FACT CHECK: গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদকাৰীয়ে লালকিল্লাত উত্তোলন কৰা পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হে হয়।
দুমাহ ধৰি অব্যাহত থকা কৃষক বিদ্ৰোহত অংশগ্ৰহন কৰা একাংশ লোকে মঙলবাৰে লালকিলাত দুখন পতাকা উত্তোলন কৰা কাৰ্যক লৈ আনকি অসমতো ছ'চিয়েল মিডিয়াত বিতৰ্কৰ সুচনা কৰিছে। লালকিল্লাত উত্তোলন কৰা পতাকাখনৰ ধৰণটোৱে অধিক বিতৰ্কৰ সুচনা কৰিছে।
কিছুসংখ্যক ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সেই পতাকা খালিস্থানী পতাকা বুলি দাবী কৰিছে আৰু লগতে ভাৰতৰ ত্ৰিৰংগা পতাকাখন তাৰ পৰা অৱনমিত কৰি সেই বিশেষ পতাকা উত্তোলন কৰা বুলি দাবী কৰিছে।
আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা মেছেজ পঠিয়াই তাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই পতাকা খালিস্থানী পতাকা নহয়। বৰং সেয়া শিখ সকলৰ ধৰ্মীয় পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হে হয়।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি সেই ঘটনাটো সন্দৰ্ভত পৰিবেশন কৰা বাতৰিসমুহ চালো ।
Screenshot, News Report, The Telegraph
Original Link- The Telegraph | Archived Link
আমি সেই ঘটনাটো সন্দৰ্ভত পৰিবেশন কৰা ভিডিঅ' দেখিলো যে এজন লোকে খুটা এটা বগাই গৈ পতাকা উত্তোলন কৰিছে। সেই খুটাটোত আগৰে পৰা কোনো পতাকা নাছিল। মানুহজনে কোনো পতাকা তাৰ পৰা আঁতৰাই পেলোৱাও দেখা নগ'ল।
ভিডিঅ'টো মূল ত্ৰিৰংগা পতাকাখন অক্ষতভাৱে উত্তোলিত হৈ থকা স্পষ্টভাৱে দেখা গ'ল। এয়া ভিডিঅ':
#WATCH A protestor hoists a flag from the ramparts of the Red Fort in Delhi#FarmLaws #RepublicDay pic.twitter.com/Mn6oeGLrxJ
— ANI (@ANI) January 26, 2021
আমি সেই দিনটোত প্ৰতিবাদকাৰী সকলে লালকিলাত উপস্থিত হোৱা সময়ৰ কিছুমান ফটো দেখা পালো। আমি দেখিলো যে পৰৱৰ্তী সময়ত তেওঁলোকে যিটো খুটাত তেওঁলোকৰ পতাকা উৰুৱাইছিল, সেইটো খুটাৰ আগৰে পৰা খালি হৈ আছিল।
Original Link- ABP | Archived Link
আমি লালকিলাৰ পুৰণি ভিডিঅ’চালো যাতে আমি চাব পাৰো যে প্ৰতিবাদকাৰীসকলে যিটো খুটাত পতাকাখন তুলিছিল, সেই খুটাটোত আগৰে পৰা ভাৰতৰ জাতীয় পতাকাখন উত্তোলিত হৈ আছিল নে নাই।
আমি দেখিলো যে কেৱল স্বাধীনতা দিৱসৰ দৰে কিছু বিশেষ দিনত হে সেই খুটাটোত ত্ৰিৰংগ পতাকাখন উৰোৱা হয়।
Original Link- YouTube
লালকিলৰ শীখৰত কেৱল এখনেই ত্ৰিৰংগ পতাকা উৰি আছিল। যিখন অক্ষত অৱস্থাত আছিল।
ইয়াৰ পিছত আমি প্ৰতিবাদকাৰীয়ে লালকিলাত উৰোৱা পতাকাৰ ফটো আৰু স্ক্ৰিনশ্বটসমুহ ভালকৈ পৰ্যবেক্ষন কৰিলো। দেখিলো যে তাৰে এখনৰ বৰণ হালধীয়া আৰু তাত কিবা এটা চিহ্ন অঁকা আছে। চিহ্নটোত এখন দুমুখীয়া তৰোৱাল, দুখন তৰোৱাল আৰু এটা চক্ৰ আছে।
আমি ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু জানিব পাৰিলো যে এইটো শিখসকলৰ চিহ্ন আৰু সেই পতাকাখনক 'নিশান চাহিব' বোলা হয়। তাত উৰোৱা আনখন পতাকা কিশান মজদুৰ একতাৰ পতাকা বুলি ফটো আৰু ভিডিঅ'ত দেখা গৈছে।
আমি যি দুখন পতাকা তাত উৰোৱা দেখিলো, সেই পতাকাৰ সৈতে খালিস্থানী পতাকাৰ তুলনা কৰি চালো আৰু সাদৃশ্য নাপালো। বৰ্তমানৰ খালিস্তানৰ পতাকা খনত 'খালিস্তান' বুলি শব্দটো লিখা থাকে ।
ফলাফল
সংগ্ৰহ কৰা তথ্য প্ৰমানৰ পৰা, এইটো স্পষ্ট হৈছে যে মূল ত্ৰিৰংগা পতাকাখনো নিৰ্দিষ্ট স্থানত অক্ষত ৰূপতেই আছিল। তদুপৰি তাত উৰোৱা পতাকাকেইখন শিখ সকলৰ ধৰ্মীয় পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হয়।
Title:গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদকাৰীয়ে লালকিল্লাত উত্তোলন কৰা পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হে হয়।
Fact Check By: Manjori BorkotokyResult: Misleading