বিশ্ব ইজতেমাৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলোৱাৰ দৃশ্য বুলি ভাইৰেল।

False Political

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বহুতো মুছলমান লোক হাতত টোপোলা লৈ ৰাস্তাৰে গৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে এইদৰে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলাইছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি youtuberdip নামৰ এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ ২০২৬ চনৰ ৫ জানুৱাৰীত আপলোড হোৱা দেখিলোঁ।

এই ভিডিঅ’টোতে যোৱা ৫ মে’ত ইনষ্টাগ্ৰাম হেণ্ডলটোৰ গৰাকী দীপ ঘোষে এক স্পষ্টীকৰণ দি লিখিছিল যে এই ভিডিঅ’টো ২০২৬ চনৰ জানুৱাৰী মাহৰ বিশ্ব ইজতেমাৰ সময়ৰহে। এই দৃশ্যৰ কোনো ৰাজনৈতিক দিশ নাই।

https://www.instagram.com/reel/DTIhV9tEoWj

Archived Link.

তদুপৰি ভিডিঅ’টোত দীপ ঘোষে কোৱা শুনা যায় যে এই দৃশ্য পশ্চিমবংগৰ হুগলীৰ।

আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু ২০২৬ চনৰ ২ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত বিশ্ব ইজতেমা সম্পৰ্কে বিভিন্ন প্ৰতিবেদন পালোঁ। 

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলোৱাৰ দৃশ্য নহয় এয়া। এই ভিডিঅ’টোত ২০২৬ চনৰ জানুৱাৰী মাহত পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত বিশ্ব ইজতেমাত অংশগ্ৰহণ কৰা লোকসকলক দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: বিশ্ব ইজতেমাৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত বিজেপিৰ জয়ৰ পাছতে বাংলাদেশী লোকে টালি-টোপোলা বান্ধি পলোৱাৰ দৃশ্য বুলি ভাইৰেল।

Written By: Debanjana Baishya

Result: False