ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট সম্পৰ্কে এই ভিডিঅ’ বাৰ্তা দিয়া নাই

Altered Social

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মানুহক PhonePe, Google Pay, PayTM আদি পেমেণ্ট এপ্লিকেচন জালিয়াতিৰ পৰা সুৰক্ষা সম্পৰ্কে পৰামৰ্শ দিছে। 

Archived Link

কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ভিডিঅ’ আৰু অডিঅ’ৰ মাজত সামঞ্জস্য নাই। 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি এই সংক্ৰান্তীয় নিউজ ৰিপ’ৰ্ট বিচাৰিবলৈ গুগলত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে অনলাইন পেমেণ্ট এপ্লিকেচন সন্দৰ্ভত দিয়া কোনোধৰণৰ সতৰ্কবাণী আমি বিচাৰি নাপালোঁ।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ গুগল আৰু ইউটিউবত। তেতিয়া আমি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ এক ৰাজহুৱা বিবৃতিৰ ভিডিঅ’ পালোঁ। “Address by Shri Shaktikanta Das, RBI Governor” এই শিৰোনামেৰে ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২১ চনৰ মে’ মাহৰ ৪ তাৰিখে।

সেই ভিডিঅ’টোত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে পিন্ধা পোছাক আছিল আমালৈ অহা ভিডিঅ’টোৰ স’তে সাইলাখ একেই। কিন্তু আমি দেখিলোঁ যে ২০২১ চনত লাইভত প্ৰচাৰিত হোৱা ভিডিঅ’টোত তেওঁ ডিজিটেল ৱালেট বা বিত্তীয় জালিয়াতিৰ পৰা সুৰক্ষাৰ কথা কোৱা নাছিল।

মূলতঃ আৰ বি আইৰ ৰাজ্যপালগৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ বিষয়ে, আৰু ইয়াৰ জৰিয়তে ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কৈছিল। ক’ভিড-১৯ আক্ৰান্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে আৰ্থিক সকাহ প্ৰদানৰ বাবে আৰ বি আইয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁ কৈছিল।

আমি পুনৰ কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু এই বছৰৰ আগষ্ট মাহত মৌছাম নাগপাল নামৰ এজন কন্টেন্ট ক্ৰিয়েটৰৰ দ্বাৰা আপলোড কৰা এটা ৰীল পালোঁ । আমি দেখিলোঁ যে এই ভিডিঅ’টোৰ পৰা অডিঅ’টো সম্পাদনা কৰি ২০২১ চনত আপলোড হোৱা আৰ বি আইৰ গৱৰ্ণৰৰ ভিডিঅ’ত সংযোগ কৰা হৈছে।

Facebook Link | Archived Link

ফেক্ট ক্ৰেচেণ্ডোৱে আৰ বি আইৰ চৰকাৰী মুখপাত্ৰ যোগেশ দয়ালৰ সৈতে কথা পতাত তেওঁ আমাক জনায় যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা আৰু ভুৱা। এইটো এটা ভুৱা বাৰ্তা আৰু এয়া আৰ বি আইৰ ৰাজ্যপালৰ কণ্ঠ নহয়।

এই ভিডিঅ’টোক ভুৱা বুলি অভিহিত কৰি PIB Fact Check য়েও এটা টুইট কৰিছে।

Archived Link

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’ত দেখুওৱাৰ নিচিনাকৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট বা বিত্তীয় জালিয়াতিৰ পৰা সূৰক্ষাৰ কথা কোৱা নাছিল। এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে আৰু সেয়া আৰ বি আইৰ গৱৰ্ণৰৰ কণ্ঠ নহয়।

ফলাফল 

ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে আৰু সেয়া আৰ বি আইৰ গৱৰ্ণৰৰ কণ্ঠ নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট সম্পৰ্কে এই ভিডিঅ’ বাৰ্তা দিয়া নাই

Fact Check By: Debanjana Baishya 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *