ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে এই দাবীৰে যে এপিজে আব্দুল কালামে এটা সাধাৰণ দবাত ভ্ৰমন কৰিছিল আৰু য'ত নেকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যাত্ৰা কৰে প্ৰথম শ্ৰেনীৰ এচি দবাত।

এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ৰেলযাত্ৰাৰ ফটোৰ তুলনা কৰি দুয়োখন ফটোৰে পাৰ্থক্য দেখুৱাই কেপছনত উল্লেখ কৰা হৈছে , “পাৰ্থক্য স্পষ্ট”।

Original Link- Facebook | Archived Link

আমাৰ 24×7 ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যাসত্য নিৰূপনৰ বাবে এটা আহ্বান আহে। Archived Link

ফেক্ট ক্ৰেছেণ্ড অসমীয়াই জনিব পাৰিলো যে দাবীটো বিভ্ৰান্তিকৰ।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি এপিজে আব্দুল কালামৰ ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো। একেখন ফটোকে নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এখন ফটো কলাজত দেখা পোৱা গল। Original Link: New Indian Express | Archived Link

ফটোখনত কেপছন লিখা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম ৰেলেৰে আহি ৰাউৰকেল্লাত উপস্থিত হয়, ২০১০ চনত।

আন এক বাতৰিয়ে উল্লেখ কৰে যে ২০১০ৰ জানুৱাৰীত যেতিয়া বেয়া বতৰৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ওডিছাৰ ৰাউৰকেলাস্থিত নেছনেল ইনষ্টিটিউট অৱ টেকনলজীলৈ কৰিবলগীয়া ভ্ৰমন বাতিল হোৱাৰ উপক্ৰম হৈছিল, তেতিয়া নিৰাপত্তাজনীত সমস্যাকো আওকান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰেলযোগে ৰাউৰকেলালৈ যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আপেক্ষা কৰোৱাই ৰাখিব বিচৰা নাছিল।কালামৰ দীৰ্ঘসময়ৰ সহযোগী শ্ৰীজন পাল সিঙেও নিজৰ ফেচবুক পোষ্টত সেই ফটোখন ব্যৱহাৰ কৰিছিল।সেইবাবেই এই ফটোখন ২০১০চনৰ হে, যেতিয়া তেওঁ দেশৰ ৰাষ্ট্ৰপতি হৈ থকা নাছিল। তেওঁ ২০০২ চনৰ পৰা ২০০৭লৈ হে ৰাষ্ট্ৰপতি আছিল।

আমি আনখন ফটো গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱাত জানিব পাৰিলো যে বাতৰিৰ মতে এই ফটোখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ জন্মস্থান পাৰাউংখলৈ ২০২১ৰ ২৫জনত ৰাষ্ট্ৰপতিৰ বাবে এক বিশেষ ৰেলেৰে ভ্ৰমন কৰাৰ সময়ৰ ফটো সেয়া।

আমি এখন চৰকাৰী প্ৰেছ বিবৃতিও লাভ কৰিলো যত উল্লেখ কৰা হৈছে যে: ‘ ১৫বছৰৰ বিৰতিৰ অন্তত এই ঘটনা সংঘটিত হৈযে যত এজন ৰাষ্ট্ৰপতিয়ে এক ৰেলযাত্ৰা সম্পন্ন কৰিছে। PIB link

একেবাৰে শেষবাৰৰ বাবে ২০০৬চনত তদানিন্তন ৰাষ্ট্ৰপতি ডঃ এপিজে আব্দুল কালামে এখন বিশেষ ৰেলেৰে দিল্লীৰ পৰা ডেৰাডুনলৈ ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ কেডেটসকলৰ পাছিং আউট চিৰোমনীত অংশগ্ৰহন কৰিবলৈ গৈছিল।’

আমি আনকি দেখিলো যে এপিজে আব্দুল কালামে ৰাষ্ট্ৰপতিৰ বিশেষ ৰেলযোগে তেওঁ ৰাষ্ট্ৰপতি হৈ থকা সময়ত কেইবাবাৰো ভ্ৰমন কৰিছিল। তেনেকুৱা কেইটামান উদাহৰণ এয়াঃ

Original Link: Times Now | Archived Link

ফলাফল

আব্দুল কালামৰ এই ফটোখন ২০১০চনৰ, যেতিয়া তেখেত ৰাষ্ট্ৰপতি নাছিল। তেখেত ৰাষ্ট্ৰপতি আছিল ২০০২ ৰ পৰা ২০০৭লৈ। এপিজে আব্দুল কালামেও ৰাষ্ট্ৰপতি হৈ থকা সময়ত তেখেতে ৰাষ্ট্ৰপতিৰ বিশেষ ৰেলেৰে কেইবাবাৰো ভ্ৰমন কৰিছিল। দাবীটো বিভ্ৰান্তিকৰ।

Avatar

Title:এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ফটো বিভ্ৰান্তিকৰ কেপছনেৰে শ্বেয়াৰ কৰা হৈছে

Fact Check By: Manjori Borkotoky

Result: Misleading