অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ'ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে,

"উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায়

৪ মাহৰ কাৰাবাস বিজয় মালিয়াক

৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ

৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড

উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়" | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ'ৰ্ড চাৰ্চ কৰি বিজয় মালিয়াৰ শাস্তি সন্দৰ্ভত কেইটামান নিউজ ৰিপ'ৰ্ট পালোঁ।

প্ৰথমে আমি "The Economic Times"ৰ এটা নিউজ ৰিপ'ৰ্ট পালোঁ য'ত স্পষ্টভাৱে লিখা আছিল যে উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ গোচৰত বিজয় মালিয়াক চাৰি মাহৰ কাৰাদণ্ড বিহিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

তাৰ পাছত আমি "The Hindu"ৰ এটা নিউজ ৰিপ'ৰ্ট পালোঁ। তাতো স্পষ্টভাৱে লিখা আছিল যে বিজয় মালিয়াক আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৪ মাহৰ কাৰাদণ্ড বিহিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি টুইটাৰত "এ এন আই(ANI)"ৰ টুইট এটা পালোঁ য'ত স্পষ্টভাৱে লিখা আছিল যে উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ গোচৰত বিজয় মালিয়াক দোষী সাব্যস্ত কৰি চাৰি মাহৰ কাৰাদণ্ড বিহিছে।

বিজয় মালিয়া আছিল বাংগালুৰুস্হিত কোম্পানী "United Breweries Holding Limited"ৰ চেয়াৰমেন আৰু ২০০৩ চনত উদ্বোধন কৰা "Kingfisher Airlines"ৰ স্বত্বাধিকাৰী। ২০০৭ চনত "Kingfisher Airlines"এ সেই সময়ত ঋণগ্ৰস্ত হৈ থকা "Air Deccan" ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। ২০০৮ চনৰ পৰা মালিয়াৰ এয়াৰলাইঞ্চ লোকচানৰ সন্মুখীন হয়। ২০১২ চনৰ ভিতৰত সেই এয়াৰলাইনৰ সকলো কাম-কাজ বন্ধ হৈ পৰে।

ভাৰতৰ বিভিন্ন বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰাকৈ দেশৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল বিজয় মালিয়াৰ বিৰুদ্ধে। মুঠ নহাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

ডিয়েগো চুক্তিৰ ৪০ নিযুত ডলাৰ তেওঁৰ সন্তানৰ বিদেশী একাউণ্টলৈ স্থানান্তৰ কৰাৰ বাবে আৰু সম্পত্তিৰ সঠিক বিৱৰণ প্ৰদান নকৰাৰ বাবে বিজয় মালিয়াক দোষি সাব্যস্ত কৰা হৈছিল।

মালিয়াই কেৱল বিদেশী একাউণ্টলৈ ধন স্থানান্তৰ কৰাৰ বিষয়ে আদালতক ভুল তথ্য প্ৰদান কৰাই নহয়, যোৱা পাঁচ বছৰ ধৰি আদালতত হাজিৰ নহৈ আদালতক অৱমাননা কৰিছে। বিজয় মালিয়াক ২০১৭ চনত উচ্চতম ন্যায়ালয়ে অৱমাননাৰ বাবে দোষী সাব্যস্ত কৰিছিল।

১০ ফেব্ৰুৱাৰীত, উচ্চতম ন্যায়ালয়ে শুনানি স্থগিত ৰাখি মালিয়াক আত্মপক্ষ সমৰ্থন কৰাৰ শেষ সুযোগ দিছিল যদিও তেওঁৰ ফালৰ পৰা কোনো উকীল শাস্তিৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত নহ’ল।

বিজয় মালিয়াক আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত কৰি শাস্তি হিচাপে ২০০০ টকাৰ জৰিমনা আৰু ৪ মাহৰ কাৰাদণ্ড নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে

কেৱল সেয়াই নহয়, বিজয় মালিয়াই বিদেশলৈ স্থানান্তৰিত কৰা ৪০ নিযুত ডলাৰ ৪ সপ্তাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

এই বিষয়ে আৰু জানিবলৈ অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত পঢ়ক।

ইয়াৰদ্বাৰা বুজিব পৰা যায় যে বিজয় মালিয়াক আদালত অৱমাননাৰ গোচৰতহে দোষী সাব্যস্ত কৰি চাৰি মাহৰ কাৰাদণ্ড বিহা হৈছে, এই ৰায় ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে বিজয় মালিয়াক ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত চাৰি মাহৰ কাৰাদণ্ড বিহা হোৱা বুলি প্ৰচাৰ হোৱা বাতৰিটো বিভ্ৰান্তিকৰ, কাৰণ উচ্চতম ন্যায়ালয়ে বিজয় মালিয়াক আদালত অৱমাননাৰ গোচৰতহে দোষী সাব্যস্ত কৰি চাৰি মাহৰ কাৰাদণ্ড বিহিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই

Fact Check By: Debanjana Baishya

Result: Misleading