বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।   

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ৬ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত তৃণমূল কংগ্ৰেছৰ এগৰাকী মহিলা কৰ্মীয়ে মিছাকৈ মুৰত বেণ্ডেজ লগাই বিজেপিৰ কৰ্মীয়ে আঘাত কৰা বুলি বিভ্ৰান্তি প্ৰচাৰ কৰা দৃশ্য। লিখিছে-  তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নাটক চাওক। বিজেপি কৰ্ম কৰ্তাই উদঙালে ভণ্ডামী। ৰাইজক বিপথে পৰিচালিত কৰিবলৈ ভুৱা বেণ্ডেজ মাৰি ৰাখিছিল মুৰত।  

 Facebook Link Archived Link

ইনষ্টাগ্ৰামতো আমি সেই একেই দাবী এটা পোষ্ট পাইছিলোঁ। তলত সেই পোষ্টটোৰ লিংক দিয়া হৈছে।

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কেইটামান কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইউটিউৱত MAURYA DHWAJ EXPRESS নামৰ ইউটিউৱ চেনেলটোত এটা দীঘলীয়া ভিডিঅ’ পালোঁ। তাত লিখা আছিল- पश्चिम बंगाल में फैलाए जा रहे इस भ्रामक वीडियो को मौर्य ध्वज एक्सप्रेस पुष्टि के साथ खंडन करता हैl সেই ভিডিঅ’টোত কোৱা হৈছে যে সেই দৃশ্যটো বিহাৰৰ মুজফৰাবাদৰ Shree Krishna Medical College and Hospital ত সেই দৃশ্য গ্ৰহণ কৰা হৈছিল। হাস্পতালখনৰ ট্ৰলীকৰ্মী আৰু ৰোগীৰ অভিভাৱকৰ মাজত হোৱা কাজিয়াৰ পাছৰ দৃশ্য সেয়া। 

मौर्य ध्वज एक्सप्रेस নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ফেচবুক পেজতো আমি সেই ভিডিঅ’ৰ পূৰ্ণ সংস্কৰণটো পালোঁ আৰু তাতো উল্লেখ কৰা হৈছে যে এইটো বিহাৰৰ মুজফৰাবাদৰ Shree Krishna Medical College and Hospital ত ট্ৰলীকৰ্মী আৰু ৰোগীৰ অভিভাৱকৰ মাজত হোৱা কাজিয়াৰ পাছৰ দৃশ্য। তাত কোৱা হৈছে যে সেই দৃশ্যটোকে শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনৰ সৈতে জৰিত কৰি প্ৰচাৰ কৰা হৈছে। এই দৃশ্যটোৰ পশ্চিমবংগৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰা হৈছে। 

সেই সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰিৰ ভিত্তিত আমি কী-ৱৰ্ড ছাৰ্চ কৰোতে জানিব পাৰিলোঁ যে সেই দৃশ্যটো সংগ্ৰহ কৰিছিল সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিক প্ৰেম শংকৰে (Journalist Prem)। বিহাৰৰ শ্ৰীকৃষ্ণ মেডিকেল কলেজত হোৱা ২০২৬ ৰ ২৮ এপ্ৰিলত হোৱা সেই ঘটনাৰ বাতৰি তেওঁ সংগ্ৰহ কৰিছিল। আমি তেওঁৰ ফেচবুক একাউণ্টত এই ভিডিঅ’টোৰ সম্পূৰ্ণ ৰূপটো পলোঁ।

ইয়াৰ পাছত আমি সেই ঘটনাটো সন্দৰ্ভত বিহাৰৰ সংবাদ প্ৰতিষ্ঠানত বাতৰি প্ৰকাশ হৈছে নেকি, তাৰেই সন্ধান কৰোতে একাধিক বাতৰি লাভ কৰিলোঁ। সেই বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব। 

আমি এই ভিডিঅ’টো সংগ্ৰহ কৰা সাংবাদিক প্ৰেম শংকৰৰ সৈতে সামাজিক মাধ্যমত(Journalist Prem)  যোগাযোগ কৰি ঘটনাৰ সবিশেষ জানিব বিচৰাত তেওঁ আমাক কয় যে এই দৃশ্যৰ বংগৰ সৈতে কোনো সম্পৰ্ক নাই। এয়া বিহাৰৰ মুজফৰাবাদত তেওঁ সংগ্ৰহ কৰা দৃশ্যহে।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো দৃশ্য পশ্চিম বংগত তৃণমূলৰ এগৰাকী মহিলা কৰ্মীয়ে মুৰত বেণ্ডেজ মাৰি মিছাকৈ বিজেপিয়ে আক্ৰমণ কৰা বুলি প্ৰচাৰ কৰাৰ দাবীয়ে ভাইৰেল কৰা ভিডিঅ’টো আচলতে বিহাৰৰ মুজফৰাবাদৰ ২৮ এপ্ৰিল ২০২৬ত হোৱা এখন কাজিয়াৰ দৃশ্য।   

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *