ভোজপুৰী চিনেমাত কেৰিয়াৰৰ প্ৰলোভনেৰে বিহাৰৰ পৰা চলিছে অসমীয়া যুৱতী সৰবৰাহৰ চক্ৰঃ এক প্ৰতিবেদন।

Insight Social

Image Courtesy- 101 reporters. 

পাতনি

বিহাৰত “অৰ্কেষ্ট্ৰা” গোটৰ আৱৰণত এক ট্ৰেফিকিং নেটৱৰ্ক প্ৰায়ে চলি থাকে। অসমৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীটোক শোষণ কৰি কৰি এই নেটৱৰ্কটো চলি থাকে। ভোজপুৰী ছবিত অভিনয়ৰ কেৰিয়াৰ বা স্থায়ী কৰ্মসংস্থাপনৰ প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিৰে প্ৰলোভিত হৈ ভুক্তভোগীয়ে সঘনাই এক নিৰ্যাতনমূলক পৰিৱেশ আৰু বলপূৰ্বক শ্ৰমৰ মাজত আবদ্ধ হৈ পৰে

এই নেটৱৰ্কৰ কৰ্মৰ ধৰণ

১. প্ৰতাৰণামূলক নিযুক্তিঃ অসমৰ দুৰ্দশাগ্ৰস্ত পটভূমিৰ ব্যক্তিক লক্ষ্য কৰি সৰবৰাহকাৰী আৰু মধ্যস্থতাকাৰীয়ে বিভিন্ন ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি তেওঁলোকৰ সন্ধান কৰে। তেওঁলোকে বিহাৰৰ আঞ্চলিক চিনেমাত উপযুক্ত দৰমহা আৰু কেৰিয়াৰত সুন্দৰ অগ্ৰগতিৰ প্ৰতিশ্ৰুতি দিয়ে। সেইদৰেই বহু দুৰ্দশাগ্ৰস্ত অসমীয়াই এই জালত ভৰি দিয়ে।

২. আৰ্থিক সাহায্যঃ এইদৰেই নিযুক্তি প্ৰদানকাৰীয়ে ভুক্তভোগীক ৰাজ্যৰ সীমাৰ সিপাৰে স্থানান্তৰিত কৰাৰ আগতে পৰিয়ালসমূহত বিশ্বাস গঢ়ি তুলিবলৈ তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য আগবঢ়ায়। আন কিছুমান দৃষ্টান্তত ব্যক্তিগত সম্পৰ্কৰে ছলনা কৰি ভুক্তভোগীক বিহাৰলৈ যাত্ৰা কৰোৱা হয়।

৩. শোষণৰ বাস্তৱতাঃ এবাৰ স্থানান্তৰিত হোৱাৰ পাছত ভুক্তভোগীসকলক অনুষ্ঠানৰ বাবে নিযুক্তি দিয়া স্থানীয় পৰিবেশন গোটসমূহত একত্ৰিত কৰা হয়। এই পৰিৱেশত তেওঁলোক প্ৰায়ে তীব্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন, চলাচলৰ বাধা আৰু বলপূৰ্বক শ্ৰমৰ সন্মুখীন হয়।

ভৌগোলিক পৰিসৰঃ

১. বিস্তৃতিঃ এই ​​নেটৱৰ্কসমূহ মূলতঃ বিহাৰ আৰু পশ্চিম বংগৰ নিৰ্দিষ্ট জিলাসমূহত কেন্দ্ৰীভূত হৈ আছে। তাৰ পৰাই তেওঁলোকে মূলতঃ পিছ পৰা শ্ৰেণীৰ অসমীয় যুৱতীসকলক লক্ষ্য কৰি লয়। তেওঁলোকৰ সৰবাহ চক্ৰৰ সহায়ত তেওঁলোকে এই কাম কৰে।

২. লক্ষ্য অসমঃ শেহতীয়া বছৰবোৰত অসমৰ অসংখ্য ব্যক্তিক—বিশেষকৈ বৰপেটা, গোৱালপাৰা, কামৰূপ আদি জিলাৰ পৰা এই চক্ৰটোৱে এইদৰে সৰবহাৰ কৰোৱাইছে। তেওঁলোকক প্ৰলোভন দি অন্য কৰ্মত নিয়োজিত কৰোৱাইছে। এনেকুৱা চিণ্ডিকেট চক্ৰ চিনাক্ত কৰি এই ছিণ্ডিকেটসমূহৰ পৰা তেনেকুৱা বহু যুৱতীক উদ্ধাৰ কৰাও হৈছে।

৩.জনগাঁথনিঃ প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে এই চক্ৰই লক্ষ্য কৰি লোৱাসকল এটা উল্লেখযোগ্য অংশ প্ৰান্তীয় সম্প্ৰদায়ৰ। সৰবৰাহকাৰীয়ে শ্ৰম আইনৰ নিয়ম এৰাই চলিবলৈ সঘনাই প্ৰৱঞ্চনামূলক নথিপত্ৰ ব্যৱহাৰ কৰে।

আইন প্ৰয়োগ আৰু হস্তক্ষেপঃ

১. উদ্ধাৰ অভিযানঃ বিভিন্ন এন.জি.অ’, কিছুমান বিশেষ সৰবৰাহ বিৰোধী ইউনিট আৰু স্থানীয় আৰক্ষীৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত অসমৰ পৰা গৈ তাত আৱদ্ধ হৈ পৰা কেইবা ডজনো ভুক্তভোগীক ইতিমধ্যেই  সফলতাৰে উদ্ধাৰ কৰা হৈছে।

২ আইনী কাঠামোঃ এই অভিযানসমূহ মানৱ সৰবৰাহ, বন্ধনজাত শ্ৰম আৰু দুৰ্বল জনসংখ্যাৰ সুৰক্ষা সম্পৰ্কীয় আইনসমূহৰ অধীনত বিচাৰ কৰা হয়। উদ্ধাৰকাৰ্য সম্পন্ন হোৱাৰ পাছত এইদৰে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইতিমধ্যেই এই সম্পৰ্কীয় বহু গোচৰ বিচাৰাধীন হৈ আছে।

৩.চলি থকা প্ৰচেষ্টাঃ এই সংগঠিত অপৰাধমূলক নেটৱৰ্কসমূহ ভাঙি পেলাবলৈ আৰু দুৰ্বল জনসাধাৰণক শোষণৰ পৰা ৰক্ষা কৰিবলৈ আন্তঃৰাজ্যিক সহযোগিতা আৰু সম্প্ৰদায় সজাগতাৰ ওপৰত কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত সজাগতামূলক বিভিন্ন কাৰ্যসূচীও হাতত লোৱা দেখা গৈছে। তথাপিও শিক্ষাৰ অভাৱ আৰু আৰ্থিক অনাতনে বিভিন্ন অঞ্চলত এই চক্ৰক সক্ৰিয় হৈ থকাৰ সুযোগ দিছে। 

উপসংহাৰঃ

প্ৰণালীবদ্ধ উদ্ধাৰ প্ৰচেষ্টা আৰু এই নেটৱৰ্কসমূহক মষিমূৰ কৰিবলৈ অধিক তথ্য আহৰণৰ বাবে আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান দ্য হিন্দুকে ধৰি অসম তথা বিহাৰৰ স্থানীয় বাতৰি কাকত আৰু অন্য সংবাদ প্ৰতিষ্ঠানসমূহে এই সম্পৰ্কে নিৰন্তৰে বাতৰি পৰিবেশন কৰি আছে। কিন্তু সেয়া পৰ্যাপ্ত নহয়। এই সমস্যা সমাধানৰ বাবে প্ৰশাসনৰ অধিক কঠোৰতা, ৰাইজৰ সজাগতা আৰু এই চক্ৰই লক্ষ্য কৰি লোৱা  অঞ্চল আৰু লোকসকলৰ মাজত শিক্ষা আৰু সংস্থাপনৰ বিকাশ অতিকৈ প্ৰয়োজন। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ভোজপুৰী চিনেমাত কেৰিয়াৰৰ প্ৰলোভনেৰে বিহাৰৰ পৰা চলিছে অসমীয়া যুৱতী সৰবৰাহৰ চক্ৰঃ এক প্ৰতিবেদন।

Fact Check By: Pranjal Sharma

Result: Insight

Leave a Reply

Your email address will not be published. Required fields are marked *