FACT CHECK: সম্পৰ্কহীন ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনৰ ফটো দিল্লীত অনুষ্ঠিত হোৱা বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাসমূহৰ বৈঠক বুলি ভাইৰেল
শেহতীয়াকৈ এখন বৈঠকৰ ফটো ছ'চিয়েল মিডিয়াত কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰা হৈছে য'ত দাবী কৰা হৈছে যে ভাৰতৰ ৰ', ইজৰাইলৰ মোচাদ, আমেৰিকাৰ চিআইএ, ৰাছিয়াৰ কেজিবি আৰু ইংলেণ্ডৰ এমআই6 কে ধৰি ৫ খন দেশৰ চোৰাংচোৱা সংস্থাই শেহতীয়াকৈ দিল্লীত মিলিত হৈছে।
ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যাৰ ফলত বহুতো ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বাস কৰিছিল যে নতুন দিল্লীত এখন বৈঠক হৈছিল য'ত বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাবোৰ জড়িত আছিল।
ফেক্ট ক্ৰেচেণ্ডোৱে উক্ত তথ্যটো প্ৰমাণিত কৰাৰ অনুৰোধৰ সৈতে ইয়াৰ 24×7 ফেক্টলাইন নম্বৰ ৯০৪ ৯০৫ ৩৭৭০ত এই একেখন ছবি প্ৰাপ্ত কৰিছিল। Archived Link
অৱশ্যে, এই ভাইৰেল ছবিখনৰ কোনো চোৰাংচোৱা বৈঠকৰ সৈতে সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে। আমি জানিব পাৰিলোঁ যে এই ছবিখন আফগানিস্তানক লৈ ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত এক দ্বিপাক্ষিক আলোচনাৰ হয় ।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমতে, আমি ভাইৰেল ফটোখনৰ এক গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো আৰু ডিডি ইণ্ডিয়াৰ ৮ ছেপ্টেম্বৰ, ২০২১ৰ এটা টুইটাৰ পোষ্ট পাইছিলো য'ত এই একেই ছবিখন আছিল আৰু শিৰোনাম দিয়া আছিল "নতুন দিল্লীত ভাৰত আৰু ৰাছিয়াৰ মাজত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ (এনএছএ) এক প্ৰতিনিধি পৰ্যায়ৰ আলোচনা চলি আছে।"
A delegation-level talk of National Security Advisors (NSA) between India & Russia underway in New Delhi. pic.twitter.com/X7bk4khawf
— DD India (@DDIndialive) September 8, 2021
আমি হিন্দুস্তান টাইমছৰ একে তাৰিখতে প্ৰকাশিত এক বাতৰি প্ৰতিবেদনত এই ছবিখন পাইছিলো য'ত কোৱা হৈছে: "ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত ডোভাল আৰু তেওঁৰ ৰাছিয়াৰ সমকক্ষ নিকোলাই পাত্ৰুছেভে বুধবাৰে নতুন দিল্লীত তালিবানৰ দ্বাৰা অধিগ্ৰহণৰ পাছত আফগানিস্তানৰ বিদ্যমান পৰিস্থিতি আৰু ভাৰত, ৰাছিয়া আৰু মধ্য এছিয়া অঞ্চলৰ বাবে ইয়াৰ নিৰাপত্তাৰ প্ৰভাৱৰ ওপৰত বিস্তৃত আলোচনা কৰিছিল।" হিন্দুস্তান টাইমছ লিংক
আমি এই বিষয়ে দৈনিক এক্সেলছিয়ৰত ৮ ছেপ্টেম্বৰ, ২০২১ তাৰিখে প্ৰকাশিত আন এটা বাতৰি প্ৰতিবেদনও পাইছিলো য'ত স্পষ্ট হৈ পৰে যে উক্ত ফটোখন আচলতে ভাৰত আৰু ৰাছিয়া মাজত শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক বৈঠকৰ হয় ।
অৱশ্যে শেহতীয়াকৈ দিল্লীত মুখ্য ঘৰুৱা চোৰাংচোৱা সংস্থাসমূহৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকখনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ এনআইএৰ মুৰব্বীৰ লগতে চিবিআই আৰু ৰ'ৰ বিষয়াসকল আছিল। NDTV Report
ফলাফল
অনুসন্ধানৰ পৰা এইটো স্পষ্ট যে ফটোখন ভাৰত আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ বৈঠকৰ হয়, ভাইৰেল বাৰ্তাত দাবী কৰাৰ দৰে ভাৰতৰ ৰ'ৰ বিষয়াসকলৰ সৈতে বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলৰ নহয়। শেহতীয়াকৈ নতুন দিল্লীতো এনে ধৰণৰ কোনো বৈঠক অনুষ্ঠিত হোৱাৰ কোনো বাতৰি নাই।
Title:সম্পৰ্কহীন ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনৰ ফটো দিল্লীত অনুষ্ঠিত হোৱা বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাসমূহৰ বৈঠক বুলি ভাইৰেল
Fact Check By: Manjori BorkotokyResult: False