লক ডাউন উলংঘা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল নেকি?

Misleading Political
Eng 1.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ২৪ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে সোতৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৫৪৩ জনৰ মৃত্যু হৈছে । অসমতো ৩৫জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে । 

এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিলে ।  

এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন ভুৱা বাতৰি/মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক পোষ্ট সম্প্ৰতি অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে য’ত এখন ফটোত বৰ্তমানৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাক প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ সৈতে এখন বিয়াত দেখা গৈছে আৰু আনখন ফটোত লক ডাউন উলংঘা কৰাৰ বাবে কিছু লোকক পুলিচে শাস্তি দি থকা দেখা গৈছে । দাবী কৰা হৈছে যে য়েডিয়ুৰাপ্পায়ে যোৱা ১৭ এপ্ৰিল, ২০২০ তাৰিখে অনুষ্ঠিত কুমাৰস্বামীৰ পুতেকৰ বিয়াত লক ডাউনক আওকাণ কৰি উপস্থিত আছিল আৰু এইখন সেই সময়ৰে ফটো । উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীক ইতিমধ্যে লক ডাউনৰ সময়ত সামাজিক ভাৱে পুতেকৰ বিয়া পতাৰ বাবে সমালোচনা কৰা হৈছে । 

উক্ত পোষ্টটো অংকুৰ বৈদ্য নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ১৮ এপ্ৰিল, ২০২০ তাৰিখে আপলোড কৰা হৈছিল আৰু পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু ৩৩০ বাৰ শ্বেয়াৰ কৰা হৈছে । 

ফটোখনৰ আঁৰৰ কাহিনী কি? সঁচাকৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পায়ে লক ডাউনৰ মাজত যোৱা শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিয়ালৈ গৈছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু উক্ত ফটোখন আউটলুক আলোচনীৰ ৱেবছাইটৰ ফটো গেলাৰীত দেখা পালোঁ য’ত স্পষ্টকৈ লিখা আছে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা উপস্থিত থকা ফটোখন প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ এনগেজমেন্টৰ সময়ৰ হয় । ইয়াৰ ফলত এইখন কুমাৰস্বামীৰ পুত্ৰৰ বিয়াৰ সময়ৰ ফটো যে নহয় সেইয়া স্পষ্ট হৈ পৰিছে । 

Eng 2.png

আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে নিউইণ্ডিয়ান এক্সপ্ৰেছত ১০ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে প্ৰকাশিত এক বাতৰি আমাৰ চকুত পৰিল । আমি গম পালোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ এনগেজমেন্ট ফেব্ৰুৱাৰী ১০, ২০২০ তাৰিখে হৈছিল আৰু সেই সময়তহে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পায়ে উক্ত অনুষ্ঠানটোত উপস্থিত আছিল । ভাইৰেল হোৱা ফটোখন সেইদিনাৰেই হয় আৰু আমি সেইদিনাৰ আন কিছুমান ফটো আৰু ভিডিঅ’ উক্ত বাতৰিটোত দেখিবলৈ পালোঁ । বাতৰিটো ইয়াত পঢ়ক । 

Eng 3.png

ফলাফল

ভাইৰেল ফটোখন কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ ফেব্ৰুৱাৰী ১০, ২০২০ তাৰিখে অনুষ্ঠিত হোৱা এনগেজমেন্টৰ সময়ত উপস্থিত থকা সময়ৰ হয় । এই ফটোখনৰ এপ্ৰিল ১৭, ২০২০ তাৰিখে কুমাৰস্বামীৰ পুত্ৰৰ বিয়াৰ লগত কোনো সম্পৰ্ক নাই আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । আমি ভালদৰেই জানোঁ যে ফেব্ৰুৱাৰী ১০, ২০২০ তাৰিখে কোনো লক ডাউন ঘোষণা কৰা হোৱা নাছিল গতিকে উক্ত অনুষ্ঠানটোত উপস্থিত থাকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পায়ে কোনো নিয়ম ভংগ কৰা নাছিল ।

Avatar

Title:লক ডাউন উলংঘা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল নেকি?

Fact Check By: Manjori Borkotoky 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *