
সম্প্ৰতি অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত বাইক ৰেলী কৰি অহা এদল মানুহক আন এদল মানুহে আক্ৰমণ কৰা দেখা গৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টবোৰত দাবী কৰা হৈছে যে কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সপক্ষে উলিওৱা এক ৰেলীত এইদৰে আক্ৰমণ কৰিছে ।
এই ভিডিঅ’টো ASOMIYA365 নামৰ এটা ফেচবুক পেজত যোৱা ৯ জানুৱাৰী, ২০২০ তাৰিখে আগবেলা ১১:০২ বজাত আপলোড কৰা হৈছে য’ত শিৰোনামা দিয়া হৈছে- “এইয়া কেৰেলাৰ দৃশ্য । RSS আৰু BJP এ CAA ৰ সমৰ্থনত উলিওৱা বাইক ৰেলীক খেদিলে জনতাই ।” উক্ত পোষ্টটো এতিয়ালৈকে ২২১ বাৰ শ্বেয়াৰ হৈছে আৰু ভিডিঅ’টো ৮.৭ হাজাৰতকৈ অধিকবাৰ দৰ্শন কৰা হৈছে ।
সঁচাকৈ কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ভিডিঅ’টো এবছৰমান পুৰণি আৰু দাবী কৰাৰ দৰে দেশৰ শেহতীয়া ঘটনাৰাজিৰ লগত কোনো সম্পৰ্ক নাই ।
আমি এই সম্পৰ্কে টাইমছ অফ ইণ্ডিয়াৰ জানুৱাৰী ৩, ২০১৯ তাৰিখে প্ৰকাশ হোৱা এটা বাতৰি দেখা পালোঁ । বাতৰিটোৰ শিৰোনামা হ’ল, “সাবৰীমালা সংঘাত: উগ্ৰ জনতায়ে হৰতাল সমৰ্থনকাৰিক কেৰেলাৰ মালাপ্পুৰম জিলাৰ এডাপ্পালত আক্ৰমণ কৰে” আৰু বাতৰিটোত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা একেটাই স্ক্ৰিন গ্ৰেব ব্যৱহাৰ কৰা হৈছে ।

বাতৰিটোত আপলোড হোৱা ৫১ চেকেণ্ডৰ ভিডিঅ’টোত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা একেইখিনি ভিজুৱেল দেখা গৈছে । টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্টটোৰ মতে বৃহৎ সংখ্যক মানুহে কেৰেলাৰ মালাপ্পুৰম জিলাৰ এডাপ্পালত এক ৰেলীৰ সমৰ্থনকাৰিক আক্ৰমণ কৰে । ৰিপৰ্টটোত আৰু লিখা হৈছে যে সাবৰীমালা কৰ্মা সমিতিয়ে সাবৰীমালা মন্দিৰত যুৱতীৰ প্ৰৱেশৰ বিৰুদ্ধে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এক হৰতাল ঘোষণা কৰিছিল ।
আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি আৰু অনুসন্ধান কৰিলোঁ ফলত আমি দেখিলোঁ যে দুগৰাকী ৫০তকৈ কম বয়সৰ মহিলা সাবৰীমালা মন্দিৰৰ গৰ্ভ গৃহৰ ভিতৰত সোমোৱাৰ পাছত সাবৰীমালা কৰ্মা সমিতিয়ে জানুৱাৰী ৩, ২০১৯ তাৰিখে দিনজোৰা হৰতাল ঘোষণা কৰিছিল আৰু এই বিষয়ে নিউজ মিনিট নামৰ নিউজ ৱেবছাইটত জানুৱাৰী ২, ২০১৯ তাৰিখে এক বাতৰি প্ৰকাশ কৰিছিল ।

ফলাফল
ভাইৰেল হোৱা ভিডিঅ’টো প্ৰায় এক বছৰ পুৰণি আৰু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে হোৱা আন্দোলনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । ভিডিঅ’টো আচলতে কেৰেলাৰ সাবৰীমালা মন্দিৰৰ লগত সম্পৰ্ক থকা এক সংঘাতৰ হয় ।

Title:এইটো কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰা ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False