
অসমত বৰ্তমান পৰীক্ষাৰ ফলাফল ঘোষণাৰ বতৰ চলি থকা বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২২ মে’ ২০২৩ত আকস্মিকভাৱে ঘোষণা কৰাৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈয়ো ব্যাপক জল্পনা কল্পনা অব্যাহত আৰম্ভ হয়। বিভিন্নজনে বিভিন্ন তাৰিখৰ কথা উল্লেখ কৰি চ’ছিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰা নজৰত পৰিছে। শেহতীয়াভাৱে পৰম্পৰা ভংগ কৰি শিক্ষা বিভাগে হঠাত ঘোষণা কৰি দিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। তাৰ পাছতেই এইধৰণৰ কথা বতৰাসমুহ ব্যাপক হাৰত প্ৰচলন হোৱা দেখা গৈছে।
কেৱল ইমানেই নহয়, কিছুমান ভুৱা খবৰো হোৱাটছএপৰ দৰে বাৰ্তা প্ৰেৰণ মাধ্যমত বিয়পাই দিয়া দেখা গৈছে। তেনেকুৱা এটা বাৰ্তা আমাৰ দৃষ্টিগোচৰ হৈছে। কোনো এটা চেনেলৰ বাতৰি পৰিবেশন কৰা গ্ৰাফিক্স ব্যৱহাৰ কৰি এই বাৰ্তা ভাইৰেল কৰা হৈছে। সেই ফটোখনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সংলগ্ন কৰি লিখা হৈছে যে ২৫মে’ত দিনৰ ১২ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ফটোখন প্ৰথম দৃষ্টিতেই সন্দেহজন দেখি তথা ইয়াত ব্যৱহৃত আখৰ আৰু ৰং আদি অগতানুগতিক দেখি আমি এই সম্পৰ্কে অধিক তথ্য আহৰণ কৰি ইয়াৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি এই সম্পৰ্কত কোনো বাতৰি অসমৰ কোনো প্ৰতিস্থিত অথবা বিশ্বাসযোগ্য সংবাদ প্ৰতিস্থানে কৰিছে নেকি জানিবলৈ সাম্ভাব্য আৰু প্ৰাসংগিক কিছু কী-ৱৰ্ড লৈ গুগলত ছাৰ্চ কৰি চালোঁ। তেনেকুৱা কোনো খবৰ আমি লাভ নকৰিলোঁ। ইয়াৰ পাছত আমি অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ চ’ছিয়েল মিডিয়া পেজ আৰু হেণ্ডেল সমুহ পৰীক্ষা কৰিলোঁ। সমান্তৰালভাৱে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পোগুৰো ফেচবুক, টুইটাৰ আদি পৰীক্ষা কৰিলোঁ। তাত আমি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা সম্পৰ্কত কোনোধৰণৰ পোষ্ট বা টুইট দেখা নাপালোঁ। অতি শেহতীয়া কোনো পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৰা শেহৰটো টুইট আছিল যোৱা ২২মে’ ২০২৩ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিনৰ ১০ বজাত ঘোষণা কৰা হ’ব বুলি কৰা টুইটটো। ইতিমধ্যেই উল্লেখ কৰিছোঁ যে এইবাৰ আকস্মিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেওঁৰ টুইটাৰ হেণ্ডেলত পিন কৰি থোৱা এটা টুইট আমি দেখিলোঁ। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে অহা ২৭ মে’ ২০২৩ত পুৱা ৯বজাত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি দিয়া টুইটোৰ বিৰোধ কৰি ৰাইজক সেই ভুৱা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান কৰি কৰা টুইটটো দেখিলোঁ। তেওঁ নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে মিছা খবৰ দিয়া বুলি উল্লেখ কৰিছে তেওঁ।

তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কৰা আন এটা টুইট আমি দেখিলোঁ। সেই টুইটোত তেওঁ উল্লেখ কৰিছে যে “আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। এয়া ভুৱা বাতৰি।“ অৰ্থাত ২২মে’তেই তেওঁ ঘোষণা কৰিছিল যে সিদিনা উচ্চতৰৰ ফলাফল ঘোষণা নহয় আৰু সেয়া ভুৱা বাতৰি বুলিও তেওঁ উল্লেখ কৰি ৰাইজত সেই বাতৰি বিশ্বাস নকৰিবৰ বাবে আহ্বান জনাইছিল।
সমান্তৰালভাৱে অধিক অনুসন্ধানত আমি অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই সাংবাদিকৰ আগত দিয়া মন্তব্য এটাও আমি লাভ কৰিলোঁ। তাত তেওঁ কৈছে যে পৰম্পৰামতে মেট্ৰিকৰ ফলাফলৰ পাছদিনাই উচ্চতৰৰ ফলাফল ঘোষণা কৰা হয় যদিও এইবাৰ বিশেষ কাৰণত এই ফলাফল কিছু পলমকৈ ঘোষণা কৰা হ’ব। বহুতে ২২মে’ ২০২৩ৰ দিনাই বিয়লি ৩ বজাত উচ্চতৰ মাধ্যমিকৰো ফলাফল ঘোষণা কৰা হ’ব বুলি খবৰ বিয়পাই দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ কয় যে অইন বেলিতকৈ এইবেলি ১লাখ ৩০ হেজাৰ অধিক শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা বাবে ফলাফলত কিছু বিলম্ব হ’ব। এই বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ভুৱা বাতৰিত পতিয়ান নাযাবলৈ আহ্বান জনায়।
সদৌ শেষত আমি অসম মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ সৈতে ফোনযোগে যোগাযোগ কৰি এই বিষয়ে সবিশেষ তথ্য লাভ কৰাৰ আগ্ৰহ প্ৰকাশ কৰাত তেখেতে কয় যে এয়া ভুৱা খবৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফল কোনদিনা ঘোষণা কৰা হ’ব সেই বিষয়ে এই মুহূৰ্তলৈকে কোনো জাননী নাই। এই প্ৰতিবেদন লিখি থকা দিনটো আৰ্থাত আজিয়েই হৈছে ২৫মে’ ২০২৩। গতিকে ভাইৰেল হৈ পৰা ফটোখন আৰু সেই বাৰ্তাটো ভুৱা বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ফটোখনত উল্লেখ কৰা খবৰটো মিছা। কোনো লোকে এডিট কৰি সেই ফটোখন ভাইৰেল কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ উৰা বাতৰি? কেতিয়া প্ৰকাশ কৰা হ’ব ফলাফল।
Written By: Pranjal SharmaResult: False
