FACT CHECK: দিল্লীৰ এক সংঘৰ্ষৰ ভিডিঅ' লনি কাণ্ডৰ সৈতে ভুলকৈ সংযোগ কৰি প্ৰচাৰ কৰি থকা হৈছে
শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত দিল্লীৰ গাতে লাগি থকা লনি অঞ্চলত এজন বয়োজ্যেষ্ঠ মু্ছলমান ব্যক্তিক কেইজনমান মানুহে প্ৰহাৰ কৰি থকা দেখা গৈছে। একেই কাণ্ডৰ সৈতে সম্পৰ্ক থকা আন এটা ভিডিঅ'ত এই ব্যক্তিগৰাকীয়ে দাবী কৰিছে যে আক্ৰমনকাৰীয়ে তেওঁৰ দাড়ি কাটি পেলাইছে আৰু তেওঁক 'জয় শ্ৰী ৰাম' বুলি ক'বলৈ বাধ্য কৰিছে। কিন্তু উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰাথমিক তদন্তত এইটো স্পষ্ট হৈ পৰিছে যে এই ঘটনাটোৰ সৈতে কোনো ধৰণৰ সাম্প্ৰদায়িক দিশ জৰিত হৈ নাই আৰু ঘটনাটো ব্যক্তিগত শত্ৰুতাত সংঘটিত হৈছিল,য'ত অভিযুক্তসকলৰ মাজত কেইজনমান মু্ছলমান মানুহো আছে।
পোষ্টটোৰ শীৰ্ষকত এইখিনি লিখা আছে: “গাজিয়াবাদত ৭০ বৰ্ষীয় বৃদ্ধ বুজুৰ্গক পিষ্টল দেখুৱাই দাঢ়ি কটা ৪ জন দোষীৰ ভিতৰত এজনক লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু বাকী ৩ জনক ৰাইজে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰে ৷ আইন হাতত লৈ ভুল কৰিছে!”
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৰ অনুসন্ধানত পোৱা হৈছে যে ভাইৰেল ভিডিঅ'টো আন এটা ঘটনাৰ হে,যিটো ঘটনা দিল্লীৰে সমীপৰ জাহাংগীৰপুৰি অঞ্চলৰ,য'ত স্থানীয় লোক আৰু ৰিক'ভাৰী এজেন্টৰ মাজত এক কাজিয়া হৈছিল।
সত্যতা নিৰূপন পদ্ধতি
আমি অনুসন্ধানৰ আৰম্ভনীতে এক বিশেষ এপ্লিকেছনৰ সহায় লৈ ভিডিঅ'টো বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি ল'লো আৰু গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। ফলত আমি ১৩জুনত দিল্লীৰ জাহাংগীৰপুৰিৰ বিভিন্ন স্থানীয় লোক আৰু সাংবাদিকে আপলোড কৰা এই ভিডিঅ'টো পালো।
নিউজ নেশ্বনে ১৩জুনত এই ভিডিঅ'টো তেওঁলোকৰ ইউটিউৱ চেনেলত আপলোড কৰিছিল আৰু লিখিছিল “In Delhi's Jahangirpuri, the mob surrounded and beat up the goons” (দিল্লীৰ জাহাংগীৰপুৰিত এক জনসমুহে চোৰক ধৰি প্ৰহাৰ কৰি মাৰি পেলাইছে)।
ফেক্ট ক্ৰেছেণ্ডোৱে জাহাংগীৰপুৰি আৰক্ষী থানাৰ পৰিদৰ্শক চিপি ভৰদ্বাজৰ সৈতে যোগাযোগ কৰিছিল আৰু ভিডিঅ'টোত দেখা ঘটনাটো সম্পৰ্কত তথ্য আহৰণ কৰাৰ চেষ্টা কৰিছিলো। তেওঁ আমাক জানিবলৈ দিছিল যে "এই ঘটনাটো আমাৰ অঞ্চলত ঘটিছিল। ধনদাবীৰ ব্যৱসায়ৰ সৈতে জৰিত ৱজিৰাবাদৰ তিনিজন লোক আহি স্থানীয় লোকক ভাবুকি দিয়া আৰম্ভ কৰিছিল। তেওঁলোকে আনকি বলপূৰ্বক কিছুমান ঘৰত প্ৰৱেশো কৰিবলৈ চেষ্টা কৰিছিল আৰু ফলত স্থানীয় লোকৰ সৈতে সংঘৰ্ষ হৈছিল। আমি সেই তিনিজন ৰিকোভাৰী এজেন্টৰ লগতে মুঠ আঠজনক গ্ৰেপ্তাৰ কৰিছো। দুয়োপক্ষই ইজনে আনজনক চিনি পায়। এইটো সাম্প্ৰদায়িক বিষয় নহয়। ইয়াত ধন জৰিত কথা কিছুমান জৰিত আছে। অভিযুক্তকেইজনে ধন সংগ্ৰহৰ বাবে আহিছিল,যেতিয়া তেওঁলোকক আক্ৰমন কৰা হৈছিল। দুয়োপক্ষৰ লোককে গ্ৰেপ্তাৰ কৰা হৈছে। লনিত বয়োজ্যেষ্ঠ লোকজনক কৰা আক্ৰমনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।"
ফলাফল
সত্যক পৰীক্ষা কৰাৰ অন্তত,আমি জানিব পাৰিলো যে ভিডিঅ'টোৰে কৰা দাবীটো মিছা। ভিডিঅ'টো দিল্লীৰ সমীপৰ জাহাংগীৰপুৰি অঞ্চলৰ, যাৰ লনি কাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই।
Title:দিল্লীৰ এক সংঘৰ্ষৰ ভিডিঅ' লনি কাণ্ডৰ সৈতে ভুলকৈ সংযোগ কৰি প্ৰচাৰ কৰি থকা হৈছে
Fact Check By: Manjori BorkotokyResult: False