অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ উৰা বাতৰি? কেতিয়া প্ৰকাশ কৰা হ’ব ফলাফল।

অসমত বৰ্তমান পৰীক্ষাৰ ফলাফল ঘোষণাৰ বতৰ চলি থকা বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২২ মে’ ২০২৩ত আকস্মিকভাৱে ঘোষণা কৰাৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈয়ো ব্যাপক জল্পনা কল্পনা অব্যাহত আৰম্ভ হয়। বিভিন্নজনে বিভিন্ন তাৰিখৰ কথা উল্লেখ কৰি চ’ছিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰা নজৰত পৰিছে। শেহতীয়াভাৱে পৰম্পৰা ভংগ কৰি শিক্ষা […]

Continue Reading

ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? নতুন TCS ব্যৱস্থা আপোনাৰ ওপৰত বোজা হ’ব নেকি? জানক।

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০২৩ চনৰ ১৬ মে’ত গেজেট অধিসূচনা জাৰি কৰি বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন ( Foreign Exchange Management Act )ৰ নিয়মৰ সংশোধনীৰ কথা ঘোষণা কৰে। এই সংশোধনীসমূহে ক্ৰেডিট কাৰ্ডৰ সহায়ত কৰা বহিঃৰাষ্ট্ৰৰ ব্যয়ক আৰ বি আইৰ লিবাৰেলাইজড ৰেমিটেন্স আঁচনি (LRS)ৰ অধীনত আনিছে। ইয়াৰ অৰ্থ আছিল যে বিদেশী ভ্ৰমণত কৰা ক্ৰেডিট […]

Continue Reading

২০০০টকীয়া নোটখন বন্ধ কৰি দিয়াৰ ফলত ৰাইজৰ কি হ’ব এতিয়া? জানক সবিস্তাৰে।

১৯ মে’ ২০২৩ শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে(RBI) ঘোষণা কৰে যে ২০০০টকীয়া নোটৰ  প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।  এই খবৰ প্ৰচাৰ হোৱাৰ পাছত বহুতে যিটোক “বিমুদ্ৰাকৰণ ২.০” বুলি অভিহিত কৰিছে। ইয়াৰ পাছত এই সিদ্ধান্তই জনসাধাৰণৰ মাজত এক উত্তেজনাৰ লগতে চ’ছিয়েল মিডিয়াত হাস্যৰসাত্মক আলোচনাৰো সৃষ্টি কৰিছে। তদুপৰি বহুতৰ বাবে ই এক অনিশ্চয়তাৰ কাৰণো সৃষ্টি কৰিছে। এই […]

Continue Reading

জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?

শেহতীয়াভাৱে অসমৰ নগাঁও  জিলাৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাটোক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। প্ৰথম দৃষ্টিত এয়া এক দুৰ্ঘটনা বুলিয়ে জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ বিভিন্ন দিশ উন্মোচিত হৈছে। লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওগক গৃহৰক্ষী বাহিনীলৈ বদলি কৰাৰ পৰা আৰম্ভ কৰি নাওবৈচাৰ ভাৰপ্ৰাপ্ত […]

Continue Reading

যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?

শেহতীয়াভাবে বিয়া এখনত এজন লোকে দৰাজনক চেণ্ডেলেৰে প্ৰহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যৌতুকৰ নামত দুচকীয়া বাহন বিচৰাক লৈ অতিথিৰ সমুখতে কইনাৰ দেউতাকে চেণ্ডেলেৰে দৰাক প্ৰহাৰ কৰা এক মিনিট মানৰ ভিডিঅ’ ক্লিপটো বিভিন্ন চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে। অসমৰো বহু লোকে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে।  তেনেকুৱা এটা টুইটত  লিখা হৈছে যে, […]

Continue Reading

কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading

মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা […]

Continue Reading

ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত ভাৰতীয় অভিনেত্ৰী সোনম কাপুৰে এইদৰে নাচিছে নেকি সঁচাকৈ?

শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰী সোণম কাপুৰক আমন্ত্ৰণ জনোৱা হৈছে ব্ৰিটেইনৰ নতুন ৰজা কিং চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকলৈ। লিয়নেল ৰিচি আৰু কেটি পেৰীৰ দৰে বিশ্বখ্যাত তাৰকাৰ সৈতে তেওঁ তাত একমাত্ৰ ভাৰতীয় চেলিব্ৰিটি হিচাপে উপস্থিত হ’ব আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি, অহা ৬ মে’ত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবে’ত পত্নী কুইন কনচৰ্ট কেমিলাৰ সৈতে আনুষ্ঠানিকভাৱে ৰজা হিচাপে […]

Continue Reading