৰ কেপছনত ইংৰাজী ভাষাত লিখা আছে যে লক্ষ্মণৰাও ইনামদাৰৰ দেহান্তৰ কিছুদিন পূৰ্বে সেই ফটোখন লোৱা হৈছিল।
আমি সাংবাদিক সন্দিপ উন্নিথনে সেই সম্পৰ্কত ২০১৪ৰ ৯ মে’ত কৰা টুইট এটাও পালোঁ।
আমি নৰেন্দ্ৰ মোদীৰ দিক্ষাগুৰু লক্ষ্মণৰাও ইনামদাৰ সন্দৰ্ভত ইণ্ডিয়া টুডেৰ ইউটিউৱ চেনেলতো এক বিশেষ প্ৰতিবেদন লাভ কৰিলোঁ।
অনুসন্ধান আগবঢ়াই নি আমি THE ECONOMIC TIMESএ ২০১৭ চনৰ ২২ চেপ্তেম্বৰত প্ৰকাশ কৰা এক প্ৰতিবেদন পালোঁ। Lakshmanrao Inamdar: The man who made Narendra Modi what he is today শীৰ্ষক লেখাটোত নৰেন্দ্ৰ মোদীৰ জীৱন আৰু ব্যক্তিত্ব নিৰ্মাণৰ আঁৰৰ ব্যক্তিগৰাকী হিচাপে মোদীয়ে পিতৃতূল্য শ্ৰদ্ধা কৰা লক্ষ্মণৰাও ইনামদাৰৰ কথা সবিস্তাৰে লিখা হৈছে। সেই লেখাটোতো ভাইৰেল হোৱা ফটোখন সংলগ্ন হৈ আছে।
তদুপৰি আমাৰ অনুসন্ধানত BBC NEWS HINDIৰ ৱেবছাইটত ২০১৪ চনৰ ১৬ মে’ত প্ৰকাশিত गुमनाम गुरु जिसने नरेंद्र मोदी को गढ़ा শীৰ্ষক লেখাটো পালোঁ। সেই লেখাটোতো একেখন ফটো সংলগ্ন কৰি মোদীৰ গুৰু লক্ষ্মনৰাও ইনামদাৰ ওৰফে ৱকিল চাহাবৰ কথা সবিস্তাৰে লিখা হৈছে।
আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱেবছাইটতো তেখেতৰ গুৰু লক্ষ্মণৰাও ইনামদাৰৰ কথা উল্লেখ কৰা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ গুৰু লক্ষ্মণৰাও ইনামদাৰৰ কথা একাধিকবাৰ নিজৰ এক্স হেণ্ডলৰ টুইটত উল্লেখ কৰিছে। সেই টুইটবোৰ আপোনালোকে ইয়াত ,ইয়াত আৰু ইয়াত চাব পাৰিব।
নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া টুডেৰ সাংবাদিকৰে হোৱা কথা-বতৰাতো তেখেতৰ গুৰু লক্ষ্মণৰাও ইনামদাৰক নিজৰ একেবাৰে নিকট এগৰাকী ব্যক্তি হিচাপে উল্লেখ কৰিছিল। সেই লেখা ইয়াত পঢ়িব পাৰিব।
লক্ষ্মণৰাও ইনামদাৰ ওৰফে ৱকিল চাহাবৰ নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা আত্মজীৱনীখনো এমাজনত উপলব্ধ।
এই সমষ্ট তথ্যৰ পৰা আমি এটা সত্যত উপনিত হৈছোঁ যে যিখন ফটোৰে অসমৰ ফেচবুক পেজটোৱে নৰেন্দ্ৰ মোদীৰ কাষত থকা লোকজনক আন্না হাজাৰে বুলি দাবী কৰিছিল, সেই ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ জীৱনৰ দীক্ষাগুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তদানিন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰহে। দাবীটো মিছা বুলি প্ৰতিপন্ন হয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ জীৱনৰ দীক্ষাগুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তদানীন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰ হে। আন্না হাজাৰে নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ দীক্ষাগুৰু RSSৰ তদানীন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰ হে। আন্না হাজাৰে নহয়।
Fact Check By: Pranjal SharmaResult: False
