অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত খাবলৈ চাউল নথকাৰ বাবে মানুহে সাপ মাৰি খাইছে নেকি?

Coronavirus False Social
Snake.png

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ২৫ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে ওঠৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬০৩ জনৰ মৃত্যু হৈছে । অসমতো ৩৫জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে । 

এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিলে ।  

এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন ভুৱা বাতৰি/মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক বাতৰিৰ মতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত খাবলৈ একো নোপোৱাৰ বাবে মানুহে সাপ মাৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এই সম্পৰ্কে এক ভিডিঅ’ ফেচবুকৰ জৰিয়তে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি তিনিজন মানুহক এডাল প্ৰকাণ্ড মৰা ফেঁটী সাপ কান্ধত লৈ থকা দেখা পাইছোঁ । তেওঁলোকে ভিডিঅ’টোত দাবী কৰিছে যে লক ডাউনৰ বাবে তেওঁলোকে একো খাবলৈ নোপোৱাত সাপ ডাল মাৰি খাবলৈ আনিছে । এই ভিডিঅ’টো বাতৰিৰ আকাৰে বিভিন্ন ৰাষ্ট্ৰীয় মাধ্যমৰ নিউজ চেনেলে প্ৰকাশ কৰিছে । অসমতো এই বাতৰি ভাইৰেল হৈ পৰিছে । ইয়াৰ উপৰিয়ো নিতুলমণি ভৰালী নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা যোৱা ১৯ এপ্ৰিল, ২০২০ তাৰিখে এই ভিডিঅ’টো আপলোড কৰা হৈছে । “ঘটনাটো অৰুণাচল প্ৰদেশৰ একো খাবলৈ নাপায় ফেঁটী সাপ মাৰি খাবলৈ লোৱা দৃশ্য”, বুলি শিৰোনামা দি তেওঁ ভিডিঅ’টো আপলোড কৰিছে । 

সঁচাকৈ অৰুণাচল প্ৰদেশত খাদ্যৰ নাটনি হৈছে নেকি? সঁচাকৈ একো খাবলৈ নাপায় মানুহে সাপ মাৰি খাবলৈ বাধ্য হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্রথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে প্ৰথমে এই বিষয়ে এনডিটিভি নামৰ ৰাষ্ট্ৰীয় নিউজ চেনেলটোৱে এক বাতৰি প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এই বাতৰিটো শ্বেয়াৰ কৰা হৈছিল । বাটৰিটোৰ শিৰোনামাত দাবী কৰা হৈছিল যে খাবলৈ চাউল নথকাৰ বাবে অৰুণাচলৰ ট্ৰাইবেল মানুহে সাপ মাৰি খাইছে । 

Snake 1.png

আমি এই টুইটটোৰ কমেণ্টছ চেক্সনত ভাৰত চৰকাৰৰ মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুয়ে উক্ত বাতৰিটো নাকচ কৰা দেখিলোঁ । তেওঁ লিখিছে যে চাউল নথকাৰ বাবে সাপ মাৰি খাইছে বুলি প্ৰকাশ কৰা বাতৰিটো ভুল হয় আৰু অৰুণাচল প্ৰদেশত কোনেও খাবলৈ সাপ চিকাৰ নকৰে । জীৱ জন্তু হত্যা কৰাটো তেওঁ বিৰোধিতা কৰে কিন্তু সত্যাসত্য নিৰূপণ নকৰাকে বাতৰি প্ৰকাশ কৰিব নালাগে বুলি তেওঁ লগতে কয় । 

Snake 2.png

ইয়াৰ পাছত আমি এই সম্পৰ্কে আৰু অনলাইন চাৰ্ছ কৰাত অৰুণাচল প্ৰদেশ চৰকাৰৰ এক প্ৰেছ ৰিলিজ পালোঁ য’ত স্পষ্টভাৱে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত কোনো চাউলৰ নাটনি হোৱা নাই । ইয়াত লগতে কোৱা হৈছে যে লক ডাউনৰ পাছত বৰ্তমানলৈকে ২০,০০০জন লোকক বিনামূলীয়া ৰেচন চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে । এই সম্পৰ্কে বিতংকৈ ইয়াত পঢ়ক । 

Snake 3.png

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুকত চাৰ্ছ কৰাত আমি দেখিলোঁ যে অৰুণাচলৰ বিভিন্ন লোকেল মিডিয়া চেনেল আৰু নিউজ ৱেবচাইটৰ ফালৰ পৰা এই বিষয়ে এক অনুসন্ধান কৰা হৈছিল আৰু তেওঁলোকে ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ব্যক্তি কেইজনক বিচাৰি উলিয়াইছিল । তেওঁলোকৰ বাতৰি/ভিডিঅ’ চোৱাৰ পাছত স্পষ্ট হৈ পৰিছে যে মানুহকেইজনে আচলতে ঘৰত খাবলৈ চাউল নথকাৰ বাবে সাপ মৰা নাছিল । লগতে তেওঁলোকে এতিয়া নিজ মুখেৰে মানি লৈছে যে তেওঁলোকে সেই সময়ত মদ খাই আছিল বাবে ঘৰত খাবলৈ নথকাৰ বাবে সাপ মাৰি খাইছে বুলি মিছাকৈ ভিডিঅ’টোত কৈছিল । 

Snake 4.png

এই সম্পৰ্কে বিভিন্ন লোকেল মিডিয়াৰ বাতৰি ইয়াত আৰু ইয়াত পঢ়ক ।

Snake 5.png

ফলাফল

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ব্যক্তি কেইজনে ঘৰত খাবলৈ চাউল নথকাৰ বাবে সাপ মৰা নাছিল । তেওঁলোকে প্ৰথমে মদৰ ৰাগীত মিছাকৈ তেনেকৈ কৈছিল আৰু তেওঁলোকৰ ভাষ্যৰ সত্যাসত্য নিৰূপণ নকৰাকে বাতৰি প্ৰকাশ কৰাৰ বাবে হয়তো অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত ঘৰত খাবলৈ চাউল নথকাৰ বাবে মানুহে সাপ মাৰি খাইছে বুলি ভুৱা বাতৰি/ভিডিঅ’ ভাইৰেল হৈ পৰিছিল । 

Avatar

Title:অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত খাবলৈ চাউল নথকাৰ বাবে মানুহে সাপ মাৰি খাইছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *