শেহতীয়াকৈ ফেচবুকত এটা খবৰ ভাইৰেল হৈছে য'ত কুকুৰাৰ কণীৰ ভিতৰত ৰান্ধনীয়ে মৃত সাপ পোৱা বুলি কোৱা হৈছে। ঘটনাটো পশ্চিমবঙ্গৰ জামুৰিয়াৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ বুলি কোৱা হৈছে। বাতৰিটোৰ লগত এখন ফটোও সংলগ্ন কৰা হৈছে।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া ২০২৪ চনৰ ৭ জুনত পশ্চিমবঙ্গৰ সংবাদ প্ৰতিষ্ঠান 'সংবাদ প্ৰতিদিন'ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি জামুৰিয়া বিধানসভা সমষ্টিৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ শ্বেখ মান্নানৰ পত্নীয়ে অমলেট কৰিবলৈ কণী ভাঙি দিয়াত তাৰপৰা সাপৰ পোৱালি এটা ওলোৱা বুলি দাবী কৰিছিল। প্ৰতিবেদনত

প্ৰশ্ন উত্থাপন কৰা হৈছে যে কুকুৰাৰ কণী বুলি সাপৰ কণী বিক্ৰী হৈছে নেকি? এনে কণী এটাই আছে নে সমগ্ৰ বজাৰ ভৰি পৰিছে?

Archived Link

এই একেটা বাতৰি আমি ইয়াত আৰু ইয়াতো পালোঁ।

গতিকে বাতৰিটো সত্য বুলি আমি ক'ব পাৰোঁ।

এইবাৰ আমি ভাইৰেল বাতৰিটোত সংলগ্ন ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

Travel Wanderlust নামৰ ৱেবছাইট এটাত ২০২০ চনৰ ১৮ আগষ্টত প্ৰকাশিত এক প্ৰবন্ধ আমি পালোঁ য'ত সংলগ্ন ফটোসমূহৰ মাজত ভাইৰেল ফটোখনো আছিল। প্ৰবন্ধটোৰ শিৰোনাম আছিল, "Bizzare and weird food from around the world"। প্ৰবন্ধটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ কিছু অদ্ভুত খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। প্ৰবন্ধ অনুসৰি ভাইৰেল ফটোখনত থকা বস্তুবিধ হৈছে 'বালুট' (Balut)। বালুট হৈছে নিষিক্ত (fertilized) হাঁহৰ কণী যাৰ ভিতৰত বিকশিত ভ্ৰূণৰ এটা অংশ থাকে। জীৱিত অৱস্থাতে সিজাই এই খাদ্য প্ৰস্তুত কৰা হয়। বালুট সমগ্ৰ এছিয়াৰ বিভিন্ন ঠাইত পোৱা যায় যদিও ফিলিপাইনছ আৰু ভিয়েটনামত ই আটাইতকৈ জনপ্ৰিয়।

Archived Link

বালুট সম্পৰ্কে CNN travel ৰ এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

Archived Link

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল

গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি জানিব পাৰিলোঁ যে ভাইৰেল বাতৰিটোত সংলগ্ন ফটোখনৰ পশ্চিমবঙ্গৰ জামুৰিয়াৰ ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। ফটোখনত কণীৰ ভিতৰত সাপ দেখুওৱা হোৱা নাই। এই ফটোখন দৰাচলতে ফিলিপাইনছ আৰু ভিয়েটনামত জনপ্ৰিয় এবিধ খাদ্য 'বালুট'ৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফিলিপাইনছ আৰু ভিয়েটনামত জনপ্ৰিয় খাদ্য 'বালুট'ৰ ফটো কণীৰ ভিতৰত ওলোৱা সাপৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya

Result: Partly False