
শেহতীয়াকৈ LIVE TIME নামৰ এটা অসমৰ ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱাৰ কুফল সন্দৰ্ভত। তাত উল্লেখ কৰা অনুসৰি ঠাণ্ডাৰ দিনত গা ধুলে মানুহৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। একাধিক ৰোগ তথা বিসংগতিৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে।

ভিডিঅ’টোত তেওঁলোকে দাবী কৰিছে যে ঠাণ্ডা দিনত গৰম পানীৰে গা ধুলে শিশুৰ পৰা প্ৰাপ্তবয়স্ক লোকলৈ বিভিন্ন বিসংগতি আৰু ৰোগ দেখা দিব পাৰে। দাবী কৰিছে যে- ডাঙৰ বিপদ হ’ব পাৰে ঠাণ্ডা দিনত গৰম পানীৰে গা ধুলে।

কি দাবী কৰিছে ভিডিঅ’টোত?
প্ৰথম দাবী কৰিছে যে- ঠাণ্ডা দিনত গৰম পানীৰে গা ধুলে হ্ৰাস পাব পাৰে প্ৰজনন ক্ষমতা।

দ্বিতীয়তে দাবী কৰিছে যে- ঠাণ্ডা দিনত গৰম পানীৰে গা ধুলে হাৰ্ট এটেক অথবা ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে।

আৰু দাবী কৰিছে যে- গৰম পানীৰ গা ধুলে চাল শোতোৰা পৰিব পাৰে।

তদুপৰি চালত এলাৰ্জি হোৱাৰ পৰা আৰম্ভ কৰি শিশুক গৰম পানীৰে গা ধুৱাৰে বিভিন্ন সমস্যা হ’ব পাৰে বুলি ভিডিঅ’টোত দাবী কৰা হৈছে। এই ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পাছত সাধৰণ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বিশেষজ্ঞৰ মতে এইসমুহ দাবী কৰা হৈছে যদিও কোন বিশেষজ্ঞই এইসমুহ কথা কৈছে সেই কথাৰ কোনো উল্লেখ ভিডিঅ’টোত নাই।
কিন্তু এই দাবী সত্য হয়নে? সঁচাকৈয়ে গৰম পানীৰে ঠাণ্ডাৰ দিনত গা ধুলে বিপদ হ’ব পাৰেনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি এইবিষয়ে জনাৰ বাবে ইণ্টাৰনেটত কোনো ধৰণৰ তথ্য লাভ কৰোনে সেয়া পৰীক্ষা কৰিলোঁ। প্ৰথমতে প্ৰজনন ক্ষমতা সন্দৰ্ভত তথ্য বিচাৰোতে পুৰুষৰ প্ৰজনন ক্ষমতা সম্পৰ্কে এক প্ৰতিবেদন লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে যে হাৰ্ভাৰ্ড হেল্থ পাবলিছিঙৰ মতে পুৰুষৰ অণ্ডকোষে যদি শৰীৰৰ স্বাভাৱিক উষ্ণতাতকৈ দুই বা চাৰি ডিগ্ৰীও অধিক উষ্ণতা লাভ কৰে, তেনেহ’লে সেই উষ্ণতাই শুক্ৰাণু সৃষ্টি আৰু টেষ্ট’ষ্টেৰণৰ মাত্ৰাৰ তাৰতম্য ঘটাব পাৰে। কিন্তু ই প্ৰজনন ক্ষমতা হ্ৰাস কৰি পেলায় বুলি কোনো নিশ্চিত তথ্য আমি লাভ নাই কৰা।

ইয়াৰ পাছত আমি হাৰ্ট এটেক অথবা হৃদৰোগত গৰম পানীৰে গা ধোৱা সন্দৰ্ভত তথ্য বিচাৰোতে হাৰ্ভাড হেল্থ পাবলিছিঙৰ এক প্ৰতিবেদন লাভ কৰিলোঁ। তাত গৰম পানীৰে গা ধোৱাটো হৃদযন্ত্ৰৰ বাবে লাভজনক হয় নে নহয় সেই কথা লিখা হৈছে।

সেই প্ৰতিবেদনৰ এঠাইত উল্লেখ কৰা হৈছে যে হৃদৰোগৰ ক্ষেত্ৰত সুস্থিৰ আৰু সাধাৰণ হাৰ্ট এটেকৰ ক্ষেত্ৰত গৰম পানীৰে গা ধোৱাতে নিৰাপদ। কিন্তু মাত্ৰাধিক বুকুৰ বিষ থকা তথা গুৰুতৰ হৃদৰোগত আক্ৰান্ত লোকে গৰম পানীৰে গা ধোৱাতো পৰিহাৰ কৰা উচিত বুলি উল্লেখ কৰা হৈছে। কিন্তু ভাইৰেল ভিডিঅ’টোত উল্লেখ কৰাৰ দৰে গৰম পানীৰে গা ধুলে হৃদৰোগ হ’ব পাৰে অথবা হাৰ্ট এটেক আহিব পাৰেই বুলি উল্লেখ কৰা নাই।

ইয়াৰ পাছত আমি উচ্চ ৰক্তচাপ জনিত সমস্য সন্দৰ্ভত তথ্য আহৰণৰ চেষ্টা চলাওতে আন এক প্ৰতিবেদন লাভ কৰিলোঁ। তাত আমি ৪৩ৰ পৰা ৭৬ বছৰ বয়সৰ ১৮গৰাকী পুৰুষ আৰু ৩গৰাকী মহিলা সহিতে মুঠ ২১ গৰাকী লোকৰ ওপৰত চলোৱা এক সমীক্ষাৰ ভিত্তিত লাভ কৰা তথ্য কিছুমান পালোঁ। সেই তথ্যই অন্য এটা দিশ হে উন্মোচিত কৰিছে।

সেই সমীক্ষাত্মক লেখা মতে গৰম পানীৰ টাবত ১০ মিনিট ডুবি থাকিলে দিলে চিকিৎসা চলি থকা উচ্চ ৰক্তচাপ থকা ব্যক্তিৰ ৰক্তচাপ কম হয়। গৰম টাবত ১০ মিনিট সময় কটালে বেছিভাগ চিকিৎসা চলি থকা উচ্চ ৰক্তচাপ ৰোগীৰ বাবে নিৰাপদ ।

তাৰ পাছত আমি গৰম পানীৰে গা ধুলে গাৰ চাল শোতোৰা পৰা অথবা এলাৰ্জি হোৱা সন্দৰ্ভত তথ্য আহৰণ কৰাৰ চেষ্টা কৰিলোঁ। আমি এনেকুৱা কিছু প্ৰতিবেদন লাভ কৰিলোঁ, যিয়ে কয় যে শীতকালত মাত্ৰাধিক উত্তাপৰ পানীৰে নিয়মিত গা ধুলে চালৰ আৰ্দ্ৰতা দূৰ কৰি কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। শুস্কতাৰ পৰা আদি কৰি অইন কিছুমান সমস্যা হোৱাটো অস্বাভাৱিক নহয়। কিন্তু গৰম পানীৰে গা ধুলেই চাল শোতোৰা পৰি যাব অথবা এলাৰ্জি হ’ব বুলি কোৱা হোৱা নাই। এইক্ষেত্ৰত ভাইৰেল ভিডিঅ’ত কৰা দাবীটো সম্পূৰ্ণ মিছা নহয়। আংশিক সত্যতা আছে।
তদুপৰি শিশুৰ ক্ষেত্ৰত কিমান উষ্ণতাত গৰম পানীৰে গা ধুওৱা উচিত সেই সম্পৰ্কে আমি অধ্যয়ন চলালোঁ

আমি জানিব পাৰিলোঁ যে নৱজাতকৰ পৰা ৫ বছৰ বয়সলৈ শিশু এটিক সৰ্বোচ্চ ৩৭ বা ৩৮ ডিগ্ৰী চেণ্টিগ্ৰেডৰ গৰম পানীৰেহে গা ধুওৱা উচিত। যাক সাধাৰণতে কুহূমীয়া গৰম পানী বুলি আমি অভিহিত কৰোঁ। তাতকৈ অধিক গৰমে শিশুটিৰ হানি কৰি কৰিব পাৰে।

কিন্তু ভাইৰেল ভিডিঅ’ত শিশুক কিমান উষ্ণতাৰ পানীৰে গা ধুওৱাটো মংগলজনক, সেই বিষয়ে কোনো উল্লেখ নাই।
এইখিনি তথ্য আহৰণ কৰাৰ পাছত আমি গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ দিগন্ত বৰ্মনৰ সৈতে যোগাযোগ কৰাত তেখেতে উল্লিখিত দাবীকেইটা সন্দৰ্ভত আমাক জানিবলৈ দিয়ে যে শুক্ৰাণু নিম্ন উষ্ণতাত সুস্থ হৈ থাকে। সেইহেতু অণ্ডকোষত গৰম পানী ব্য়ৱহাৰ কৰাটো অনুচিত। বাকী অইনকেইটা দাবী সন্দৰ্ভত তেখেতে জনায় যে ব্যক্তি বিশেষে স্বাস্থ্যৰ অৱস্থা আৰু পাৰিপাৰ্শ্বিক অৱস্থাভেদে গা ধোৱা পানীৰ উষ্ণতাই ভিন্ন প্ৰভাৱ পেলায়। সেই প্ৰভাৱ যে কেৱল নেতিবাচকেই হ’ব তেনেকুৱা কথা নাই। তেখেতে ভিডিঅ’টোত কোৱা কথাখিনি অতিৰঞ্জিত আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে।
ওপৰোক্ত সকলো তথ্য় প্ৰমানৰ পৰা আমি এটা সিদ্ধান্তত উপনিত হৈছে যে ভাইৰেল ভিডিঅ’টোত কৰা দাবীকেইটাত সম্পূৰ্ণ সত্য আৰু শুদ্ধ নহয়। অতিৰঞ্জিত আৰু বিভ্ৰান্তিকৰভাৱে আটাইখিনি কথা কোৱা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। গৰম পানীৰে গা ধোৱা কামটোৱে ব্যক্তি এগৰাকীৰ স্বাস্থ্যৰ অৱস্থা আৰু পৰিবেশভেদে ভিন্ন প্ৰভাৱ পেলায়। ভিডিঅ’ত উল্লিখিত দাবীসমুহ সম্পূৰ্ণ সত্য নহয়। কিছু পৰিমানে অতিৰঞ্জিত আৰু বিভ্ৰান্তিকৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদৰোগো বৃদ্ধি পায় নেকি? সত্যটো কি জানো আহক।
Written By: Pranjal SharmaResult: Misleading
