

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ৩৬জনৰ মৃত্যু হৈছে ।
শেহতীয়াকৈ বলিউডৰ ‘বিগ বি’ বুলি খ্যাত অভিনেতা অমিতাভ বচ্চন, তেওঁৰ পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বর্য ৰায় আৰু নাতি ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে । এনে সময়তে অমিতাভ বচ্চনৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত অভিনেতাজনে মুম্বাইৰ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক প্ৰশংসা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে শেহতীয়াকৈ (১১ জুলাই, ২০২০) অমিতাভ বচ্চন ক’ৰনা পজিটিভ হোৱাৰ ফলত নানাৱতি হস্পিটেলত ভৰ্তি হোৱাৰ পাছত উক্ত ভিডিঅ’ বার্তাটো তেওঁ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক উদ্দেশ্যি প্ৰকাশ কৰিছে ।
অসমত ঈশান নিউজ নামৰ ফেচবুক পে’জৰ পৰা এনে এক ভিডিঅ’ বাতৰি আপলোড কৰা হৈছে য’ত দাবী কৰা হৈছে যে অমিতাভ বচ্চন ক’ৰনা পজিটিভ হোৱাৰ ফলত নানাৱতি হস্পিটেলত ভৰ্তি হোৱাৰ পাছত উক্ত ভিডিঅ’ বার্তাটো তেওঁ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক উদ্দেশ্যি প্ৰকাশ কৰিছিল । উক্ত ফেচবুক পোষ্টটো ১২ জুলাই, ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু এতিয়ালৈকে ২৬৮ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভিডিঅ’টো ৪১ হেজাৰবাৰ দর্শন কৰা হৈছে ।
ঠিক তেনেকৈয়ে নিউজ ডেইলি ২৪ নামৰ এটা ফেচবুক পে’জৰ পৰা এই ধৰণৰ আন এক বাতৰি আপলোড কৰা হৈছে ।

ইয়াৰ উপৰিও প্ৰাগ নিউজ নামৰ আন এক ফেচবুক পে’জৰ পৰা এই ধৰণৰ এক বাতৰি আপলোড কৰা হৈছে য’ত দাবী কৰা হৈছে যে উক্ত ভাইৰেল ভিডিঅ’টো অমিতাভ বচ্চন ক’ৰনা পজিটিভ হোৱাৰ ফলত নানাৱতি হস্পিটেলত ভৰ্তি হোৱাৰ পাছত উক্ত ভিডিঅ’ বার্তাটো তেওঁ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক উদ্দেশ্যি প্ৰকাশ কৰিছিল ।

সঁচাকৈ অমিতাভ বচ্চন ক’ৰনা পজিটিভ হোৱাৰ ফলত নানাৱতি হস্পিটেলত ভৰ্তি হোৱাৰ পাছত উক্ত ভিডিঅ’ বার্তাটো তেওঁ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক উদ্দেশ্যি প্ৰকাশ কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভিডিঅ’টো বিশেষ ছফ্টৱেৰৰ সহায়ত কীফ্ৰেমছত বিভক্ত কৰিলোঁ, গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ভিডিঅ’টো প্ৰায় তিনিমাহ পুৰণি আৰু এপ্ৰিল ২৩, ২০২০ তাৰিখে ইউটিউবত আপলোড কৰা হৈছিল য’ত ‘অমিতাভ বচ্চনে ক’ৰনা যোদ্ধা সকলক প্ৰশংসা কৰিছে, ভগৱানে বগা কোট পিন্ধি হস্পিটেলত কাম কৰিছে বুলি কৈছে’ বুলি হিন্দীত শিৰোনামা দিয়া হৈছে ।

ইয়াৰ পাছত আমি টুইটাৰত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু নানাৱতি হস্পিটেলৰ পৰা এই সম্পৰ্কে এক স্পষ্টীকৰণ (টুইট) জাৰি কৰা দেখিলোঁ । তেওঁলোকে স্পষ্ট কৰিছে যে ভিডিঅ’টো বৰ্তমানৰ নহয় বৰঞ্চ এপ্ৰিল মাহৰ হয় যেতিয়া অভিনেতা জনে ক’ৰনা যোদ্ধা সকলৰ মনোবল বঢ়াবলৈ এই ভিডিঅ’টো ৰেকৰ্ড কৰিছিল ।

ফলাফল
ভাইৰেল ভিডিঅ’টো বৰ্তমানৰ নহয় বৰঞ্চ তিনিমাহ পুৰণি হয় । অমিতাভ বচ্চন শেহতীয়াকৈ ক’ৰনা পজিটিভ হোৱাৰ ফলত নানাৱতি হস্পিটেলত ভৰ্তি হোৱাৰ পাছত উক্ত ভিডিঅ’ বার্তাটো তেওঁ নানাৱতি হস্পিটেলৰ স্বাস্থ্য কৰ্মী সকলক উদ্দেশ্যি প্ৰেৰণ কৰিছে বুলি এক ভুৱা বাতৰি প্ৰচাৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।

Title:অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!
Fact Check By: Manjori BorkotokyResult: False