দিল্লীৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছত মনোজ তিৱাৰীয়ে এক সাক্ষাৎকাৰৰ সময়ত এই দৰেই কান্দি উঠিছিল নেকি?

False Political

শেহতীয়াকৈ ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে । বিশেষকৈ দিল্লী বিজেপি প্ৰধান মনোজ তিৱাৰীয়ে বাৰুকৈ লাজ পাইছে । মিডিয়া ৰিপৰ্ট কিছুমানৰ মতে বিজেপিৰ দিল্লী নিৰ্বাচনৰ শোচনীয় ফলাফলৰ বাবে তিৱাৰীয়ে আনকি পদত্যাগ কৰাৰো প্ৰস্তাৱ দিছে । 

এইখিনি সময়তে ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তিৱাৰীক এক সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ কন্দা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া বিজেপিৰ দিল্লী প্রধানৰ দিল্লী নিৰ্বাচনত শোচনীয় ফলাফলৰ পাছৰ অৱস্থা । 

উক্ত ভিডিঅ’টো অসমত হোৱাটচ এপ্প ফৰৱাৰ্ড জৰিয়তে ভাইৰেল হৈ পৰিছে । ফৰৱাৰ্ডটোত ভিডিঅ’টোৰ সৈতে “দিল্লীত হৰাৰ পাছত মনোজ তিৱাৰীৰ এই অৱস্থা” বুলি লিখা আছে । 

সঁচাকৈ মনোজ তিৱাৰীয়ে বিজেপিৰ দিল্লী নিৰ্বাচনত শোচনীয় ফলাফলৰ পাছত এক সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ কান্দি উঠিছিল নেকি? সত্য কি? জানোঁ আহক ।

প্ৰণালী

আমি ভাইৰেল ভিডিঅ’টো ভালকৈ লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে সাক্ষাৎকাৰটো টিভি নাইন নিউজ চেনেলৰ হয় যিহেতু ৰিপৰ্টাৰ জনৰ হাতত টিভি নাইন নিউজ চেনেলৰ ল’গ’ লাগি থকা এক মাইক্ৰফোন দেখা পালোঁ । 

ইয়াৰ পাছত আমি এই বিষয়ে ইউটিউবত চাৰ্ছ কৰিলোঁ আৰু জানুৱাৰী ১৪, ২০২০ তাৰিখে আপলোড কৰা প্ৰকৃত সাক্ষাৎকাৰটো বিচাৰি পালোঁ । ইয়াত ভিডিঅ’টোৰ শিৰোনামা “টিভি নাইনৰ সাংবাদিক অভিষেক উপাধ্যায়ৰ সৈতে সাক্ষাৎকাৰত কেজৰীৱালক চেলেঞ্জ কৰাৰ বাদে মনোজ তিৱাৰী কিয় ভাবুক হৈ পৰিল, শুনক” বুলি দিয়া হৈছে । 

manoj tv9.png

ইউটিউব ভিডিঅ’ | সংৰক্ষিত ভিডিঅ’

ভিডিঅ’টোত সাংবাদিকজনে যেতিয়া তিৱাৰীক তেওঁৰ পৰিয়াল আৰু প্ৰতিপালনৰ সম্পৰ্কে সুধিলে, দিল্লী বিজেপি নেতাজনে কান্দি উঠিলে আৰু তেওঁৰ প্ৰথমৰ সময়খিনিত আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ বিষয়ে বিৱৰণ দিলে । 

ফলাফল

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো এমাহতকৈ বেছি পুৰণি আৰু দিল্লীৰ নিৰ্বাচনৰ ফলাফলৰ লগত কোনো সম্পৰ্ক নাই । দিল্লী বিজেপিৰ নেতাজনে নিৰ্বাচনৰ শোচনীয় ফলাফলৰ বাবে কন্দা নাছিল বৰঞ্চ তেওঁৰ জীৱনৰ প্ৰথম সময়খিনিত আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ বিষয়ে বিৱৰণ দি ভাবুক হৈ কান্দি উঠিছিল ।

Avatar

Title:দিল্লীৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছত মনোজ তিৱাৰীয়ে এক সাক্ষাৎকাৰৰ সময়ত এই দৰেই কান্দি উঠিছিল নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published.