এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।  এই সময়তে আম আদমী পাৰ্টি (আপ) কাউন্সিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে দিল্লীৰ […]

Continue Reading

আৰক্ষীৰ লোক এজনে হাতত শিলগুটি লৈ থকা এই ভাইৰেল ফটোখন দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে । বৰ্তমানলৈকে দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।  দিল্লী আৰক্ষীৰ বিৰুদ্ধেও বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে […]

Continue Reading

দিল্লীৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছত মনোজ তিৱাৰীয়ে এক সাক্ষাৎকাৰৰ সময়ত এই দৰেই কান্দি উঠিছিল নেকি?

শেহতীয়াকৈ ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে । বিশেষকৈ দিল্লী বিজেপি প্ৰধান মনোজ তিৱাৰীয়ে বাৰুকৈ লাজ পাইছে । মিডিয়া ৰিপৰ্ট কিছুমানৰ মতে বিজেপিৰ দিল্লী নিৰ্বাচনৰ শোচনীয় ফলাফলৰ বাবে তিৱাৰীয়ে আনকি পদত্যাগ কৰাৰো প্ৰস্তাৱ দিছে ।  এইখিনি সময়তে ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তিৱাৰীক এক সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ […]

Continue Reading

এইবাৰ গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি?

শেহতীয়াকৈ ভাৰতে ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিলে । এই দিৱসৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াৰ সমন্ধে বিভিন্ন ধৰণৰ বাতৰি বা ফটো/ভিডিঅ’ বহুল ভাৱে শ্বেয়াৰ হ’ল । এই সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল ।  ভাইৰেল ফটোখনত ৰাহুল গান্ধীক নিজৰ বাওঁ হাতেৰে চেল্যুট দি থকা দেখা গ’ল আৰু ফটোখনৰ […]

Continue Reading

এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে ।   অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, […]

Continue Reading

এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!

টুইটাৰ লিংক | সংৰক্ষিত লিংক যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি […]

Continue Reading

শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে!

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, দিল্লীৰ শ্বাহীন বাগ নামৰ ঠাইখনত হৈ থকা প্ৰতিবাদৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ এটা দলক এখন বন্ধ হৈ থকা দোকানৰ সন্মুখত থিয় হৈ থকা দেখা […]

Continue Reading

জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য’ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে ।  […]

Continue Reading

এইটো কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰা ভিডিঅ’ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক সম্প্ৰতি অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত বাইক ৰেলী কৰি অহা এদল মানুহক আন এদল মানুহে আক্ৰমণ কৰা দেখা গৈছে । এই ভিডিঅ’টো […]

Continue Reading

এইখন অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ফটো নহয়!

অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ফটোখনত এবিভিপি, (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) অসমৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে […]

Continue Reading