সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

False Political

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল উপত্যকাৰ লগতে অন্যান্য জিলাৰ ২৩খন স্পৰ্শকাতৰ আৰক্ষী থানাৰ পৰা প্ৰতিবাদকাৰীয়ে অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন কৰে।

এই প্ৰেক্ষাপটত মণিপুৰত হিংসাত্মক প্ৰতিবাদৰ মাজতে মানুহে দোকান লুটপাত কৰা বুলি দাবী কৰি কিছুমান খবৰো প্ৰচাৰ হৈছে। আম আদমি পাৰ্টিৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দায়িত্ববাহী নেতা ৰাজেশ শৰ্মাই টুইটাৰত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত মানুহে দোকান লুটপাত কৰা দেখা গৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে “মণিপুৰত বিজেপি এখন ব্যৰ্থ চৰকাৰ। মানুহৰ সম্পত্তি আৰু জীৱন ৰক্ষাৰ দায়িত্ব চৰকাৰৰ  নহয়নে? বিজেপিয়ে লাজ পোৱা উচিত”।

Archived Link

কিমান সত্য এই দাবী?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ ইয়াৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি ভাইৰেল ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে বহুকেইটা কী-ফ্ৰেমত ভাগ কৰি ল’লো। তাৰ পাছত তাৰ পৰা গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি সেই ভিডিঅ’টোৰ মূল উৎস বিচাৰি পালোঁ। আমি ১ মাৰ্চত য়াহু নিউজ(Yahoo News)ত প্ৰকাশ হোৱা এক প্ৰতিবেদনত একেটা ভিডিঅ’ পালোঁ। এই প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো ফিলিপাইনছৰ লুচেনা চহৰৰ এখন ছেকেণ্ডহেণ্ড সামগ্ৰীৰ দোকানৰ। কেপচনত লিখা আছে “ব্যৱহৃত কাপোৰৰ দোকান এখনত বিক্ৰীৰ সময়ত উন্মত্ত গ্ৰাহকসকলে ইজনে সিজনৰ লগত ঠেলা-ঠেলি কৰিছিল আৰু ৰেকতো উঠিছিল। ২৪ ফেব্ৰুৱাৰীত ফিলিপাইনছৰ লুচেনা চহৰত দোকানখনৰ দুৱাৰ সম্পূৰ্ণৰূপে খুলি দিবলৈ নৌপাওঁতেই ছেকেণ্ডহেণ্ড সামগ্ৰীৰ দোকানখনৰ ভিতৰত এনেদৰে ভিৰ লাগি গৈছিল”। সেই প্ৰতিবেদন ইয়াত আপোনালোকে পঢ়িব পাৰিব।

অধিক অনুসন্ধানত আমি ৩ মাৰ্চত ইউটিউবত ভাইচ নিউজে(VICE News) আপলোড কৰা একেটা ভিডিঅ’ লাভ কৰিলোঁ। এই ভিডিঅ’ প্ৰতিবেদন অনুসৰি ভিডিঅ’টো লুচেনা চহৰৰ এখন থ্ৰিফ্ট ষ্ট’ৰৰ। ভাইচ নিউজৰ মতে, ২৪ ফেব্ৰুৱাৰীত দোকানখনে নতুনকৈ অহা বস্ত্ৰৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ পাছতে দোকানখনৰ দুৱাৰ খোলাৰ আগতেই বৃহৎ সংখ্যক লোকে দোকানখনৰ বাহিৰত শাৰী পাতিছিল। প্ৰতিবেদনত দোকানখনৰ মালিক মিল্ড্ৰেড গাৰ্চিয়া বুণ্ডিয়ালানৰ মন্তব্যও প্ৰকাশ কৰা হৈছে। তেওঁ কয় যে তেওঁ যেতিয়াই নতুনকৈ অহা বস্ত্ৰৰ কথা ঘোষণা কৰে তেতিয়াই সৃষ্টি হোৱা গ্ৰাহকৰ এই উত্তেজনাৰ লগত তেওঁ অভ্যস্ত। কিন্তু ২৪ ফেব্ৰুৱাৰীত তেওঁৰ দোকানৰ বাহিৰত দেখা দিয়া বন্যভাৱে উত্তেজিত গ্ৰাহকৰ ভিৰটোৱে তেওঁক আচৰিত কৰি তুলিছিল। 

এই ভিডিঅ’টো ফিলিপাইনছৰ মিডিয়া চাইটসমূহেও একে ব্যাখ্যাৰে পোষ্ট কৰিছিল। তেওঁলোকৰ কিছুমানে এই ভিডিঅ’টোৰ মূল উৎস মিল্ড্ৰেড উকাই ছুকি নামৰ ফেচবুক একাউণ্টটো  বুলি কয়। ২৪ ফেব্ৰুৱাৰীত এই একাউণ্টটোৱে একেটা ভিডিঅ’ পোষ্ট কৰিছিল।

ভিডিঅ’টোৰ স্থানটোও মিল্ড্ৰেডৰ পোষ্টত লুচেনা চিটি বুলি উল্লেখ কৰা হৈছিল। তেওঁৰ ফেচবুক বায়’ অনুসৰি মিল্ড্ৰেড উকাই ছুকিৰ স্বত্বাধিকাৰী।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত প্ৰমান হৈছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ’টো ফিলিপাইনছৰ লুচেনা চহৰৰ এখন ছেকেণ্ডহেণ্ড সামগ্ৰীৰ দোকানত লোৱা হৈছে। ২৪ ফেব্ৰুৱাৰীত বিশেষ বিক্ৰীৰ সময়ত বৃহৎ জনসমাগম দোকানখনত সোমাইছিল। এই ভিডিঅ’টোৰ   মণিপুৰৰ শেহতীয়া ঘটনাক্ৰমৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *