
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৪৪ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ২১ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে বাৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৪২০ জনৰ মৃত্যু হৈছে । অসমতো ৩২জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।
এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন ভুৱা বাতৰি/মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক ভিডিঅ’ সম্প্ৰতি অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে উক্ত ভিডিঅ’টো অসমৰ হয় আৰু চৰকাৰে ক’ৰনা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধিবলৈ লক ডাউন ঘোষণা কৰাৰ পাছত মদৰ দোকানবোৰ বহুতদিন বন্ধ আছিল আৰু শেহতীয়াকৈ দুদিনমানৰ বাবে মদৰ দোকান খুলিবলৈ দিয়াৰ পাছত ৰাজ্যত এনে পৰিস্থিতি হৈছে । পোষ্টটোত, “চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত লক ডাউন দিছিল।যাৰ বাবে মদৰ দোকান পোহাৰ বন্ধ আছিল। কিন্তু চৰকাৰৰ লক ডাউনৰ সময়সীমা পাৰ নহওঁতেই চৰকাৰে মদৰ দোকান খুলি দিয়াৰ সিদ্ধান্ত লোৱাৰ পাছৰ দৃশ্য চাওঁক। কোনো ধৰণৰ সামাজিক দুৰত্ব বজাই ৰাখিবলৈ সক্ষম নহ’ল। চৰকাৰৰ সিদ্ধান্তৰ কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। যেনে ৰজা তেনে প্ৰজা আমি নহয় নে???”, বুলি লিখা আছে । উক্ত পোষ্টটো হানিফ আলি খান নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ১৪ এপ্ৰিল, ২০২০ তাৰিখে ৰাতি ১২:১৪ বজাত আপলোড কৰা হৈছে আৰু প্ৰায় এহেজাৰবাৰ শ্বেয়াৰ হৈছে আৰু দহ হেজাৰ বাৰ দৰ্শন কৰা হৈছে ।
সঁচাকৈ এই ভিডিঅ’টো অসমৰ হয় নেকি আৰু শেহতীয়াকৈ অসম চৰকাৰে দুদিনমানৰ কাৰণে মদৰ দোকান খুলিবলৈ দিয়াৰ পাছত এনে পৰিস্থিতি সৃষ্টি হৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ভিডিঅ’টো বহু বছৰ পুৰণি আৰু অসমৰ নহয় । উক্ত ভিডিঅ’টো ২৭ অক্টোবৰ, ২০১৯ চনতে টুইটাৰত মনোজ কুমাৰ নামৰ এক প্ৰফাইলৰ পৰা আপলোড হোৱা দেখিলোঁ য’ত লিখা আছে যে ভিডিঅ’টো আচলতে কেৰেলাৰ হয় আৰু এক বাই-ইলেকচনৰ বাবে দুদিন মদৰ দোকানবোৰ বন্ধ ৰখাৰ পাছত তৃতীয় দিনা দোকানবোৰ আকৌ খুলি দিয়াৰ পাছত এনে দৃশ্য দেখিবলৈ পোৱা গৈছিল ।
ইয়াৰ পাছত আমি এই সম্পৰ্কে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে উক্ত ভিডিঅ’ সম্বলিত এক বাতৰি নৱভাৰত টাইমছ নামৰ নিউজ ৱেবচাইটত নৱেম্বৰ ৪, ২০১৯ তাৰিখে প্ৰকাশ পাইছিল । বাতৰিটোত স্পষ্টকৈ লিখা আছে যে ইলেকচনৰ বাবে কেৰেলাত দুদিন মদৰ দোকানবোৰ বন্ধ ৰখাৰ পাছত তৃতীয় দিনা দোকানবোৰ আকৌ খুলি দিয়াৰ পাছত এই দৃশ্য দেখিবলৈ পোৱা গৈছিল । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত ।
ইয়াৰ বাদেও অসমৰ কোনো নিউজ গোষ্ঠীৰ ৱেবচাইটত আমি এই বিষয়ে গুগল চাৰ্ছ কৰি কোনো বাতৰি দেখা নাপালোঁ ।
ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো বহু পুৰণি হয়, অসমৰ নহয় বৰঞ্চ কেৰেলাৰ হয় । শেহতীয়াকৈ অসমত দুদিনমানৰ বাবে মদৰ দোকান খুলিবলৈ দিয়াৰ লগত এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই । ক’ৰনা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধিবলৈ লক ডাউন ঘোষণা কৰাৰ পাছত মদৰ দোকানবোৰ বহুতদিন বন্ধ আছিল আৰু শেহতীয়াকৈ অসমত দুদিনমানৰ বাবে মদৰ দোকানবোৰ খুলিবলৈ দিয়াৰ পাছত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি দাবী কৰি জনসাধাৰণৰ মাজত ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে ।

Title:অসমত লক ডাউনৰ মাজতে শেহতীয়াকৈ দুদিনমানৰ বাবে মদৰ দোকান খুলিবলৈ দিয়াৰ পাছত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False