ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!
শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ।
এই বিষয়ে অসমৰ ইষ্ট ম'জ' নামৰ এক নিউজ পৰ্টেলে যোৱা ২৪ জুন, ২০২০ তাৰিখে এক বাতৰি প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ ফেচবুক পে'জৰ পৰা উক্ত বাতৰিটোৰ ৱেব লিংক শ্বেয়াৰ কৰিছে । বাতৰিটোত তেওঁলোকে উল্লেখ কৰিছে যে ভূটানে অসমৰ বাক্সা জিলালৈ বৈ অহা পানী ৰখাই দিছে ফলত অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ অসমৰ স্থানীয় কৃষকসকল ভীষণ সংকটত পৰিছে । উক্ত ফেচবুক পোষ্টটো ২০ বাৰ শ্বেয়াৰ হৈছে আৰু পোষ্টটোত ৪০টা কমেণ্টছ আছে ।
সঁচাকৈ ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণয়ে এই বিষয়ে এক স্পষ্টীকৰণ দিছে । তেওঁ লিখিছে যে শেহতীয়াকৈ ভূটানে ভাৰতলৈ পানী অহা পথ বন্ধ কৰিছে বুলি বিভিন্ন বাতৰিত ভুলকৈ ৰিপৰ্ট কৰা হৈছে । আচলতে ভূটানৰ পৰা ভাৰতলৈ বৈ অহা বিভিন্ন পানীৰ পথ প্ৰাকৃতিক ভাৱেহে ৰুদ্ধ হৈছিল আৰু ভূটানে সেই বন্ধ হোৱা পথ খুলিবলৈ সহায়হে কৰিছে । এই বিষয়ত কিছু ফটোও মুখ্য সচিবজনে উক্ত পোষ্টটোত সন্নিবিষ্ট কৰিছে ।
এই বিষয়ে 'পিআইবি অসম'ৰ হেণ্ডেলৰ পৰাও এক স্পষ্টীকৰণ দিয়া হৈছে য'ত ভুটানৰ চামদ্ৰুপ জংখাৰ জিলাৰ ডেপুটি কমিচনাৰে অসমৰ বাক্সা আৰু ওদালগুৰি জিলাৰ ডেপুটি কমিচনাৰ দুজনলৈ লিখা এখন চিঠি সন্নিবিষ্ট কৰা হৈছে । চিঠিখনত ভূটানে ভাৰতলৈ বৈ অহা পানীৰ পথ বন্ধ কৰা নাই বুলি স্পষ্ট কৰা হৈছে ।
ফলাফল
ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই । পানী অহা পথ প্ৰাকৃতিক ভাৱেহে বন্ধ হৈ পৰিছিল আৰু ভূটানে সেই ৰুদ্ধ হৈ পৰা পথ খুলিবলৈ সহায় কৰিছে । এনে ধৰণৰ ভুৱা বাতৰি পৰিবেশন কৰি দুই ৰাষ্ট্ৰৰ মাজত অনাহকত সম্পৰ্ক বেয়া কৰিবলৈ চেষ্টা কৰা হৈছে ।