
শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰী সোণম কাপুৰক আমন্ত্ৰণ জনোৱা হৈছে ব্ৰিটেইনৰ নতুন ৰজা কিং চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকলৈ। লিয়নেল ৰিচি আৰু কেটি পেৰীৰ দৰে বিশ্বখ্যাত তাৰকাৰ সৈতে তেওঁ তাত একমাত্ৰ ভাৰতীয় চেলিব্ৰিটি হিচাপে উপস্থিত হ’ব আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি, অহা ৬ মে’ত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবে’ত পত্নী কুইন কনচৰ্ট কেমিলাৰ সৈতে আনুষ্ঠানিকভাৱে ৰজা হিচাপে মুকুট পিন্ধিব ৭৪ বছৰীয়া ছাৰ্লচে। লাখ লাখ লোকে এই উদযাপনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
সোণম কাপুৰক বহু প্ৰত্যাশিত এই ‘ক’ৰ’নেচন কনচাৰ্ট’ত এক ‘এক্সক্লুছিভ স্প’কেন ৱৰ্ড পীচ’ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে য’ত তেওঁ ৭ মে’ত উইণ্ডচৰ কেছলত ‘ষ্টিভ উইনউড এণ্ড এক্সক্লুছিভ কমনৱেলথ ভাৰ্চুৱেল কয়েৰ’ক চিনাকি কৰাই দিব বুলিও এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে।
এই ক্ষেত্ৰত অভিনেত্ৰী সোণম কাপুৰে ভাৰতীয় সাজ-পোছাক পিন্ধি নৃত্য কৰি ৰেম্পত খোজ কঢ়ি থকা এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত আমি শুনিব পাৰিছোঁ যুক্তৰাজ্যৰ জাতীয় সংগীত “গড ছেভ দ্য কিং”। ভিডিঅ’টো শ্বেয়াৰ কৰা লোকসকলে দাবী কৰিছে যে এই ভিডিঅ’টোত চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত সোনম কাপুৰক এইদৰে নৃত্য কৰা দেখা গৈছে।
আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত এই ভিডিঅ’টোৰ সত্যাসত্য জানিবৰ বাবে এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমালৈ অনুৰোধ প্ৰেৰণ কৰিছে। সেই মৰ্মে ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
ভিডিঅ’টো সন্দৰ্ভত তথ্য আহৰণ কৰিবলৈ আৰম্ভ কৰোঁতেই আমি এটা টুইট পালোঁ যিটোত টুইটাৰ ব্যৱহাৰকাৰীগৰাকীয়ে ভিডিঅ’টো সংলগ্ন কৰি লিখিছে যে “ৰজা চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত সোণম কাপুৰে “পাৰফৰ্ম” কৰি আছে আৰু এইদৰেই আমি ব্ৰিটিছৰ ওপৰত প্ৰতিশোধ লওঁ” (Sonam Kapoor “performing” at the Coronation Ceremony of King Charles . This is how we take revenge on Brits)
সত্যতা নিৰূপণ পদ্ধতি
আমি আৰম্ভনীতে ভিডিঅ’টো কেইটামান কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু তাৰ ফলত ২০১৯ চনৰ ২৫ মাৰ্চ তাৰিখে প্ৰকাশ হোৱা দ্য ইণ্ডিয়ান এক্সপ্ৰেছ(The Indian Express)ৰ পৰা এক প্ৰতিবেদন পালোঁ, য’ত সোনম কাপুৰক একে সাজ-পোছাক পিন্ধি থকা দেখা গৈছিল। প্ৰতিবেদন অনুসৰি ফেশ্বন ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলাই মুম্বাইত ভাৰতীয় বস্ত্ৰ আৰু এম্ব্ৰয়ডাৰীৰ প্ৰতি শ্ৰদ্ধা জনাই এক ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। সোনমৰ সৈতে কৰণ জোহৰ আৰু শ্বেতা নন্দা বচ্চনৰ দৰে চেলিব্ৰিটিয়েও ইয়াত অংশ গ্ৰহণ কৰিছিল।

এই ক্ষেত্ৰত আৰু অধিক অনুসন্ধানত আমি এটা ইউটিউব ভিডিঅ’ও লাভ কৰিলোঁ য’ত সোণম কাপুৰে সেই অনুস্থান উপলক্ষে হিন্দী ছবি “কলংক”ৰ গীত “ঘৰ ম’ৰে পাৰদেশিয়া”ত নৃত্য কৰা দেখা গৈছিল। ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ভাইৰেল হোৱা ভিডিঅ’টোত “গড চেভ দ্য কিং” গীতটি পাছত সংযোজন কৰা হৈছে। এই অনুষ্ঠানটোৰ এটা সম্পূৰ্ণ ভিডিঅ’ ‘ভাইৰেল বলীউড’(Viral Bollywood)ৰ অফিছিয়েল ইউটিউব চেনেলত আপলোড কৰা হৈছিল।
আমি তদুপৰি ২৫ মাৰ্চ ২০১৯ তাৰিখে এটা ভেৰিফাইড ইউটিউব চেনেল পপ ডায়েৰীজ(Pop Dairies) তো আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটা পালোঁ। কেপচন অনুসৰি ভিডিঅ’টোত সোণম কাপুৰে ‘বম্বে টাইমছ ফেশ্বন উইক ২০১৯’ত ৰেম্পত খোজ কাঢ়ি যোৱাৰ সময়ত নাচি থকা দেখা গৈছে। ভিডিঅ’টোত সোনম কাপুৰে কৰণ জোহৰ আৰু সন্দীপ খোছলাৰ সৈতে খোজ কাঢ়ি যোৱাও দেখা গৈছে ।
উল্লেখযোগ্য যে অহা ৬ মে’ ২০২৩ শনিবাৰে ৱেষ্টমিনিষ্টাৰ এবেত চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেক অনুষ্ঠিত হ’ব আৰু তাৰ পাছত ৭ মে’ত হে কনচাৰ্ট অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে সোণম কাপুৰৰ এই ফুটেজটো পুৰণি। ২০১৯ চনৰ মাৰ্চ মাহৰ এক অনুষ্ঠানৰ ভিডিঅ’ এইটো আৰু ইয়াৰ ৰাজ অভিষেক অনুষ্ঠানৰ লগত কোনো সম্পৰ্ক নাই।
ফলাফল
আমি ফেক্ট ক্ৰেচেণ্ডোৱে আমাৰ অনুসন্ধানৰ অন্তত ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক মিছা বুলি প্ৰমান লাভ কৰিলোঁ। ২০১৯ চনৰ মাৰ্চ মাহত, মুম্বাইত অনুষ্ঠিত হোৱা এক ফেশ্বন শ্ব’ত সোণম কাপুৰৰ উপস্থিতিৰ সময়ত শ্বুটিং কৰা হৈছিল এই ভাইৰেল ভিডিঅ’টো। ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেক অনুষ্ঠানৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক বুলি ভবা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ আদি লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত ভাৰতীয় অভিনেত্ৰী সোনম কাপুৰে এইদৰে নাচিছে নেকি সঁচাকৈ?
Fact Check By: Pranjal SharmaResult: False
