হজৰত মহম্মদক লৈ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি দাবী কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে । এনে এটা ভিডিঅ'ত দেখা গৈছে যে ৰাস্তাৰ কাষত থিয় হৈ মানুহে পাকিস্তানৰ পতাকা জোকাৰি থকাৰ সময়তে ৰাস্তাত এখন ভাৰতীয় ত্ৰিৰংগা পতাকাৰ ওপৰেৰে কেইবাখনো বাহন পাৰ হৈ গৈছে । কেপচনত কেৰেলাত এই প্ৰতিবাদ সংঘটিত হোৱা বুলি দাবী কৰা হৈছে।

হোৱাটছএপত শ্বেয়াৰ হৈ থকা ভিডিঅ’টো আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

Archived Link

টেলিভিছনৰ এক বিতৰ্কৰ সময়ত নুপুৰ শৰ্মাই হজৰত মহম্মদক লৈ এক বিতৰ্কিত বক্তব্য আগবঢ়াইছিল। তেওঁৰ এই বক্তব্যই কেৱল ভাৰততে নহয় ইছলামিক দেশসমূহতো ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে । চৌদি আৰব, কাটাৰ, ইৰাণ আৰু ইউ এ ইকে ধৰি বহু ইছলামিক দেশে নুপুৰ শৰ্মাৰ এই বক্তব্যক গৰিহণা দিয়ে। ইছলামিক দেশসমূহৰ এই বৃহৎ প্ৰতিবাদৰ পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে নুপুৰ শৰ্মাক নিলম্বন কৰি নবীন কুমাৰ জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰে।

অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো আচলতে পাকিস্তানৰ কৰাচীৰ হয় । লগতে ভিডিঅ’টো পুৰণি আৰু নুপুৰ শৰ্মাৰ মন্তব্যৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ। ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পাছত আমি ৰিয়েল ইণ্ডিয়া নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো বিচাৰি পাইছিলোঁ, যিটো ৬ জুন ২০২২ তাৰিখে আপলোড কৰা হৈছে। চেনেলটোৰ মতে, এই ভিডিঅ’টো ভাৰতৰ নহয়, পাকিস্তানৰ।

আমি এই সম্পৰ্কে আৰু চাৰ্চ কৰাত ১০ মাৰ্চ ২০২০ তাৰিখে এটা টুইটাৰ একাউণ্টত পোষ্ট কৰা একেটা ভিডিঅ’ পোৱা গৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে এই ভিডিঅ’টো কমেও দুবছৰ পুৰণি ।

ভিডিঅ’টোৰ ১ মিনিট ৩০ ছেকেণ্ডত দেখা যায় যে এখন ক’লা ৰঙৰ বাহনৰ নম্বৰ প্লেটত BFK- 625 লিখা আছে। আমি গুগলত এই ধৰণৰ নম্বৰ প্লেট বিচাৰিলোঁ। ফলত আমি দেখিলোঁ যে পাকিস্তানত এনে নম্বৰ প্লেট ব্যৱহাৰ কৰা হয় ।

ইয়াৰ বাহিৰেও আমি ভিডিঅ'টোত এখন দোকান দেখিছিলো য'ত 'সনাম' লিখা আছে। গুগল মেপত সন্ধান কৰিলে কৰাচীৰ তাৰিক ৰোডত থকা 'সনাম' নামৰ এই দোকানখন পোৱা গ’ল। এই দোকানখন এটা ৱেবচাইটত দেখা যায়।

ইয়াৰ বাহিৰেও কৰাচী ষ্ট্ৰীট ভিউ - পাকিস্তান ইউটিউব চেনেলৰ ১৫ মিনিট ৫৮ ছেকেণ্ডত ভাইৰেল ভিডিঅ’ত দেখা পোৱা ঠাইখিনি চাব পাৰি।

ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট আৰু পাকিস্তানৰ বজাৰৰ এই ফটোখনৰ সামগ্ৰিক তুলনাত সাদৃশ্যতা স্পষ্টকৈ দেখা গৈছে:

ইয়াৰ বাহিৰেও ভিডিঅ'টোৰ ৩ মিনিট ৩৮ ছেকেণ্ডত আমি এখন বগা ৰঙৰ ভান দেখিলোঁ য'ত "The Hunar Foundation" লিখা আছে। দ্য হুনাৰ ফাউণ্ডেশ্যনৰ ৱেবছাইট অনুসৰি এই সংস্থাটো পাকিস্তানৰ কৰাচীত অৱস্থিত। যিয়ে ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে।

আকৌ ভিডিঅ’ত দেখা পোৱা অটোখন কেৰেলাৰ নহয়। ভাইৰেল ভিডিঅ’ত দেখা পোৱা অটো ৰিক্সা কেৰেলাৰ অটো ৰিক্সাৰ পৰা পৃথক হয় । তলত বিশ্লেষণ চাওক।

ফলাফল

তথ্য পৰীক্ষা কৰাৰ পিছত আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো কেৰেলাৰ নহয় কৰাচী, পাকিস্তানৰ হয় ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানৰ এক পুৰণি প্ৰতিবাদৰ ভিডিঅ' ভাৰতৰ কেৰেলাত শেহতীয়াকৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ' বুলি ভুলকৈ প্ৰচাৰ হৈছে!

Fact Check By: Manjori Borkotoky

Result: False