EXPLAINER: জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?

Covid-19 Explainer

আইআইটি গান্ধীনগৰৰ এক গৱেষণাৰ ফলাফলে শেহতীয়াভাৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে সকলোতে আতংকৰ সৃষ্টি কৰিছে। 

এই গৱেষণাৰ উদ্ধৃতি দি সংবাদ প্ৰতিস্থানৰ ৱেবচাইটে বাতৰি কৰিছে যে বিজ্ঞানীসকলে কৰ’ণাভাইৰাছৰ অৱশেষ লাভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতি নদীত আৰু গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত। 

এই খবৰে ভাইৰেল মেছেজ আৰু পোষ্টৰ ৰূপত ‘কৰ’ণাভাইৰাছ খোৱাপানীত পোৱা গৈছে’ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এইদৰে আতংকৰ সৃষ্টি কৰিছে যে পানীৰ জৰিয়তেও কোভিড১৯ৰ সংক্ৰমন হ’ব পাৰে। 

Search Link: Facebook

ফেক্ট ক্ৰেছেণ্ডোৱে এই গৱেষণা কৰ্মৰ মুখ্য গৱেষকৰ সৈতে ইয়াৰ প্ৰকৃত গৱেষণালব্ধ সত্যটো কি জানিবলৈ যোগাযোগ কৰিছিলো আৰু মিডিয়াই তেওঁলোকৰ বৈজ্ঞানীক তথ্যক শুদ্ধকৈ প্ৰকাশ কৰিছেনে জানিব বিচাৰিছিলো। 

কোনে কৰিছিল এই গৱেষণা? 

বিগত বৰ্ষত আইআইটি গান্ধীনগৰৰ গৱেষকসকলে ভাৰতৰ দুখন চহৰত প্ৰাকৃতিক পানীত চাৰ্ছ চিওভি-২ৰ জেনেটিক উপাদান ধৰা পেলোৱাৰ বাবে এই অধ্যয়ন সম্পন্ন কৰিছিল। 

তেওঁলোকে গুজৰাটৰ আহমেদাবাদ আৰু অসমৰ গুৱাহাটীৰ ভূপৃষ্ঠৰ পানীৰ ওপৰত চাৰ্ছ চিওভি-২ৰ এক টাইটাৰ মনিটৰিং কৰিছিল। 

আইআইটি গান্ধীনগৰৰ আৰ্থ চাইঞ্চ বিভাগৰ অধ্যাপক মনিশ কুমাৰে এই গৱেষণাৰ নেতৃত্ব লৈছিল। 

অধ্যাপক মনিশ কুমাৰে কয়, “এই অধ্যয়নটো কম পৰিছন্ন চহৰৰ লগতে গ্ৰাম্যাঞ্চলতো বেষ্টৱাটাৰ ট্ৰিটমেন্ট নকৰাকৈ বৰ্জনীয় পানীৰ পৰিদৰ্শন ক্ষমতা পৰীক্ষা কৰাৰ বাবে সম্পন্ন কৰা হৈছিল ইউনিচেফ(গুজৰাট),ইউকে-ইণ্ডিয়া ফাউণ্ডেশ্বন এণ্ড ৰিছাৰ্ছ ইনিছিয়েটিভে এই গৱেষণাটোত বিনিয়োগ কৰিছিল।”

কাৰণটো কি আছিল? 

কোভিড ১৯ ৰোগত আক্তান্ত ৰোগীয়ে জীৱন্ত কৰ’ণাভাইৰাছ নিজৰ মল-মুত্ৰত বহন কৰিব পাৰে,যিটোৱে শৌচ-পেচাপৰ দ্বাৰা সংক্ৰমন অথবা ভাইৰাছ বহন কৰা পানীৰ টোপালৰ এৰোছোলিছেচনেৰে সংক্ৰমন ঘটোৱাৰ এক গভীৰ শংকা বহন কৰে। 

চলি থকা কোভিড ১৯ মহামাৰী কালত তেনেকুৱা ভাইৰাছৰ উপস্থিতি পানীৰ মাজত থকাৰ সম্ভাৱনা তুলনামুলকভাৱে বৃদ্ধি কৰে। এই আশংকাসমুহ ভাৰতত বৃদ্ধি পাইছে য’ত আৱৰ্জনাসমুহ ভূপৃষ্ঠৰ জলাধাৰত পেলোৱা হয় আৰু মুকলিকৈ মলত্যাগো কৰা হয়। 

“ভাৰতবৰ্ষ বৰ্তমান কোভিড ১৯ৰ তৃতীয় লহৰৰ সমুখিন হোৱাৰ পথত। সেইবাবে চাৰ্ছ চিওভি ২ৰ জিনমৰ পৰ্যবেক্ষণৰ বাবে পোনপতিয়াভাৱে আৱৰ্জনা পেলোৱা ভূ-পৃষ্ঠৰ পানীক লক্ষ কৰি ল’ব পৰা যায় আৰু ই সংক্ৰমন,পৰিছন্নতা, ভৱিষ্যতৰ শংকা আৰু ব্যৱস্থাপনা আদি সন্দৰ্ভত অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে”, গৱেষণাপত্ৰত উল্লেখ। 

তেওঁলোকে কি তথ্য লাভ কৰিলে? 

অধ্যয়নটোৰ মূল লক্ষ্য আছিল পানীত কৰ’ণা ভাইৰাছ টাইটাৰৰ উপস্থিতিৰ সময় ব্যৱধানক বুজি উঠাটো। 

দলটোৱে ২০২০ৰ ৩ চেপ্তেম্বৰৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত আহমেদাবাদৰ কংকৰীয়া হৃদ,ছান্দোলা হৃদ,বস্ত্ৰপুৰ হৃদ আৰু সৱৰমতি নদীৰ পৰা প্ৰতি সপ্তাহত এবাৰকৈ পানীৰ নমুনা সংগ্ৰহ কৰিছিল।

qRT-PCR assay বিশ্লেষণৰ দ্বাৰা নিশ্চিত কৰা হল যে কৰ’ণা ভাইৰাছৰ জেনেটিক মেটেৰীয়াল (N, S, and ORF 1ab genes) আহমেদাবাদৰ পৰা লোৱা নমুনা বোৰত উপস্থিত আছিল । 

“আমি N-জিনৰ প্ৰতিকৃতি চাবৰমতী, চাণ্ডলা আৰু কানকৰিয়া হ্ৰদৰ পানীত পাইছোঁ । ORF লেব-জিন চাণ্ডলাৰ পানীত পোৱা নাই কিন্তু S-জিনৰ প্ৰতিকৃতি তিনিওটা হ্ৰদত পোৱা গৈছিল,” প্ৰফেছৰ কুমাৰে পিটিআই’ক ক’লে ।

গুৱাহাটীৰ পৰা লোৱা পানীৰ নমুনা বোৰত কৰ’ণা ভাইৰাছৰ আৰএনএই’ৰ উপস্থিতি ধৰা নপৰিল ।  

ক’ত প্ৰকাশ পাইছিল? 

কাৰ্য্য সাধন প্ৰণালী আৰু অনুসন্ধানৰ ফল স্বৰূপে লাভ কৰা তথ্যৰ বিষয়ে বিতংকৈ থকা গৱেষণা পত্ৰখন প্ৰথম বাৰৰ বাবে medRxiv নামৰ ৱেবছাইটটোত ১৬ জুন, ২০২১ তাৰিখে প্ৰি-প্ৰিন্ট হিচাবে প্ৰকাশ পাইছিল । 

“The Spectre of SARS-CoV-2 in Ambient Urban Natural Water in Ahmedabad and Guwahati: A Tale of Two Cities” গৱেষণা পত্ৰ খনৰ শিৰোনাম হয় । 

গৱেষণা পত্ৰখন প্ৰকাশ কৰোঁতে medRxivয়ে এক স্পষ্টীকৰণ দিছিল যে উক্ত গৱেষণা পত্ৰখন প্ৰি-প্ৰিন্ট হয় আৰু পিয়েৰ ৰিভিউ দ্বাৰা প্ৰমাণিত নহয় । 

medRxivৰ পৰা এক স্ক্ৰিনশ্বট লোৱা গৈছে কি বুজাইছে যে পঢ়ুৱৈ সকলে জানিব লাগে যে উক্ত গৱেষণা পত্ৰখন লিখক সকলৰ দ্বাৰা ফাইনেল কৰা হোৱা নাই আৰু কিছু ভুল থাকিব পাৰে । ইয়াৰ উপৰিও ইয়াত এনে কিছু ৰিপৰ্ট তথ্য থাকিব পাৰে যি এতিয়ালৈকে বৈজ্ঞানিক বা মেডিকেল কমিউনিটি দ্বাৰা গৃহীত বা স্বীকৃত হোৱা নাই । 

Screenshot, paper, medRxiv

Original Link: MedRxiv

সাংবাদিক সকলে এই বিষয়ে বাতৰি প্ৰকাশ কৰোঁতে জনাব লাগে যে উক্ত গৱেষণা বা ইয়াৰ ৰিজাল্ট সমুহ এতিয়ালৈকে বৈজ্ঞানিক বা মেডিকেল কমিউনিটি দ্বাৰা গৃহীত বা স্বীকৃত হোৱা নাই । 

এই বিষয়ে শেষ মন্তব্য কি? 

গৱেষণা পত্ৰখনে ইয়াৰ ফলাফলত স্পষ্টকৈ উল্লেখ কৰিছে যে অকল “SARS-CoV-2 genetic material” পানীৰ নমুনা বোৰত পোৱা গৈছে । গৱেষণা পত্ৰখনে ক’তো উল্লেখ কৰা নাই যে তেওঁলোকে সংক্ৰমণ হব পৰা কৰ’ণা ভাইৰাছৰ বীজাণু পানীৰ নমুনা বোৰত তেওঁলোক পাইছে । তেওঁলোকক এই বিষয়ে ফেক্ট ক্ৰেছেণ্ডোৰ পৰা যোগাযোগ কৰাত, তেওঁলোকে এই বিষয়ে ফোনযোগে নিশ্চিত কৰিলে যে তেওঁলোকে ক’তো জীয়া কৰ’ণা ভাইৰাছৰ বীজাণু পোৱা নাই । 

গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত কৰ’ণা ভাইৰাছৰ জীৱন্ত বীজাণু পোৱা গৈছে বুলি বাতৰি প্ৰচাৰ কৰি সাধাৰণ জনতাৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Avatar

Title:জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: Explainer

Leave a Reply

Your email address will not be published.