
শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত ৫ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ পাছত হাওৰা ব্ৰীজত সমৰ্থকসকলে জয় শ্ৰী ৰাম ধ্বনি দিয়া দৃশ্য। লিখিছে- পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পিছতে হাওৰা ব্ৰীজত গুঞ্জৰিছে জয় শ্ৰী ৰাম ধ্বনিৰে।

একেই দাবী কৰি সেই ভিডিঅ’টো আপলোড কৰা ফেচবুক পোষ্ট কিছুমান ইয়াত, ইয়াত,ইয়াত আৰু ইয়াত চাব পৰা যাব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কেইটামান কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন সামাজিক মাধ্যমত ২০২৬ৰ মাৰ্চত সেই ভিডিঅ’টো বিভিন্ন সামাজিক মাধ্যমত আপলোড হৈ থকা দেখিলোঁ। তেতিয়াই আমি নিশ্চিত হৈ পৰিলোঁ যে সেই ভিডিঅ’টো শেহতীয়া বংগ নিৰ্বাচনৰ সময়ৰ বা পাছৰ নহয়, সেয়া এক পুৰণি দৃশ্য।
যোৱা ৯ মাৰ্চ ২০২৬ত এই ভিডিঅ’টো indialive24.7 ৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা হৈছিল। তাত উল্লেখ কৰা হৈছে যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এই ভিডিঅ’ত দেখা গৈছে যে কলকাতাৰ ঐতিহাসিক হাওৰা ব্ৰীজত থিয় হৈ এদল লোকে “জয় শ্ৰী ৰাম” ধ্বনি দিছে। অনলাইনযোগে বহুলভাৱে শ্বেয়াৰ কৰা এই ক্লিপটোত ঐতিহাসিক দলংখনেৰে পাৰ হৈ যোৱা যান-বাহন আৰু পথচাৰীৰ চলাচল অব্যাহত থকাৰ সময়তে ধৰ্মীয় শ্লোগান দিয়া গোটটোৱে স্থান বন্দী কৰিছে। এই মুহূৰ্তটোৱে ইণ্টাৰনেটত দৰ্শকৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। কোনোৱে সমৰ্থন প্ৰকাশ কৰাৰ বিপৰীতে আন কোনোৱে ইমান ব্যস্ত ৰাজহুৱা স্থানত শ্লোগান দিয়াৰ উপযুক্ততাৰ বিষয়ে আলোচনা কৰিছে। পূব ভাৰতৰ অন্যতম চিনাকি কাঠামো হাওৰা ব্ৰীজে কলকাতাক হাওৰাৰ সৈতে সংযোগ কৰে আৰু দৈনিক হাজাৰ হাজাৰ লোকৰ যাতায়তৰ সাক্ষী হৈ থাকে, যাৰ ফলত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’টোৱে দ্ৰুতগতিত চৰ্চা লাভ কৰে। (A video circulating on social media shows a group of people chanting “Jai Shri Ram” while standing on the iconic Howrah Bridge in Kolkata. The clip, which has been widely shared online, captures the group raising the religious slogan while vehicles and pedestrians continue to move across the historic bridge. The moment has drawn mixed reactions from viewers on the internet, with some expressing support while others discussing the appropriateness of raising slogans at such a busy public landmark. The Howrah Bridge, one of the most recognizable structures in eastern India, connects Kolkata with Howrah and witnesses thousands of commuters daily, making the video quickly gain attention across social media platforms.

একেই তাৰিখতে আন এটা ইনষ্টাগ্ৰাম হেণ্ডেলত এই ভিডিঅ’টো আপলোড কৰা হৈছে।
আনহাতে তাৰো কিছুদিন আগতে ৪ মাৰ্চ ২০২৬ত একেটা ভিডিঅ’ আপলোড কৰি তাত উল্লেখ কৰা হৈছে “ এইবাৰ হাওৰা দলংত অপৰিসীম আনন্দ আৰু উৎসাহেৰে হোলীৰ এক ভৱিষ্যৎ উদযাপন পালন কৰা হয়। চাৰিওফালে ৰং, গুলাল আৰু উত্তেজনাৰ মাজত “জয় শ্ৰী ৰাম!” ধ্বনিটোৱে অনুৰণন ঘটালে। ভক্তি আৰু আনন্দৰ পৰিৱেশৰ মাজত লোকে প্ৰত্যক্ষ কৰা হোলীৰ এক বিশাল দৃশ্য আছিল। ৰঙৰ এই শুভ উৎসৱত আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

একেই তাৰিখতে outlooktraveller ৰ ইনষ্টাগ্ৰাত এই অনুষ্ঠানটো সন্দৰ্ভত কেইবাখনো ফটো আপলোড কৰি তাত লিখিছে- “প্ৰতিটো হোলীতে ভাৰতবৰ্ষত ৰং বিয়পি পৰাৰ লগে লগে কলকাতা অন্য কোনো হোলীৰ ব্যতিক্ৰম এক দৃশ্যৰ সাক্ষী হয়। বুৰাবজাৰত এখন ভিনটেজ ৰ’লছ ৰয়েছ এখন পবিত্ৰ ৰথলৈ ৰূপান্তৰিত হয়। চহৰৰ মাজমজিয়াত ৰাধা আৰু কৃষ্ণৰ মূৰ্তি কঢ়িয়াই লৈ ফুৰে বাহনখনে। এশ বছৰতকৈও অধিক সময় ধৰি বাগলা পৰিয়ালৰ মালিকানাধীন ২০ শতিকাৰ আৰম্ভণিৰে এই বাহনখন এসময়ত ৰুডিয়াৰ্ড কিপলিঙৰ সৈতে জড়িত আছিল। হাওৰাত আৰম্ভ হোৱা এই শোভাযাত্ৰাটো ঐতিহাসিক হাওৰা দলং পাৰ হৈ বুৰাবজাৰৰ সোণাপট্টিত উপস্থিত হয়, য’ত ৰঙে আকাশ-বতাহ ভৰাই তোলে আৰু অলিগলিবোৰ ভক্তিমূলক গীতেৰে প্ৰতিধ্বনিত হয়। ৰ’লছ ৰয়েছ হোলী ঐতিহ্য, বিশ্বাস আৰু উৎসৱৰ এক বিৰল সংগম, য’ত এখন ভিনটেজ গাড়ী আধ্যাত্মিক শ্ৰদ্ধাঞ্জলিৰ এক চলন্ত প্ৰতীক হৈ পৰে।
ৰলছ ৰয়েছ হোলীৰ আঁত ধৰি সন্ধান কৰোতে আমি ইউটিউৱত ২ মাৰ্চ ২০২৬ত এই হোলী সম্পৰ্কত আপলোড কৰা এটা ভিডিঅ’ত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটো দেখিলোঁ। ২.৩৩ মিনিটৰ পৰা সেই দৃশ্য দেখা যায়।

১ মাৰ্চ ২০২৬ত ইউটিউৱত কলকাতাৰ ৰলছ ৰয়েছ হোলীৰ আন এটা ভিডিঅ’ত আমি হাওৰা ব্ৰীজৰ সেই দৃশ্য দেখিলোঁ। তাত লিখা আছে- Today in this holi 2026 video i will show you Kolkata rolls royce holi 2026. Rolls royce holi is famous in Kolkata. There are many famous holi celebration across india but howrah bridge holi is one of famous which is organized from satyanarayan jew mandir towards bara bazar. Hope you will enjoy the rolls royce holi 2026. ( আজি এই holi 2026 video ত মই আপোনালোকক দেখুৱাম কলকাতাৰ rolls royce holi 2026. Rolls royce holi কলকাতাত বিখ্যাত। সমগ্ৰ ভাৰতবৰ্ষত বহু বিখ্যাত হোলী উদযাপন হয় যদিও হাওৰা দলং হোলী বিখ্যাত যি সত্যনাৰায়ণ ইহুদী মন্দিৰৰ পৰা বৰা বজাৰৰ দিশে আয়োজন কৰা হয়। আশাকৰোঁ আপোনালোকে rolls royce holi 2026 উপভোগ কৰিব।)

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো দৃশ্য পশ্চিম বংগত বিজেপিয়ে বিধানসভা নিৰ্বাচন জয়ী হোৱাৰ পাছত হাওৰা ব্ৰীজত সমৰ্থকে জয় শ্ৰী ৰাম ধ্বনি দিয়া বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৬ৰ মাৰ্চত উদযাপিত ঐতিহাসিক ৰলছ ৰয়েছ হোলীৰ সময়ত হাওৰা ব্ৰীজত বহু লোকে উদযাপন কৰা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


