শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত কৰা হোৱা বুলি দাবী কৰি এটা ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'টো আমাৰ হোৱাটচ‌এপ নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জানিব বিচাৰিছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ আৰু ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি দেখিলোঁ যে এই ভিডিঅ'টো sanskritsparrow নামৰ এটা ভেৰিফাইড ইনষ্টাগ্ৰাম পেজে ২০২৪ চনৰ ৬ জুনত আপলোড কৰিছিল। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “The above content is a dubbed voice-over. This was not announced at any flight. This does not have anything to do with @akasaair management" (ওপৰৰ কণ্টেটটো এক ভ‌ইচ অ'ভাৰ। কোনো বিমানতে এই ঘোষণা কৰা হোৱা নাছিল। ইয়াৰ লগত @akasaair কৰ্তৃপক্ষৰ‌ কোনো সম্পৰ্ক নাই)।

কৰ্ণাটকৰ এগৰাকী সংস্কৃত পণ্ডিত সমষ্টি গুব্বিয়ে এই ইনষ্টাগ্ৰাম একাউণ্টটো চলাই আছে, এই একাউণ্টৰ জৰিয়তে তেওঁ সংস্কৃতত ভ্লগিং আৰু পডকাষ্টিং কৰি প্ৰাচীন ভাষাটোৰ প্ৰচাৰ কৰে।

Archived Link.

অধিক স্পষ্টীকৰণৰ বাবে আমি ইনষ্টাগ্ৰামত সমষ্টি গুব্বিৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ নিশ্চিত কৰি কয় যে, “ৰীলত থকা ভিডিঅ’টো মই আকাছা এয়াৰৰ বিমানত থকাৰ সময়ত এনেয়ে ৰেকৰ্ড কৰিছিলোঁ । তাৰ পিছত সংস্কৃতত ঘোষণাৰ ভইচ অ'ভাৰ কৰিলোঁ। এয়া মোৰ মাত। এইটো আকাছা এয়াৰ বা কোনো বিমান সেৱাৰ সৈতে জড়িত নহয়। এইটো আছিল এক স্বতন্ত্ৰ কণ্টেণ্ট(বিষয়বস্তু)”।

আমি পুনৰ সন্ধান কৰি আকাছা এয়াৰৰ অফিচিয়েল একাউণ্টৰ ১৩ জুন তাৰিখে এটা টুইট পালোঁ ৷ ভিডিঅ'টোৰ ঘোষণাটো প্ৰকৃত ঘোষণা বুলি দাবী কৰা এটা টুইটৰ উত্তৰত আকাছা এয়াৰে লিখিছে, ‘আমি স্পষ্ট কৰিব বিচাৰোঁ যে আমাৰ বিমান যাত্ৰাৰ ঘোষণা হিন্দী আৰু ইংৰাজী ভাষাত কৰা হয়। ভিডিঅ’টোত কৰা ঘোষণা অফিচিয়েল নহয় আৰু ডাব কৰি শ্বেয়াৰ কৰা ভিডিঅ’ যেন লাগে”।

Twitter Link | Archived Link.

আমি ইউটিউবত আন ব্যৱহাৰকাৰীয়ে আপলোড কৰা আকাছা এয়াৰৰ বিমানযাত্ৰাৰ ঘোষণাৰ আন ভিডিঅ' পালোঁ য'ত পৰিচাৰকসকলে ইংৰাজী আৰু হিন্দী ভাষা কয়। ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে সংস্কৃত ভাষা বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণাত ব্যৱহাৰ হোৱা নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো সম্পাদিত। আকাছা এয়াৰৰ বিমানত সংস্কৃত ভাষাত ঘোষণা কৰা হোৱা নাছিল। ভিডিঅ'টোত সংস্কৃত ভাষাত ভইচ অ'ভাৰহে কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত সঁচাকৈয়ে কৰা হৈছিল নেকি?

Fact Check By: Debanjana Baishya

Result: Altered