শেহতীয়াকৈ ভাৰতে ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিলে । এই দিৱসৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াৰ সমন্ধে বিভিন্ন ধৰণৰ বাতৰি বা ফটো/ভিডিঅ' বহুল ভাৱে শ্বেয়াৰ হ'ল । এই সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল ।

ভাইৰেল ফটোখনত ৰাহুল গান্ধীক নিজৰ বাওঁ হাতেৰে চেল্যুট দি থকা দেখা গ'ল আৰু ফটোখনৰ লগত থকা এক কেপচনত দাবী কৰা হ'ল যে গান্ধীয়ে নিজৰ বাওঁ হাতেৰে চেল্যুট কৰি আমাৰ দেশক অপমান কৰিছে ।

এনে এখন ফটো অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে আৰু এইবাৰৰ গণতন্ত্ৰ দিৱসৰ ফটো বুলি দাবী কৰা হৈছে ।

উল্লেখযোগ্য যে ভাৰতত সোঁহাতেৰে চেল্যুট বা কৰমৰ্দন কৰাটোৱেই নিয়ম আৰু গ্ৰহণযোগ্য বুলি ধৰা হয় । তেনেস্থলত সঁচাকৈ ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

আমি এই বিশেষ ভাইৰেল ফটোখন ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে আচল ফটোখন প্ৰথমবাৰৰ বাবে ২০১১ চনতে কেইবাটাও নিউজ ৱেবছাইটত প্ৰকাশ পাইছিল । নিউজ চেনেল এনডিটিভি আৰু জি নিউজে উক্ত ফটোখন ২০১১ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰকাশ কৰিছিল ।

Rahul NDTV.png
Rahul zee.png

আৰু অনুসন্ধান কৰি আমি জেত্তি ইমেজেছৰ ৱেবছাইটত এই ফটোখন উপলবদ্ধ থকা দেখিবলৈ পালোঁ ।

WhatsApp Image 2020-01-31 at 14.31.44.jpeg

ৱেবছাইটটোত ফটোখনৰ শিৰোনামা দিয়া আছে, 'এআইচিচি সাধাৰণ সম্পাদক ৰাহুল গান্ধী দিল্লীৰ পাৰ্টি হেডকোৱাৰ্টাৰত ৬৫তম স্বাধীনতা দিৱস উদযাপনৰ সময়ত' । ৱেবছাইটত আপলোড হোৱা ফটোবোৰত আমি ৰাহুল গান্ধীয়ে সাধাৰণ ভাৱে সোঁ হাতেৰে চেল্যুট কৰি থকা দেখিলোঁ ।

ইয়াৰ পাছত আমি ভাইৰেল হোৱা ফটোখনক ওলোটা (সোঁফালটো বাওঁফাল) কৰি চালোঁ আৰু দেখিলোঁ যে ওলোটা কৰাৰ পাছত ভাইৰেল হোৱা ফটোখন ২০১১ চনতে বিভিন্ন নিউজ ৱেবছাইট আপলোড হোৱা ফটো লগত হুবহু মিলি গৈছে ।

WhatsApp Image 2020-01-31 at 14.31.45.jpeg

আমি নিশ্চিত হলোঁ যে আচলতে ৰাহুল গান্ধীয়ে সোঁহাতে চেল্যুট কৰিছিল আৰু উক্ত ফটোখন এডিট কৰি বিকৃত কৰি দিয়া হৈছিল ।

ফলাফল

ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰি থকা ফটোখন ভুৱা হয় । তেওঁ সাধাৰণতে কৰাৰ দৰে সোঁ হাতেৰে চেল্যুট কৰিছিল কিন্তু এই ফটোখন এডিট কৰি বিকৃত কৰা হৈছিল আৰু জনসাধাৰণৰ মাজত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল বুলি প্ৰচাৰ কৰি সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰা হৈছিল । ইয়াৰ উপৰিয়ো আমি নিশ্চিত হলোঁ যে ফটোখন এইবাৰ শেহতীয়াকৈ হৈ যোৱা গণতন্ত্ৰ দিৱসৰ নহয় বৰঞ্চ ৯ বছৰ মান পুৰণি স্বাধীনতা দিৱসৰ ফটো হয় ।

Avatar

Title:এইবাৰ গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি?

Fact Check By: Manjori Borkotoky

Result: False