ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? নতুন TCS ব্যৱস্থা আপোনাৰ ওপৰত বোজা হ’ব নেকি? জানক।

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০২৩ চনৰ ১৬ মে’ত গেজেট অধিসূচনা জাৰি কৰি বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন ( Foreign Exchange Management Act )ৰ নিয়মৰ সংশোধনীৰ কথা ঘোষণা কৰে। এই সংশোধনীসমূহে ক্ৰেডিট কাৰ্ডৰ সহায়ত কৰা বহিঃৰাষ্ট্ৰৰ ব্যয়ক আৰ বি আইৰ লিবাৰেলাইজড ৰেমিটেন্স আঁচনি (LRS)ৰ অধীনত আনিছে। ইয়াৰ অৰ্থ আছিল যে বিদেশী ভ্ৰমণত কৰা ক্ৰেডিট […]

Continue Reading

২০০০টকীয়া নোটখন বন্ধ কৰি দিয়াৰ ফলত ৰাইজৰ কি হ’ব এতিয়া? জানক সবিস্তাৰে।

১৯ মে’ ২০২৩ শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে(RBI) ঘোষণা কৰে যে ২০০০টকীয়া নোটৰ  প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।  এই খবৰ প্ৰচাৰ হোৱাৰ পাছত বহুতে যিটোক “বিমুদ্ৰাকৰণ ২.০” বুলি অভিহিত কৰিছে। ইয়াৰ পাছত এই সিদ্ধান্তই জনসাধাৰণৰ মাজত এক উত্তেজনাৰ লগতে চ’ছিয়েল মিডিয়াত হাস্যৰসাত্মক আলোচনাৰো সৃষ্টি কৰিছে। তদুপৰি বহুতৰ বাবে ই এক অনিশ্চয়তাৰ কাৰণো সৃষ্টি কৰিছে। এই […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading

Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই

শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে […]

Continue Reading

EXPLAINER: অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পৰ ভাইৰেল আগজাননীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিশেষকৈ অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত এখন ফটো বা পোষ্ট ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা যে বৈজ্ঞানিকৰ মতে অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ এক ভূমিকম্প হবলৈ গৈ আছে । এই দাবী ভাইৰেল হৈ পৰিছে আৰু স্বাভাৱিকতেই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি হৈছে ।  যিহেতু ভূমিকম্পৰ দৰে ভূগৰ্ভৰ বিষয় সম্বন্ধে গৱেষণা, […]

Continue Reading

EXPLAINER: জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?

আইআইটি গান্ধীনগৰৰ এক গৱেষণাৰ ফলাফলে শেহতীয়াভাৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে সকলোতে আতংকৰ সৃষ্টি কৰিছে।  এই গৱেষণাৰ উদ্ধৃতি দি সংবাদ প্ৰতিস্থানৰ ৱেবচাইটে বাতৰি কৰিছে যে বিজ্ঞানীসকলে কৰ’ণাভাইৰাছৰ অৱশেষ লাভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতি নদীত আৰু গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত।  এই খবৰে ভাইৰেল মেছেজ আৰু পোষ্টৰ ৰূপত ‘কৰ’ণাভাইৰাছ খোৱাপানীত পোৱা গৈছে’ বুলি দাবী কৰি ছ’চিয়েল […]

Continue Reading