অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা আৰম্ভ কৰি এই হিংসাত্মক পৰিস্থিতি মুহূৰ্তৰ ভিতৰতে ৰাজ্যখনৰ কিছু অন্যপ্ৰান্তৰ লগতে ৰাজধানী ইম্ফললৈকেও বিয়পি কৰে। মণিপুৰত কুকী আৰু মেইতেইৰ মাজৰ সংঘাত বহু পুৰণি। তাৰে পৰিপ্ৰেক্ষিতত এই পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাও দেখা গৈছে।

ইয়াৰ মাজতে চুৰাচান্দপুৰ জিলাৰ কুকি জনগোষ্ঠীৰ লোকে মেইতেই জনগোষ্ঠীৰ এগৰাকী মহিলাক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । শেহতীয়াভাৱে এইধৰণে প্ৰচাৰ কৰা কিছুমান টুইট আমাৰ চকুত পৰিছে। সেই টুইটত সংলগ্ন ফটোত এটি মৃতদেহ দেখা গৈছে। দাবী কৰা হৈছে যে মহিলাগৰাকী এগৰাকী মেইতেই জনগোষ্ঠীৰ নাৰ্ছ আৰু তেওঁক কুকী জনগোষ্ঠীৰ লোকে ধৰ্ষণ কৰিছে আৰু বৰ্বৰভাৱে হত্যা কৰি পেলাই থৈ গৈছে। মহিলাগৰাকীৰ মৃতদেহৰ সেই ফটোখনত কেপছন লিখা হৈছে এনেদৰে,- “তেন্তে এইয়া কি? চিচিপুৰত কৰ্মৰত এইগৰাকী মেইতেই নাৰ্ছক চিকিৎসালয়ৰ ভিতৰতে কুকিৰ দ্বাৰা ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছে !”

Twitter LinkArchived Link

কিমান সত্য এই দাবী?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ ইয়াৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি গুগলত ৰিভাৰ্ছ ইমেজ আৰু কী-ৱৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ, যাৰ ফলত আমি ২০২২ চনৰ ২১ নৱেম্বৰত আজ টাকে(Aaj Tak) প্ৰকাশ কৰা এক প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদন মতে যমুনাৰ কাষত মথুৰা জিলাৰ এক্সপ্ৰেছৱেত এটা ৰঙা ৰঙৰ ট্ৰলী বেগত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । দিল্লীৰ আয়ুষী যাদৱ ( ২১ ) নামৰ যুৱতীগৰাকীৰ মৃতদেহ সেয়া। এই ঘটনাটো অনাৰ কিলিঙ(Honour Killing)ৰ ঘটনা বুলি উল্লেখ কৰা হৈছে য’ত যুৱতীগৰাকীক নিজ পিতৃয়ে গুলীয়াই হত্যা কৰিছিল । Aaj Takৰ সেই প্ৰতিবেদন আপোনালোকে ইয়াতে পঢ়িব পাৰিব ।

টাইমছ অৱ ইণ্ডিয়া(Times Of India)ৰ সাংবাদিক অৰবিন্দ চৌহানে ২০২২ চনৰ ২০ নৱেম্বৰত এই ঘটনা সন্দৰ্ভত এটা টুইট কৰিছিল। ভাইৰেল হোৱা ফটো শ্বেয়াৰ কৰি টুইটটোত তেওঁ উল্লেখ কৰিছিল যে “২১বছৰীয়া আয়ুষী যাদৱে কাকো খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘূৰি অহাৰ পাছত তেওঁৰ পিতৃ নিতেশ যাদৱে তেওঁক গুলীয়াই হত্যা কৰে। তেওঁৰৰ মৃতদেহটো ছুটকেছত ভৰাই মথুৰাত পেলাই দিয়া হৈছিল। আৰক্ষীয়ে দেউতাকক গ্ৰেপ্তাৰ কৰিছে।”

তদুপৰি এনডিটিভি(NDTV)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, আৰক্ষীৰ মতে, আয়ুশীয়ে পৰিয়ালক নোকোৱাকৈয়ে অন্য জাতিৰ ছাত্ৰপাল নামৰ এজন লোকৰ সৈতে বিয়া হৈছিল। অভিযোগ অনুসৰি কাকো নোকোৱাকৈয়ে “কিছুদিনৰ বাবে বাহিৰলৈ ওলাই যোৱা”ত ক্ষুব্ধ হৈ নিতেশ যাদৱে নিজৰ কন্যাকে এনেদৰে গুলীয়াই হত্যা কৰিছিল। যুৱতীগৰাকীয়ে বেলেগ জাতিৰ মানুহ এজনক বিয়া কৰোৱা বাবে পিতৃৰ খং উঠিছিল। (NDTV)ৰৰ সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িব পাৰিব।

ইয়াৰ পাছত মথুৰা আৰক্ষীয়ে ২০২২ চনৰ ২১ নৱেম্বৰত এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে ঘটনাৰ সবিশেষ অৱগত কৰে। তাত উল্লেখ কৰা হৈছে যে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আৰু বাহনখনৰ সৈতে যুৱতীগৰাকীৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰা হৈছে।

]অধিক নিশ্চিতিৰ বাবে ফেক্ট ক্ৰেচেণ্ডো ইংৰাজী বিভাগে মথুৰাৰ এ.এছ.পি. মাৰ্তাণ্ড প্ৰকাশ সিঙৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ নিশ্চিতি প্ৰদান কৰে যে এয়া ২০২২ চনৰে পুৰণি এক ঘটনা আৰু মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ই আছিল অনাৰ কিলিঙৰ এক ঘটনা য’ত ভুক্তভোগীৰ পিতৃ-মাতৃয়ে নিজৰ কন্যাক ভিন্ন জাতিৰ কাৰোবাক বিয়া কৰোৱাৰ বাবে হত্যা কৰিছিল।”

ইয়াৰ পৰায়ে আমি নিশ্চিত হ’লোঁ যে মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ প্ৰেক্ষাপটত টুইটাৰৰ দৰে চ’ছিয়েল মিডিয়াত যিখন ফটো প্ৰচাৰ কৰা হৈছে সেইটো ঘটনা পুৰণি। ইয়াৰ লগত মণিপুৰৰ কুকী আৰু মেইতেইৰ সংঘাতৰ কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এইদৰে স্পষ্ট হৈ পৰিছে যে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ফটোৰ মণিপুৰত চলি থকা হিংসাৰ লগত কোনো সম্পৰ্ক নাই। ছবিখনত দেখা যুৱতীগৰাকী মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা যুৱতী নহয়। ফটোখনত ২০২২ চনত মথুৰাত অনাৰ কিলিঙ(Honour Killing)ৰ বলি হোৱা এগৰাকী যুৱতীকহে দেখা গৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সৈতে এই ফটোখনক মিছাকৈ জড়িত কৰা হৈছে। ভাইৰেল হোৱা দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

Fact Check By: Pranjal Sharma

Result: False