
পুনৰ বানত বুৰ গৈছে গুৱাহাটী মহানগৰী । বৰষুণ আহিলেই একাঠু পানীৰে ভৰি পৰে গুৱাহাটীৰ ৰাজপথ আৰু স্তব্ধ হৈ পৰে জনজীৱন। গুৱাহাটী মহানগৰীৰ ৰাজপথত কোনো কোনো সময়ত আনকি মাছৰ উজান উঠাও দেখা গৈছে এনে কৃত্ৰিম বানৰ সময়ত ।
এনে সময়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ফেচবুকত । দাবী কৰা হৈছে যে এইয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ ভিডিঅ’ হয় । উক্ত ভিডিঅ’টোত এক পকী পথৰ ওপৰেদি পানী বাগৰা দেখা গৈছে আৰু লগতে মাছৰ উজান দেখা গৈছে । এখন বিলাসী গাড়ীও বেগত কাষেৰে পাৰ হৈ যোৱা দেখা গৈছে ।
বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা উক্ত ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ বুলি দাবী কৰি পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । “গুৱাহাটী গাড়ীগাওৰ ,সাতমাইল,বাইপাচত ! দিপৰ বিলৰ মাছ ৰাস্তাত…
উৎস- ফেচবুক” বুলি কেপচন দি উক্ত ভিডিঅ’টো আপলোড কৰা দেখা গৈছে ।

আমি, ‘ফেক্ট ক্ৰেচেণ্ড অসমীয়া’ই, এই সম্পৰ্কে এক তদন্ত কৰাৰ সিদ্ধান্ত ললো । সঁচাকৈ উক্ত ভাইৰেল ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ হয় নেকি জানিবলৈ চেষ্টা কৰিলোঁ । তথ্যসমূহ পৰীক্ষা কৰি আমি জানিব পাৰিলো যে উক্ত দাবীটো মিছা, ভাইৰেল ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়, বৰঞ্চ চীনৰ ৰাজপথৰ এক ভিডিঅ’ হয়।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ইনভিড-উই ভেৰিফাই এপ্প ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিছিলো আৰু গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ কীফ্ৰেম ব্যৱহাৰ কৰিলোঁ। আমি উক্ত ভিডিঅ’টো টুইটাৰত আজিৰ পৰা তিনি দিনৰ আগত আপলোড হোৱা দেখা পালোঁ । এক চীনা টুইটাৰ হেণ্ডেলৰ পৰা উক্ত ভিডিঅ’টো আপলোড কৰা হৈছিল । আমি Google Translate ব্যৱহাৰ কৰি দেখিলোঁ যে টুইটাৰ পোষ্টটোৰ কেপছনত উক্ত ভিডিঅ’টো চীনৰ গুৱাংডং অঞ্চলৰ হয় য’ত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজপথৰ ওপৰেদি এনেকৈ পানী বাগৰিছে আৰু মাছৰ উজান উঠিছে বুলি লিখা আছে।
আমি গুগুল নিউজত কীৱৰ্ড চাৰ্চ কৰি চীনৰ গুৱাংডং অঞ্চলত শেহতীয়াকৈ প্ৰৱল বৃষ্টিপাত আৰু বানপানী হোৱা বুলি কেইবাটাও বাতৰি দেখা পালোঁ ।

ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়, বৰঞ্চ চীনৰ ৰাজপথৰ এক ভিডিঅ’ হয় । আজিৰ পৰা তিনি দিনৰ আগত এক চীনা টুইটাৰ হেণ্ডেলৰ পৰা উক্ত ভিডিঅ’টো আপলোড কৰা হৈছিল ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাজপথত মাছৰ উজান! এই ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False
