
ফেচবুকত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে নামনি অসমখন ‘ব্লেক মেন’ নামৰ এক বিশেষ জীৱৰ আতংকৰ মাজত সোমাই পৰিছে বুলি স্থানীয় লোকসকলে কৈছে। এই ভিডিঅ’টো ঈশান নিউজ নামৰ ফেচবুক পেজটোত আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰে। পোষ্টটোত কেপচন লিখা হৈছিল:
“’ব্লেক মেন’ আতংক। কেমেৰাত বন্দী ভয়াৱহ দৃশ্য। মানুহ নে ভূত? ঈশান Exclusive”

Original Link: Facebook | Archived Link
ভিডিঅ’টো সেই অঞ্চলসমুহত বাস কৰা লোকৰ বিভিন্ন প্ৰোফাইলেৰে বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰা হৈছে। ভিডিঅ’টো অসমৰ বুলি হোৱাটছএপত ভাইৰেল হৈ পৰিছে । Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ভিডিঅ’টো শেহতীয়া নহয় আৰু অসমৰো নহয়।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমতে আমি ভিডিঅ’টো অতি গুৰুত্ব সহ পৰ্যবেক্ষন কৰিলো আৰু জানিব পাৰিলো যে আনকি সাংবাদিকজনেও আনকি উৎস সম্পৰ্কে জ্ঞাত নহয় অথবা ক’ত ৰেকৰ্ড কৰা হৈছিল নাজানে। আমি দেখিলো যে হুলস্থুলৰ মাজত এটাও অসমীয়া শব্দ উচ্চাৰণ কৰা হোৱা নাই।
ইয়াৰ পিছত আমি য়েণ্ডেক্সত এটা কী-ফ্ৰেম ছাৰ্চ কৰি চালো আৰু ২০১৯ আৰু ২০২০চনৰ কিছুমান লিংক পালো,যিবোৰ আনকি অসমৰ কোনো চেনেলৰেই নহয়।
আমাৰ পৰীক্ষণ অনুসৰি ভিডিঅ’টো প্ৰথমে পোষ্ট কৰা হৈছিল “mD38 Pore1949” নামৰ ইউট্যুৱ চেনেলটো আপলোড কৰা হৈছিল ২০১৯ চনৰ ২২ চেপ্টেম্বৰত। কেপছন দিয়া হৈছিল “দেখেনিন আসন ভূত(ইমোজি কেইটা)” বিৱৰণী অংশত লিখা হৈছে,”এই ভিডিঅটো কেৱল মনোৰঞ্জনৰ বাবেহে”। অৰ্থাৎ ভিডিঅ’টো সৃষ্টি আৰু আপলোড কেৱল মনোৰঞ্জনৰ উদ্দেশ্যেৰে কৰা হৈছিল।
ইয়াৰ পিছত ২০২০ৰ ২৪ ফেব্ৰুৱাৰীত আছাম নিউজ নামৰ চেনেলটোত “ৰাষ্টাত সচা ভূত’ বুলি লিখি আপলোড কৰা হৈছিল।
আমি তদুপৰি REAL WUJUD RS আন এটা চেনেলত একেটা ভিডিঅ’ ২০২০ৰ ২২ মাৰ্চত “#seram #covid #coronavirus
Hantu ape ni seram 😱😱” কেপচনেৰে আপলোড কৰা হৈছিল।
মালায় ভাষাৰ পৰা কেপচনটোৰ অনুবাদ হৈছে ,” বনমানুহৰ ভূতটো ভয়ানক”
মালায় ভাষাত হন্টু মানে ভূত।

ফলাফল
ওপৰৰ লিংকসমুহৰ পৰা এইটো স্পষ্ট যে ‘ব্লেক মেন’ শেহতীয়া নহয় আৰু অসমৰো নহয়। এই ভিডিঅ’টোৰ আটাইতকৈ পুৰণি লিংকটোত লিখা হৈছিল যে এই ভিডিঅ’টো মনোৰঞ্জনৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা হৈছে।
এই ভাইৰেল ভিডিঅ’টোৱে অসমৰ কোনো কোনো স্থানত আতংকৰ সৃষ্টি কৰিছে। আৰু সেইবাবেই ফেক্ট ক্ৰেছেণ্ডো অসনীয়াই সোঁৱৰাই দিব বিচাৰো যে এনেকুৱা সন্দেহজনক কোনো ভিডিঅ’ পালেই আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770লৈ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰক।

Title:ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ‘ব্লেক মেন’ৰ ভিডিঅ’টো অসমৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False
