FACT CHECK: গুৱাহাটীৰ কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে এখন থালিৰ দামত তিনিখন থালি দি থকা নাই।

False Social

কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্স নামৰ এটা ফেচবুক পেজে এখন প্ৰচাৰকামী পোষ্টাৰ পোষ্ট কৰিছিল,যত দাবী কৰা হৈছিল যে উল্লিখিত নম্বৰটোত অৰ্ডাৰ দিলে এখন থালি ক্ৰয় কৰিলে দুখন থালি বিনামূলীয়াকৈ প্ৰদান কৰিব। 

একেই অফাৰ দিয়াৰ দাবীৰে তেওঁলোকৰ থালিৰ ফটোৰে সৈতে ফোন নম্বপ এটা উল্লেখ কৰি বিজ্ঞাপন হিচাপে এটা পোষ্টো শ্বেয়াৰ কৰা হৈছিল। লিখা হৈছিল “BUY 1 THALI GET 2 THALI FREE IN YOUR FIRST ORDER CALL NOW-9933445320.”( প্ৰথম অৰ্ডাৰত এখন থালি ক্ৰয় কৰক আৰু দুখন থালি বিনামূলীয়াকৈ পাওঁক, ফোন কৰক 9933445320)

Kiranshree FB.png

Original Link- Facebook | Archived Link

পোষ্টটো তেতিয়া দিয়া হৈছিল যেতিয়া পেজটোৱে তেওঁলোকৰ কভাৰ ফটোখন আপডেট কৰি সেই বিজ্ঞপিত পোষ্টাৰখন লগাইছিল। ২০২০ চনৰ ৩১অক্টোবৰৰ দিনৰ ১২ বাজি ১৬ মিনিটত এই পোষ্টটো দিয়া হৈছিল। 

একেই পোষ্টাৰখনেই অসমত হোৱাটছএপতো শ্বেয়াৰ কৰা হৈ আছে। 

WhatsApp Image 2020-11-04 at 15.33.04.jpeg

Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে সেই প্ৰোমোছনেল পোষ্টাৰখন ভূৱা।

সত্যততা নিৰূপন পদ্ধতি

প্ৰথমে আমি পোষ্টৰখন ভালকৈ নিৰিক্ষন কৰি দেখিলো যে তাত এটা ৱাটাৰমাৰ্ক আছে। সেইটোৱে সন্দেহৰ সৃষ্টি কৰিলে, কাৰণ কোনো প্ৰতিস্থিত প্ৰতিস্থানে আনৰ ফটোৰে নিজৰ প্ৰচাৰ নকৰে। আমি তাৰ পিছত আমি য়ানডেক্স ইমেড ছাৰ্চ(Yandex Image search) কৰি চালো যাতে ফটোখন কৰ পৰা লোৱা হৈছে তাক জানিব পাৰো। আমি বহুত ফটো থকা আলামি ডট কম(Alamy.com.) নামৰ ৱেবচাইট এটাৰ উত্স লাভ কৰিলো।

Alamy.png

Screenshot Alamy Photo

Original Link- Alamy | Archived Link

ইয়াৰ পিছত আমি প্ৰসংগিক শব্দ কেইটামান লৈ গুগল ছাৰ্চ কৰি কীৰণশ্ৰীৰ তেনেকুৱা কিবা অফাৰ কৰবাত তালিকাভুক্ত হৈ আছে নেকি চালো। আমি গুৱাহাটীৰ এক সংবাদ প্ৰতিস্থান নিউজ লাইভৰ “FAKE OFFER: KIRANSHREE SWEETS IS NOT GIVING TWO THALIS FOR THE PRICE OF ONE, BEWARE!” (ভূৱা অফাৰ! কীৰণশ্ৰী ছুইটছে এখন থালিৰ দামত দুখন থালিৰ অফাৰ দিয়া নাই) শীৰ্ষক এক বাতৰি লাভ কৰিলো।

KiranshreeNL.png

Screenshot News Live Article

Original Link- News Live | Archived Link

২০২০ৰ ৩১ অক্টোবৰত প্ৰকাশিত বাতৰিটোত লিখা হৈছে যে সেই পোষ্টটো ভাইৰেল হৈ পৰাৰ পিছৰে পৰা গুৱাহাটীত থকা কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে সীমাহীন ফোন গ্ৰাহকৰ পৰা লাভ কৰিবলৈ ধৰিছে। বাতৰিটোত ইয়াকো লিখা হৈছে যে তেওঁলোকে ভৰলুমুখ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছে। সেই বাতৰিটোতে এনেকুৱা এজন গ্ৰাহকৰ মন্তব্যও উল্লেখ কৰা হৈছে যিয়ে ফোন নম্বৰটোত ফোন কৰাৰ পিছত অনলাইন কৰিবলৈ তেওঁক এটা লিংক প্ৰেৰণ কৰা হৈছিল।

ফেক্ট ক্ৰেছেণ্ডোৱে কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সৰ ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰিছিল,যিয়ে ঘোষণা কৰিছিল যে তেনেকুৱা কোনো অফাৰ তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰা হোৱা নাই আৰু আনকি তেওঁলোকৰ তেনেকুৱা কোনো ফেচবুক পেজো নাই।

ফলাফল

মিছা। কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে প্ৰথম গ্ৰাহকৰ বাবে তেনেকুৱা কোনো অফাৰ দিয়াৰ কথা অশ্বীকাৰ কৰিছে। তেওঁলোকে এখনৰ দামত তিনিখন থালি প্ৰদান কৰি থকা নাই।

Avatar

Title:গুৱাহাটীৰ কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে এখন থালিৰ দামত তিনিখন থালি দি থকা নাই।

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *