
২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰা লোকসকলে দাবী কৰিছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে মানুহৰ ব্যাপক ক্ষোভ প্ৰদৰ্শন দেখা গৈছে আৰু তেওঁলোকে নিজ দলৰে কাৰ্যালয় ভাঙি-চিঙি ধ্বংস কৰিছে।
শেহতীয়াভাবে আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ হোৱাটছএপ যোগে এই ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া অসমৰ বৰাকৰ ভিডিঅ’ হয় নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে এগৰাকী ব্যৱহাৰকাৰীয়ে। তেওঁ লিখিছে- বৰাকত এইদৰে বিজেপি অফিচ লণ্ডভণ্ড কৰিছে?

আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত কী-ৱৰ্ড চাৰ্চ আৰু ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু তাৰ ফলত বাংলা সংবাদ প্ৰতিস্থান এবিপিয়ে ২০২১ চনৰ ২৪ মাৰ্চত প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আছিল। প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ ১৮ মাৰ্চত মালদা জিলাৰ ১২টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছিল আৰু তাৰ পাছত দলৰ সদস্যসকলে ছয়খন আসনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। প্ৰাৰ্থী নিৰ্বাচনক লৈ সেই অসন্তুষ্টিৰ ফলত মালদাৰ গাজোলেত থকা বিজেপি দলৰ কাৰ্যালয় ভাঙি পেলোৱা হৈছিল। ইয়াৰ ফলত দলৰ তেতিয়াৰ নেত্ৰী সাগৰিকা সৰকাৰক নিলম্বনো কৰা হৈছিল।

অধিক সন্ধান কৰাৰ পাছত আমি এই ঘটনা সন্দৰ্ভত ১৯ মাৰ্চ, ২০২১ তাৰিখে ইণ্ডিয়া টিভিৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ ৰিপ’ৰ্ট পালোঁ। সেই প্ৰতিবেদন অনুসৰি, ২০২১ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকৰ নেতাক টিকট নিদিয়াৰ বাবে পশ্চিম বংগৰ মালদাত বিজেপি কৰ্মচাৰীৰ এটা দলে দলৰ মুখ্য কাৰ্যালয় ভাঙি পেলাইছিল।
ইয়াৰ পৰা জানিব পৰা গৈছে যে বিজেপি দলৰ কার্যালয়ত মানুহে আক্রমণ কৰাৰ ভিডিঅ’টো শেহতীয়া নহয়৷ এয়া অসমৰ বৰাকৰ ঘটনাও নহয়। পশ্চিম বংগৰ মালদাত ঘটা এটা পুৰণি ঘটনাহে এয়া। আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। তিনিবছৰ পূৰ্বে পশ্চিম বংগৰ মালদাত সংঘটিত এয়া এক পুৰণি ঘটনা। আগন্তুক সাধাৰণ নিৰ্বাচনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই আৰু এয়া অসমৰ বৰাকৰ ঘটনা নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।
Fact Check By: Pranjal SharmaResult: Misleading
