FACT CHECK: অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।
দেশৰ ভিন্নপ্ৰান্তত হঠাৎ কোভিড আক্ৰান্ত হোৱা বহু লোকৰ খবৰ অহাৰ লগে লগে ছোচিয়েল মিডিয়াত কোভিড১৯ সম্পৰ্কত বিভ্ৰান্তিকৰ বহু তথ্যৰ জোৱাৰ উঠা দেখা গৈছে। তেনেকুৱা এটা ভাইৰেল তথ্য দেখা গৈছে অসমৰ এটা গুৱাহাটীস্থিত নিউজ পোৰ্টেলৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট লৈ প্ৰচাৰ কৰা দেখা গৈছে। স্ক্ৰিনশ্বটটোত লিখা দেখা গৈছে যে অসমত ৩১মাৰ্চকৈ লকডাউন দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ এখন সংবাদমেলৰ এটা দৃশ্য স্ক্ৰিনশ্বটটোত দেখা গৈছে। স্ক্ৰিনশ্বটটো মতে দাবী কৰা হৈছে যে লকডাউন অতি শীঘ্ৰে অসমত আৰোপ কৰা হ'ব।
সেই স্ক্ৰিণশ্বটো অসমৰ হোৱাটছএপত বহুলভাৱে ভাইৰেল কৰি অসমত লকডাউন ঘোষণাৰ দাবী কৰা হৈছে। এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ ইয়াৰ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল।
আমি গম পালো যে অসমত তেনেকুৱা কোনো ঘোষণা কৰা হোৱা নাই।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি স্ক্ৰিনশ্বটটো মন দি চালো আৰু তাত লিখা থকা দেখিলো যে সেই ভিডিঅ' বাতৰিটো আচলতে ২০২০চনৰ ২৩মাৰ্চৰ হে।
আমি প্ৰাসংগিক শব্দেৰে ছাৰ্চ কৰি মূল ফেচবুক পোষ্টটোও বিচাৰি উলিয়াবলৈ সক্ষম হ'লো।
তাৰ পিছত আমি বিচাৰি চালো অসমত লকডাউন দিয়া কিবা বাতৰি কোনো সংবাদ প্ৰতিস্থানে পৰিবেশন কৰিছে নেকি।কিন্তু আমি তেনেকুৱা কোনো বাতৰিয়ে নাপালো। তাৰ সলনি এইবোৰ যে অসত্য খবৰ সেই কথা অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে নিশ্চিত কৰা তথ্য হে পালো।
Screenshot Times of India article
Original Link- Times Of India | Archived Link
ফলাফল
মিছা । স্ক্ৰিনশ্বটটো ২০২০চনৰ মাৰ্চৰে এটা বাতৰিৰ। সেইটোকে অসমত লকডাউন দিয়া বুলি দাবী কৰি শ্বেয়াৰ কৰি থকা হৈছে।
Title:অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।
Fact Check By: Manjori BorkotokyResult: False