cow.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

কিছুদিনৰ আগতে আপলোড হোৱা এক বিশেষ ফেচবুক পোষ্ট অসমত পুনৰাই শ্বেয়াৰ হব ধৰিছে । উক্ত ফেচবুক পোষ্টটোত কিছু ফটো আপলোড কৰা হৈছে য'ত এজনী মুখত আঘাত প্ৰাপ্ত গাই গৰু দেখা গৈছে । দাবী কৰা হৈছে যে এইটো হিমাচল প্ৰদেশৰ ঘটনা হয় আৰু সন্তান সম্ভবা হৈ থকা দূৰ্ভগীয়া উক্ত গাই গৰুজনীক কিছু বিস্ফোৰক সোমাই থকা আটা-ময়দাৰ লাডু খাবলৈ দিয়া হৈছিল।

উক্ত ফেচবুক পোষ্টটো ৰশ্মি শইকীয়া নামৰ এটা ফেচবুক প্রফাইলৰ পৰা ৩০ জুলাই, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে । আমি দেখিলোঁ যে প্ৰথমে পোষ্টটো উত্তম দেউৰী নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে আৰু, 'মানৱ জাতিৰ আৰু নিষ্ঠাৰ নহব এই পৃথিৱীত।ইমান নিষ্ঠুৰ হব নাপায় মানুহ । কেৰেলাৰ পিছত হিমাচলত নৃশংস ঘটনা ,গৰুক বিস্ফোৰক সামগ্ৰী খুৱালে ,মানবতা নাই কিছুমানৰ, ইহত যেন পঁচি পঁচি মৰে' বুলি শিৰোনামা দিছে । উক্ত পোষ্টটো বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।

coww.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

সঁচাকৈ উক্ত ফটো কেইখন হিমাচল প্ৰদেশৰ ঘটনাটোৰ হয় নেকি? সত্য কি? জানোঁ আহক

প্ৰণালী

আমি কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু জানিব পৰিলোঁ যে উক্ত ঘটনাটো আচলতে ৰাজস্থানৰ ৰাইপুৰ টেহচিলৰ লিলাম্বা নামৰ গাঁওখনৰ হয় । এই বিষয়ে এক নিউজ ৰিপৰ্ট জুন ২৭, ২০১৫ তাৰিখে পত্ৰিকা নামৰ নিউজ ৱেবছাইটত প্ৰকাশ পাইছিল । উক্ত ৰিপৰ্টটোত আঘাত প্ৰাপ্ত গাইজনীক এক বেলেগ দিশৰ পৰা তোলা ফটোত দেখা গৈছে । জাবৰৰ দ'ম এটাত সন্দেহজনক বিস্ফোৰণৰ ফলত গাই জনীৰ এই দশা হ'ল বুলি ৰিপৰ্টটোত কোৱা হৈছে । বাতৰিটোত বিতংকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক

cow1.png

ইয়াৰ উপৰিও এই বিষয়ে 'ফেক্ট ক্ৰেছচেণ্ড হিন্দী'য়ে ইতিমধ্যে এক ফেক্ট চেক কৰিছে আৰু উক্ত ফটোবোৰ হিমাচলৰ নহয় বৰঞ্চ ৰাজস্থানৰ হয় বুলি সত্যতা নিৰূপণ কৰিছে । এই বিষয়ে পঢ়ক ইয়াত

cow2.png

ফলাফল

ভাইৰেল ফটোবোৰ হিমাচলৰ নহয় বৰঞ্চ ৰাজস্থানৰ আন এক ঘটনাৰ হয় । উক্ত ফেচবুক পোষ্টটো ভুৱা হয় ।

Avatar

Title:ৰাজস্থানৰ পুৰণি ফটো হিমাচল প্ৰদেশৰ শেহতীয়া ঘটনাৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

Fact Check By: Manjori Borkotoky

Result: False