
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে । বৰ্তমানলৈকে দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।
দিল্লী আৰক্ষীৰ বিৰুদ্ধেও বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে অশান্তি বিয়পাইছে । ছচিয়েল মিডিয়াত এই সম্পৰ্কত এখন ফটো ভাইৰেল হৈ পৰিছে ।
অসমতো এই ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমৰ এজন বিধায়ক আমিনুল ইছলামে উক্ত ফটোখন নিজৰ ফেচবুক পেজৰ পৰা শ্বেয়াৰ কৰিছে আৰু লিখিছে, “দিল্লী আৰক্ষী প্ৰশাসনৰ দায়িত্ব যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সলনি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰা হয় তেনেহলে ৰাজধানী মহানগৰীখন এদিনৰ ভিতৰতেই আগৰ দৰে শান্ত আৰু সুস্থ পৰিবেশলৈ ঘুৰি আহিব বুলি আমি ভাবোঁ । অন্যথা গেৰুৱা সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত পাৰ্থক্য বিচাৰি নাপাব আৰু দিল্লী হিংসা সন্ত্ৰাসৰ জুইত আৰু অধিক দগ্ধ হ’ব ।” উক্ত ফটোখন তেওঁ ২৫ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে দিনৰ ২:২২ বজাত আপলোড কৰিছে আৰু এতিয়ালৈকে ১.২ হাজাৰ বাৰতকৈ অধিক শ্বেয়াৰ হৈছে ।
ফটোখনত এজন আৰক্ষীৰ পোছাক পৰিহিত ব্যক্তিক হাতত দুটা শিলগুটি লৈ খোজ কাঢ়ি থকা দেখা গৈছে ।
ফটোখনৰ সত্যতা কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে উক্ত ফটোখন ২০১৭ চনতে টুইটাৰত আপলোড কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে এইয়া আৰক্ষীয়ে জলিকটু সমৰ্থকৰ বিৰুদ্ধে যোৱা জানুৱাৰী ২০১৭ চনত ব্যৱস্থা লোৱাৰ সময়ৰ ফটো । আমি দেখিলোঁ যে টুইটাৰত ফটোখন ২০১৭ চনৰ জানুৱাৰী ২৩ আৰু ২৪ তাৰিখে আপলোড কৰা হৈছিল ।


গুগলত চাৰ্ছ কৰি আমি দেখিলোঁ যে সেই সময়ত আৰক্ষীয়ে হিংসা বিয়পাইছে বুলি অভিযোগ তুলি কিছু বাতৰি প্ৰকাশ পাইছিল । এই বিষয়ে সবিশেষ জানিবলৈ দা হিন্দু নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত প্ৰকাশিত এক বাতৰি ইয়াত পঢ়ক ।

আমি আৰু চাৰ্ছ কৰি দেখিলোঁ যে উক্ত ভাইৰেল ফটোখন ২০১৭ চনতকৈও আগত ২০১৫ চনতে টুইটাৰত আপলোড কৰা হৈছিল ।

যদিয়ো ফটোখনৰ প্রকৃত উৎস আমি বিচাৰি পাবলৈ সক্ষম নহলোঁ, আমি নিশ্চিত হলোঁ যে উক্ত ফটোখনৰ শেহতীয়া দিল্লীৰ পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই যিহেতু ২০২০ চনতকৈ বহু আগতে ২০১৫ চনতে ভাইৰেল ফটোখন টুইটাৰত আপলোড হৈছিল ।
ফলাফল
আৰক্ষীৰ লোক এজনে হাতত শিলগুটি লৈ থকা ভাইৰেল ফটোখনৰ শেহতীয়া দিল্লীৰ পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই যিহেতু ২০২০ চনতকৈ বহু আগতে ২০১৫ চনতে এই ফটোখন টুইটাৰত আপলোড হৈছিল ।

Title:আৰক্ষীৰ লোক এজনে হাতত শিলগুটি লৈ থকা এই ভাইৰেল ফটোখন দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়
Fact Check By: Manjori BorkotokyResult: False