
অসমত দুখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে অযোধ্যাৰ নিৰ্মিয়মান ৰাম মন্দিৰৰ ফটো বুলি।
একেখিনি ফটোকে ২০২০ চনৰ ১ নবেম্বৰৰ সন্ধ্যা ৯:২০ বজাত GK Modi নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে শ্বেয়াৰ কৰিছে আৰু লিখিছেঃ
“ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত
“জয় শ্ৰী ৰাম”🙏🚩🚩🚩

Original Link- Facebook | Archived Link
আমি এই তথ্য পোৱালৈ পোষ্টটোত ৪৬১বাৰ লাইক, ৩৬তা কমেন্ট অৰু ৬১বাৰ শ্বেয়াৰ হৈছে।
ফেক্ট ক্ৰেছেণ্ডো জানিব পাৰিছো যে ভাইৰেল ফটোকেইখন নিৰ্মিয়মান ৰাম মন্দিৰৰ নহয়। কাশী বিশ্বনাথ কৰিড’ৰ প্ৰকল্পৰ অংশ হিচাপে কাশী বিশ্বনাথ মন্দিৰৰ মূল অংশৰ নিৰ্মান কাৰ্যৰ ফটো হে।
সত্যতা নিৰূপন পদ্ধতি
সৰ্ব প্ৰথমে আমি কেইটামান প্ৰাসংগিক শব্দ লৈ এটা গুগল ছাৰ্চ কৰি চালো, তেনেকুৱা কোনো ফটো কোনো মাধ্যমত প্ৰকাশ কৰা হৈছে নেকি। কিন্তু অনুৰূপ ফটো লাভ কৰাত আমি ব্যৰ্থ হলো। কিন্তু, আমি কিছুমান বাতৰি পালো যত উল্লেখ আছিল যে ৰাম মন্দিৰ নিৰ্মানৰ কামটো এতিয়াও আলোচনাৰ পৰ্যায়তেই আছে। ৩০ অক্টোবৰ শুকুৰবাৰে ফইজাবাট আৱৰ্ত ভৱনত ৰাম মন্দিৰ নিৰ্মান কমিটীৰ অধ্যক্ষৰ সৈতে অভিযন্তা আৰু বিশেষজ্ঞসকলৰ এখন আলোচনা হৈ যায়। কমিটীখনে মন্দিৰ নিৰ্মানৰ ক্ষেত্ৰত বিশেষজ্ঞ পৰামৰ্শ গ্ৰহন কৰি আছে।

Screenshot, The Economic Times Article
Original Link- The Economic Times | Archived Link
ইয়াৰ পিছত আমি এক ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱাত ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে হিন্দুস্তান টাইমছত “Uttar Pradesh: Work continues on war footing to complete Kashi Vishwanath corridor project by August 2021″(উত্তৰ প্ৰদেশ ২০২১ৰ আগষ্টলৈ সম্পূৰ্ণ কৰাৰ লক্ষৰে কাশী বিশ্বনাথ কৰিড’ৰ প্ৰকল্পৰ কাম যুদ্ধগতিত চলিছে).শীৰ্ষকেৰে প্ৰকাশিত এটা বাতৰি পালো।
একেই ফটোখিনি ইয়াত প্ৰকাশ কৰা হৈছিল “The main complex of the Kashi Vishwanath Temple under construction. (HT Photo)”(কাশী বিশ্বনাথ মন্দিৰৰ মূল অংশৰ নিৰ্মানকাৰ্যৰ ফটো) কেপছনৰ সৈতে।

Screenshot, Hindustan Times Article
Original Link- Hindustan Times | Archived Link
বাতৰি সমুহে উল্লেখ কৰিছে যে অহা বছৰ আগষ্টলৈ সম্পূৰ্ণ হৈ উঠিবলগীয়া কাশী বিশ্বনাথ কৰিড’ৰ প্ৰকল্পৰ নিৰ্মানৰ কাম যুদ্ধগতিত অব্যাহত আছে।
প্ৰকল্পটোৰ অংশ ২৪টাৰ ভিতৰত ৯টা গৃহই লাহে লাহে ২৫০০ কৰ্মীৰ নিয়োগেৰে এতিয়া পূৰ্ণ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে।
২০১৯ চনৰ ৮মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।
অমৰ উজালা নামৰ নিউজ পৰ্টেলটোত ২০২০ৰ ২৮ অক্টোবৰত “Construction work of PM’s dream project Kashi Vishwanath Dham speeds up, special pink stones being used”(প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ প্ৰকল্প কাশী বিশ্বনাথ ধামৰ কামৰ অগ্ৰগতি, বিশেষ গোলাপী শিলৰ ব্যৱহাৰ) শীৰ্ষকেৰে প্ৰকাশিত এটা বাতৰিতো একেই খিনি ফটো প্ৰকাশ কৰা হৈছিল। Original Link- Amar Ujala | Archived Link
ফলাফল
গতিকে এইটো স্পষ্ট হৈ পৰিছে যে ভাইৰেল হোৱা ফটোকেইখন অযোধ্যোৰ ৰাম মন্দিৰৰ নহয়। এই ফটোবোৰ বাৰানসীৰ কাশী বিশ্বনাথ কৰিড’ৰ প্ৰকল্পৰ হে।

Title:ভাইৰেল হোৱা এই ফটোবোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False