মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

False Social

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা আৰম্ভ কৰি এই হিংসাত্মক পৰিস্থিতি মুহূৰ্তৰ ভিতৰতে ৰাজ্যখনৰ কিছু অন্যপ্ৰান্তৰ লগতে ৰাজধানী ইম্ফললৈকেও বিয়পি কৰে। মণিপুৰত কুকী আৰু মেইতেইৰ মাজৰ সংঘাত বহু পুৰণি। তাৰে পৰিপ্ৰেক্ষিতত এই পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাও দেখা গৈছে। এই হিংসাত্মক ঘটনাৰ বাবে কুকী আৰু মেইতেই, দুয়োটা জনগোষ্ঠীয়ে পৰস্পৰক দায়ী কৰা পৰিলক্ষিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাহিৰলৈ যোৱাও দেখা গৈছে।  আনকি ৪মে’, ২০২৩ত দেখা মাত্ৰকে গুলিওৱাৰ নিৰ্দেশো প্ৰশাসনে জাৰি কৰিছে তথা ১৪৪ধাৰা পৰ্যন্ত আৰোপ কৰা হৈছে। তদুপৰি ইণ্টাৰনেট কৰ্তনৰ দৰে নিৰ্দেশো ৰাজ্যখনত জাৰি কৰা হৈছে।

শেহতীয়াভাৱে এই প্ৰেক্ষাপটত সামাজিক মাধ্যমত ভুল তথ্য আৰু মিছা খবৰো বিয়পি কৰা দেখা গৈছে। বিশেষকৈ টুইটাৰত এটি বিশেষ ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। তিনি অস্ত্ৰধাৰীয়ে অত্যাধুনিক অস্ত্ৰৰে গুলিওৱাৰ দৃশ্যটো টুইটত সংলগ্ন কৰি দাবী কৰা হৈছে যে এয়া মণিপুৰৰ দৃশ্য আৰু কুকী আৰু মেইতেইৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে। কেইবাটিও টুইটাৰ হেণ্ডেলৰ পৰা সেই দৃশ্যটো টুইট কৰি দাবী কৰিছে যে সেইটো মণিপুৰৰ দৃশ্য আৰু মণিপুৰত বৰ্তমান এইধৰণৰ পৰিস্থিতি বিৰাজমান। 

Archived Link

Ali Rizvi (Solaimani) নামত থকা এটা টুইটাৰ হেণ্ডেলৰ পৰা ভিডিঅ’টো আপলোড কৰি কেপছনত লিখিছে “যিয়ে কৈ আছিল, যে কৰ্ণাটকত কংগ্ৰেছ আহিলে সংঘৰ্ষ হ’ব…মনিপুৰত ভাজপাৰ শাসন আছে দেখোন, তেনেহ’লে হিংসাৰ জুইত কিয় জ্বলিছে মণিপুৰ?”( जो बोल रहा था कर्नाटक मे कांग्रेस आएगी तो दंगे होंगे..#Manipur मे तो भाजपा का शासन है फिर दंगे की आग में पूरा मणिपुर क्यों झुलस रहा है??)

কেৱল সিমানেই নহয়, আন কেইবাটাও টুইটাৰ হেণ্ডেলৰ পৰা একেটা ভিডিঅ’ আপলোড কৰি কুকি আৰু মেইতেইৰ মাজৰ সংঘাত বুলি দাবী কৰা হৈছে। তেনেকুৱা এটা টুইট তলত সংলগ্ন কৰা হৈছে। 

কিমান সত্য এই দাবী? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ ইয়াৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি টুইটত বিয়পি পৰা ভিডিঅ’টো বিশেষ কাৰিকৰি ব্যৱস্থাৰে কেইবাটিও কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। আমাৰ অনুসন্ধানত আমি ২৯ এপ্ৰিল ২০২৩ত টুইটাৰত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ। টুইটাৰ হেণ্ডেলটো পৰীক্ষা কৰ চাই গম পালোঁ যে এই হেণ্ডেলটোৰ পৰা প্ৰায়ে গুলীয়াগুলীৰ ভিডিঅ’ আপলোড কৰা হয়। 

ইয়াৰ পাছত এই ভিডিঅ’টোৰ অনুসন্ধানত আৰু অধিক তথ্য বিচাৰোঁতে আমি ইনষ্টাগ্ৰাম প্ৰোফাইল এটা পালোঁ। যিটো প্ৰোফাইলত এই ভিডিঅ’টো ২০২০ চনৰ ৫ জুলাইতে আপলোড কৰা হৈছিল। PUBG,FREE FIRE আদি বিভিন্ন মোবাইল গেমৰ কথা হেছটেগত উল্লেখ কৰি ভিডিঅ’টো আপলোড কৰা হৈছিল। threatty নামৰ এই ইনষ্টাগ্ৰাম আইডিটোত এইধৰণৰ গেম তথা বন্দুক আদিৰ বিভিন্ন ভিডিঅ’ আমি দেখিলোঁ

ইয়াৰ পৰায়ে আমি নিশ্চিত হ’লোঁ যে মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ প্ৰেক্ষাপটত টুইটাৰৰ দৰে চ’ছিয়েল মিডিয়াত যিটো ভিডিঅ’ প্ৰচাৰ কৰা হৈছে সেইটো ইতিমধ্যে আজিৰ পৰা কেইবছৰমান পূৰ্বে ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল। তদুপৰি ইতিপূৰ্বেও টুইটাৰত এইটো আপলোড কৰা হৈছিল। অৰ্থাত ভিডিঅ’টো পুৰণি। মণিপুৰত হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ৰ বা চলিত মাহটোৰ ভিডিঅ’ এইটো নহয়। এই পুৰণি ভিডিঅ’টোৰ লগত মণিপুৰৰ কুকী আৰু মেইতেইৰ সংঘাতৰ কোনো সম্পৰ্ক নাই। 

যদিও আমি এই ভিডিঅ’টোত থকা বন্দুকধাৰীসকলক এই মুহূৰ্তলৈকে চিনাক্ত কৰিব পৰা নাই। কিন্তু ভাৰতীয়া সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ  ভেৰিফাইট টুইটাৰ হেণ্ডেল SpearCorps.IndianArmy ৰ পৰাও স্পষ্ট কৰি দিয়া হৈছে যে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত ন্যস্ত স্বাৰ্থৰ বাবে এক দুষ্ট চক্ৰই ভুৱা ভিডিঅ’কে ধৰি আছাম ৰাইফলছৰ পোষ্টত আক্ৰমণৰ ভিডিঅ’ও প্ৰচাৰ কৰি আছে  । #IndianArmy এ সকলোকে কেৱল চৰকাৰী আৰু পৰীক্ষিত উৎসৰ জৰিয়তে লাভ কৰা তথ্যৰ ওপৰত হে নিৰ্ভৰ কৰিবলৈ অনুৰোধ জনাইছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে টুইটাৰত মণিপুৰৰ অতি শেহতীয়া সংঘৰ্ষপূৰ্ণ উত্তপ্ত পৰিস্থিতিৰ সৈতে সংগতি থকা বুলি দাবী কৰি আপলোড কৰা গুলীচালনাৰ ভিডিঅ’টো এতিয়াৰ নহয়। এইটো এটা পুৰণি ভিডিঅ’টো। এই ভিডিঅ’টোৰ লগত মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মনিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি?

Fact Check By: FC ASSAMESE 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *