এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

False Social
rafale.png

ফেচবুক লিংকসংৰক্ষিত লিংক

যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল দৃশ্যৰ কেইবাখনো ফটো ভাইৰেল হৈ পৰিছে । এই সময়তে এক বিশেষ ভিডিঅ’ও ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া উক্ত ৰাফেল বিমান কেইখনত ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ হয় । 

উক্ত ভিডিঅ’টো নিহাৰিকা শইকীয়া নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো আন এক ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰা হৈছে । উক্ত পোষ্টটোত, “ভাৰতলৈ অহা ৰাফেলত 

আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা ভিডিঅ’… Simply amazing” বুলি লিখা হৈছে । আন বহুতো ফেচবুক ইউজাৰে উক্ত ভিডিঅ’টো আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । 

সঁচাকৈ উক্ত ভাইৰেল ভিডিঅ’টো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত 

আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা ভিডিঅ’ হয় নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী 

প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টো ব্ৰাজিলৰ এয়াৰ ফৰ্চৰ টুইটাৰ হেণ্ডেলৰ পৰা ছেপ্টেম্বৰ ২৮, ২০১৮ তাৰিখে টুইট কৰা হৈছিল । পৰ্তুগীজ ভাষাত থকা কেপচনটো অনুবাদ কৰিলে, “ব্ৰাজিলিয়ান এয়াৰ ফৰ্চৰ এফ-৫ ফাইটাৰে আকাশত উৰি থকা অৱস্থাত এ-৪ ফাইটাৰত ইন্ধন ভৰাইছে” বুলি লিখা আছে । 

rafale tw.png

ভাৰতলৈ শেহতীয়াকৈ অহা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱাটো হয় আৰু এই পৰিঘটনাৰ কিছু ফটো ভাৰতীয় বায়ু বিভাগে জুলাই ২৯, ২০২০ তাৰিখে নিজৰ  টুইটাৰ হেণ্ডেলত আপলোড কৰিছে । উক্ত ভাইৰেল ভিডিঅ’টো কিন্তু তেওঁলোকে আপলোড কৰা নাই । 

rafale twiaf.png

ফলাফল

উক্ত ভাইৰেল ভিডিঅ’টো পুৰণি হয় আৰু শেহতীয়াকৈ ভাৰতলৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । লগতে এই 

এই ভিডিঅ’টো ব্ৰাজিলৰ হয়, ভাৰতৰ নহয় ।

Avatar

Title:এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *