হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে। এই পটভূমিত […]

Continue Reading

কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।  

শেহতীয়াভাৱে কানাডাত এগৰাকী শিখ নেতাক হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। পৃথক খালিস্তানৰ দাবীয়ে বিশ্বৰ আন প্ৰান্তৰ কিছুমান দেশত ভাৰত বিৰোধী এক বাতাবৰণৰ সৃষ্টি কৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিটত ফেচবুক, এক্স(পূৰ্বৰ টুইটাৰ) আদি সামাজিক মাধ্যমত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে, য’ত এগৰাকী ব্যক্তিয়ে কানাডাত আৰএছএছ নিষিদ্ধ […]

Continue Reading

পৰ্টুগালৰ বিশ্ব যুৱ দিৱসৰ দৃশ্যকে মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে।  ভিন্ন প্ৰান্তৰ ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন ভুল তথ্য বিয়পাই থকা দেখা গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ফেচবুক লিংক পঠিয়াই তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল।  Archived Link লিংকটো খুলি চাই আমি দেখিলোঁ যে বহু মানুহ […]

Continue Reading

 মৰক্কোৰ ভূমিকম্পৰ বুলি তুৰস্কৰ অট্টালিকাৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। অসমতো যোৱা দুটা দিনত এটা ভিডিঅ’ মানুহৰ হোৱাটছএপত বিয়পি কৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে মৰক্কোৰ ভূমিকম্পৰ ফলত এটা অট্টালিকা খহি পৰিছে। সেই ভিডিঅ’টো আমাৰ দৃষ্টিগোচৰ হৈছে।  Archived Link তদুপৰি আমি সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰত)তো প্ৰচাৰিত […]

Continue Reading

স্পেইনৰ পুৰণি ভিডিঅ’কে লিবিয়াৰ বান আৰু ধুমুহাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।  

লিবিয়াত ভূমধ্যসাগৰীয় বিশাল ধুমুহাত বান্ধ ফাটি যোৱা, অট্টালিকা বুৰাই পেলোৱা আৰু পূব উপকূলীয় চহৰ ডেৰ্নাৰ এক চতুৰ্থাংশ পৰ্যন্ত ধ্বংস কৰি পেলোৱা বানপানীত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ হাজাৰ লোক নিৰুদ্দিষ্ট হৈছে। ডেনিয়েল নামৰ এই ধুমুহাত দুটা মথাউৰি ফাটি যোৱাৰ ফলত উপকূলীয় চহৰ ডেৰ্নাত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। এই পটভূমিতে বানপানীয়ে যান-বাহন উটুৱাই […]

Continue Reading

 মৰক্কোৰ ভূমিকম্পৰ পূৰ্বে আকাশত এনেকৈ বিজুলী ঢেৰেকনি অহা নাছিল।  

মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ পাছত চ’ছিয়েল মিডিয়াত বিভিন্ন বিভ্ৰান্তিকৰ তথ্য, ভুৱা খবৰ, বিসংগতিপূৰ্ণ দৃশ্য ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমি তেনেকুৱা বিভিন্ন ভুৱা খবৰৰ সত্যতাও নিৰূপণ কৰিছোঁ। ১৪চেপ্তেম্বৰ ২০২৩ ৰাতিপুৱাৰ ভাগত আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।  মৰক্কোৰ সেই বৰভূইকঁপৰ পূৰ্বে মৰক্কোৰ আকাশত ভয়ংকৰ […]

Continue Reading

মৰক্কোৰ ভূমিকম্প বিধ্বস্ত মছজিদত আজান দিয়া বুলি প্ৰচাৰিত দৃশ্যটো ২০১৭ চনৰে পুৰণি দৃশ্য। 

মৰক্কোৰ হাই এটলাছ পৰ্বতত বিগত ৮ ছেপ্টেম্বৰত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ পাছত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading

 ২০২০চনৰে পুৰণি ভিডিঅ’ শেহতীয়া মৰক্কো ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত মৰক্কোৰ হাই এটলাছ পৰ্বতত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ ফলত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading

জৱানৰ ট্ৰেইলৰ দেখি এইদৰে উল্লাসত ফাটি পৰিছিল নে অনুৰাগীসকল?

শ্বাহৰুখ খানে ব্লকবাষ্টাৰ চিনেমা পাথান মুক্তি দিয়াৰ পাছত ২০২৩ চনৰ তেওঁৰ দ্বিতীয়খন চিনেমা জৱানৰ সৈতে পুনৰ আহিছে দৰ্শকৰ মাজলৈ আৰু চিনেমাখন মুক্তিৰ আগে আগে দেখা দিয়া আকৰ্ষণ আৰু উত্তেজনাই স্পষ্ট কৰি দিছিল যে বক্স অফিচত এই চিনেমাখনে ডাঙৰ অভিলেখ গঢ়িব। শ্বাহৰুখ খানৰ শেহতীয়া চিনেমা জৱানৰ ট্ৰেইলাৰ এখন ডাঙৰ পৰ্দাত বাজি থকাৰ সময়তে এক বৃহৎ ৰাইজে […]

Continue Reading

ৰেইনল্ডছে তেওঁলোকৰ Reynolds 045 FINE CARBURE কলম বন্ধ কৰা নাই। এয়া উৰা বাতৰি। 

৭ চেপ্তেম্বৰ ২০২৩ বৃহস্পতিবাৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত এগৰাকী ব্যৱহাৰকাৰীয়ে যোগাযোগ কৰি এই তথ্যৰ সত্যতা জানিব বিচাৰলে যে Reynolds 045 FINE CARBURE কলম বন্ধটো এতিয়াৰ পৰা বন্ধ হৈ যাব নেকি।  Archived Link আমাৰ ফেক্টলাইন নম্বৰত সেই আবেদন লাভ কৰি আমি এই সম্পৰ্কে চ’ছিয়েল মিডিয়াত কোনো ধৰণৰ পোষ্ট বা দাবী আছে নেকি বিচাৰি চালোঁ। তেতিয়া আমি […]

Continue Reading