rafale.png

ফেচবুক লিংকসংৰক্ষিত লিংক

যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ'ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল দৃশ্যৰ কেইবাখনো ফটো ভাইৰেল হৈ পৰিছে । এই সময়তে এক বিশেষ ভিডিঅ'ও ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া উক্ত ৰাফেল বিমান কেইখনত ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ' হয় ।

উক্ত ভিডিঅ'টো নিহাৰিকা শইকীয়া নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো আন এক ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰা হৈছে । উক্ত পোষ্টটোত, "ভাৰতলৈ অহা ৰাফেলত

আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা ভিডিঅ'... Simply amazing" বুলি লিখা হৈছে । আন বহুতো ফেচবুক ইউজাৰে উক্ত ভিডিঅ'টো আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে ।

সঁচাকৈ উক্ত ভাইৰেল ভিডিঅ'টো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত

আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা ভিডিঅ' হয় নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টো ব্ৰাজিলৰ এয়াৰ ফৰ্চৰ টুইটাৰ হেণ্ডেলৰ পৰা ছেপ্টেম্বৰ ২৮, ২০১৮ তাৰিখে টুইট কৰা হৈছিল । পৰ্তুগীজ ভাষাত থকা কেপচনটো অনুবাদ কৰিলে, "ব্ৰাজিলিয়ান এয়াৰ ফৰ্চৰ এফ-৫ ফাইটাৰে আকাশত উৰি থকা অৱস্থাত এ-৪ ফাইটাৰত ইন্ধন ভৰাইছে" বুলি লিখা আছে ।

rafale tw.png

ভাৰতলৈ শেহতীয়াকৈ অহা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱাটো হয় আৰু এই পৰিঘটনাৰ কিছু ফটো ভাৰতীয় বায়ু বিভাগে জুলাই ২৯, ২০২০ তাৰিখে নিজৰ টুইটাৰ হেণ্ডেলত আপলোড কৰিছে । উক্ত ভাইৰেল ভিডিঅ’টো কিন্তু তেওঁলোকে আপলোড কৰা নাই ।

rafale twiaf.png

ফলাফল

উক্ত ভাইৰেল ভিডিঅ’টো পুৰণি হয় আৰু শেহতীয়াকৈ ভাৰতলৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । লগতে এই

এই ভিডিঅ’টো ব্ৰাজিলৰ হয়, ভাৰতৰ নহয় ।

Avatar

Title:এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ' নহয়!

Fact Check By: Manjori Borkotoky

Result: False