মোবাইল নম্বৰবোৰ ১১টা নহয়, ১০টা সংখ্যাৰ হৈ থাকিব!
শেহতীয়াকৈ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে বুলি এক বাতৰি ফেচবুকত বহুল ভাৱে শ্বেয়াৰ হৈছে । উক্ত বাতৰিটো বা ৱেব লিংক বিভিন্ন নিউজ গোষ্ঠীৰ ফেচবুক পে'জৰ পৰা আপলোড কৰা হৈছে আৰু ব্যাপক ভাৱে শ্বেয়াৰ কৰা হৈছে । উক্ত বাতৰিবোৰত দাবী কৰা হৈছে যে ট্ৰাইৰ মতে ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যালৈ মোবাইল নম্বৰ সলনি হলে দেশত মোবাইল নম্বৰ অধিক কৰিব পৰা যাব ।
এই ধৰণৰ এক বাতৰি অসমৰ নিউজ৮ নৰ্থইষ্ট নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পে'জৰ পৰা ৩০ মে', ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে ফেচবুকত ৪১২ বাৰ শ্বেয়াৰ কৰা হৈছে । বাতৰিটোৰ শিৰোনামা, '১০টাৰ ঠাইত এতিয়াৰে পৰা ১১টা হ’ব আপোনাৰ ম’বাইল ফোনৰ নম্বৰ ! কিন্তু কিয় ?' বুলি দিয়া আছে । এনে ধৰণে আন কিছু নিউজ গোষ্ঠীৰ ফেচবুক পে'জৰ পৰাও এই ধৰণৰ বাতৰি প্ৰকাশ আৰু শ্বেয়াৰ কৰা হৈছে ।
আমি ফেচবুকত এই সম্পৰ্কে শ্বেয়াৰ কৰা বিভিন্ন পোষ্টবোৰত কিছু লোকে এই বাতৰিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰা দেখিলোঁ । গতিকে আমি এই বিষয়ে এক অনুসন্ধান কৰি সত্যতা ঠিৰাং কৰিবলৈ সিদ্ধান্ত ললোঁ । সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই ফেচবুকৰ অফিচিয়েল পে'জটোলৈ গলো । আমি দেখিলোঁ যে তেওঁলোকে এই সম্পৰ্কে এক স্পষ্টীকৰণ ইতিমধ্যে দি থৈছে ।
তেওঁলোকৰ স্পষ্টীকৰণ বা প্ৰেছ ৰিলিজটোৰ পৰা আমি জানিব পাৰিলোঁ যে তেওঁলোকে এই ধৰণৰ কোনো ঘোষণা কৰা নাই বৰঞ্চ তেওঁলোকে মোবাইল নম্বৰবোৰ সদায় ১০টা সংখ্যাৰ হৈ থাকিব বুলিয়েই কৈ আছে বুলি তেওঁলোকে ৰিলিজটোত লিখিছে । কিছু নিউজ সংস্থায়ে তেওঁলোকে ১১টা সংখ্যাৰ মোবাইল নম্বৰ প্ৰৱৰ্তন কৰা হব বুলি ভুলকৈ বাতৰি পৰিবেশন কৰিছে বুলি তেওঁলোকে প্ৰেছ ৰিলিজটোত লগতে লিখিছে ।
কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰাৰ পাছত আমি এই বিষয়ে ইক'নমিক টাইমছ নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত এক বাতৰি দেখা পালোঁ য'ত স্পষ্ট কৰা হৈছে যে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই ১০টাৰ সলনি ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে বুলি প্ৰকাশ হোৱা বাতৰিটো ভুৱা হয় ।
ফলাফল
টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই ১০টাৰ সলনি ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে বুলি প্ৰকাশ হোৱা বাতৰিটো ভুৱা হয় । TRAI)ই প্ৰকাশ কৰা শেহতীয়া প্ৰেছ ৰিলিজৰ পৰা এইয়া স্পষ্ট হৈ পৰিছে ।
Title:মোবাইল নম্বৰবোৰ ১১টা নহয়, ১০টা সংখ্যাৰ হৈ থাকিব!
Fact Check By: Manjori BorkotokyResult: False