ব্লু ভেলী ক্লাষ্টাৰ(Blue Valley Cluster) কি, কিয়, কেনেকৈ? এক চমূ আলোচনা।

Image Courtesy- Hub News পাতনি ব্লু ভেলী ক্লাষ্টাৰ(Blue Valley Cluster) হৈছে অসমৰ গুৱাহাটীত অসম চৰকাৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এক আন্তঃমহাদেশীয় জৈৱ-শিল্প উদ্যোগ(Bio-Industrial), যাৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ জীৱ-বৈচিত্ৰ্যক ইউৰোপ আৰু বিশ্ববজাৰৰ সৈতে সংযোগ স্থাপন কৰা। এই উদ্যোগে চৰকাৰ-ব্যক্তিগত খণ্ড-জনসাধাৰণ-পৰিৱেশ (4P: Public-Private-People-Planet) অংশীদাৰিত্বৰ জৰিয়তে ফ্লেভাৰ, ফ্ৰেগ্ৰেন্স, আয়ুষ (AYUSH), চাহ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত এক […]

Continue Reading

ভোজপুৰী চিনেমাত কেৰিয়াৰৰ প্ৰলোভনেৰে বিহাৰৰ পৰা চলিছে অসমীয়া যুৱতী সৰবৰাহৰ চক্ৰঃ এক প্ৰতিবেদন।

Image Courtesy- 101 reporters.  পাতনি বিহাৰত “অৰ্কেষ্ট্ৰা” গোটৰ আৱৰণত এক ট্ৰেফিকিং নেটৱৰ্ক প্ৰায়ে চলি থাকে। অসমৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীটোক শোষণ কৰি কৰি এই নেটৱৰ্কটো চলি থাকে। ভোজপুৰী ছবিত অভিনয়ৰ কেৰিয়াৰ বা স্থায়ী কৰ্মসংস্থাপনৰ প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিৰে প্ৰলোভিত হৈ ভুক্তভোগীয়ে সঘনাই এক নিৰ্যাতনমূলক পৰিৱেশ আৰু বলপূৰ্বক শ্ৰমৰ মাজত আবদ্ধ হৈ পৰে। এই নেটৱৰ্কৰ কৰ্মৰ ধৰণ ১. প্ৰতাৰণামূলক […]

Continue Reading

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে অসমৰ শেহতীয়া সীমা বিবাদ সন্দৰ্ভত এক আলোচনা  

Image Courtesy: India Today পাতনিঃ শেহতীয়াকৈ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ বিবাদিত লাপাংগাপ গাঁৱত অসম আৰু মেঘালয়ৰ মাজত সীমান্তৰ উত্তেজনা পুনৰ উদ্ভৱ হৈছে। খেতিৰ বীজ সিঁচিবলৈ চেষ্টা কৰা স্থানীয় কৃষকসকলক অসমৰ ফালৰ পৰা কাৰ্বি লোকে হাৰাশাস্তি কৰাৰ অভিযোগত সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ বাবে মেঘালয়ে কৃষি পথাৰসমূহ সুৰক্ষিত কৰিবলৈ কমাণ্ডো আৰু অতিৰিক্ত আৰক্ষী মোতায়েন কৰে। মেঘালয়ৰ সৈতে […]

Continue Reading

ইৰাণৰ শেহতীয়া ১৪ দফীয়া প্ৰস্তাৱঃ এক সংক্ষিপ্ত ব্যাখ্যা। 

File Photo:- AP  পাতনিঃ আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰম্ভ হোৱা যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ২০২৬ চনৰ মে’ মাহৰ আৰম্ভণীতে ইৰাণে পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে আমেৰিকালৈ ১৪টা দফাৰ নতুন প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰস্তাৱত বৰ্তমানৰ ভংগুৰ যুদ্ধবিৰতিক ৩০ দিনৰ ভিতৰত স্থায়ী শান্তি নিষ্পত্তিলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড […]

Continue Reading

গ্ৰেট নিকোবৰ দ্বীপ উন্নয়ন প্ৰকল্পঃ এক আলোচনা। 

পাতনিঃ গ্ৰেট নিকোবৰ দ্বীপ উন্নয়ন প্ৰকল্প হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গ্ৰেট নিকোবৰ দ্বীপৰ বাবে ভাৰত চৰকাৰে প্ৰস্তাৱ কৰা এক বৃহৎ আন্তঃগাঁথনিমূলক পদক্ষেপ। আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ সংহত উন্নয়ন নিগমৰ নেতৃত্বত চলিবলগীয়া এই প্ৰকল্পৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, দ্বৈত ব্যৱহাৰৰ বাবে অসামৰিক আৰু সামৰিক বিমানবন্দৰ, বিদ্যুৎ কেন্দ্ৰ আৰু এখন চহৰ নিৰ্মাণ কৰা। এই […]

Continue Reading

অসমত ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ কি আৰু কিয় গুৰুত্বপূর্ণ – এটা বিস্তৃত ব্যাখ্যা।

ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ মানে কি? ডেলিমিটেশ্বন বুলিলে নিৰ্বাচনী এলেকাৰ (constituency) সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াক বুজায়। ইয়াৰ মূল উদ্দেশ্য হৈছে জনসংখ্যাৰ আধাৰত সমান প্ৰতিনিধিত্ব নিশ্চিত কৰা। অৰ্থাৎ, প্ৰতিটো বিধানসভা বা লোকসভা সমষ্টিত প্ৰায় সমান সংখ্যক লোক থাকিব লাগে যাতে ভোটৰ মূল্য সকলো ঠাইতে সমান হয়। ডেলিমিটেশ্বন (Delimitation) কেনেকৈ কৰা হয়? ভাৰতত ডেলিমিটেশ্বন সাধাৰণতে […]

Continue Reading

অৰুণাচল-অসম সীমান্ত আৰু নামচাই ঘোষণা সন্দৰ্ভত এক ব্যাখ্যামূলক আলোচনা। 

Image Courtesy: The Indian Express পাতনি এই আলোচনাত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদ, ইয়াৰ আঁৰৰ ঐতিহাসিক কাৰণ আৰু ২০২২ চনৰ নামচাই ঘোষণাৰ (Namsai Declaration)তাৎপৰ্যক ইয়াৰ সমাধানৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে এক  ৰূপৰেখা দাঙি ধৰা হৈছে। ১/ প্ৰসংগঃ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা ৮০৪.১ কিলোমিটাৰ। এই বিবাদ মূলতঃ এই […]

Continue Reading

অসমৰ চাহ জনগোষ্ঠীৰ বাবে বিশেষ সংৰক্ষণ ব্যৱস্থাঃ এক চমূ আলোচনা   

পাতনি অসম চৰকাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী সেৱাত চাহ জনগোষ্ঠীৰ বাবে ৩% চাকৰিৰ সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক উন্নতি। ২০২৫ চনত ঘোষণা কৰা এই পদক্ষেপ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত বৰ্তমানৰ ৩% সংৰক্ষণৰ পৰিপূৰক। লক্ষ্য ৰখা হৈছে ইয়াৰ জৰিয়তে ৪০ লাখৰো অধিক লোকক প্ৰতিনিধিত্ব প্ৰদান কৰা। অসমত আৰ্থ-সামাজিক প্ৰতিনিধিত্ব […]

Continue Reading

অসম বাজেট ২০২৫–২৬ঃ এক সংক্ষিপ্ত আলোচনা

পাতনি প্ৰস্তাৱিত ৭.৪১ লাখ কোটি টকাৰ জিএছডিপিৰ(GSDP of ₹7,41,626 crore,) সৈতে অসম বাজেট ২০২৫–২৬-এ ৩.৭ শতাংশ বিত্তীয় ঘাটিৰ জোৰা মৰাৰ লক্ষ্যেৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি বিনিয়োগত (মূলধনী ব্যয় ২৫,০০০ কোটি টকাৰো অধিক) গুৰুত্ব দিছে। ইয়াৰ লগতে যোগীঘোপা এছইজেড(Jogighopa SEZ),মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ(Mukhyamantri Mahila Udyamita Abhiyaan) জৰিয়তে নাৰী সবলীকৰণ আৰু চাহ শ্ৰমিকৰ কল্যাণত বিশেষ প্ৰাধান্য দিয়া হৈছে। […]

Continue Reading

নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ অসমৰ গোৱালপাৰা জিলাত বিতৰ্কঃ এক আলোচনা।

পাতনি নিৰ্বাচনী তালিকা (২০২৫-২০২৬)ৰ বিশেষ পুনৰীক্ষণ (Special Revision)ক লৈ অসমৰ গোৱালপাৰা জিলাত এক বিতৰ্কৰ সৃষ্টি হৈছে। বিৰোধী দল আৰু নাগৰিক সমাজৰ বিভিন্ন গোষ্ঠীয়ে এই অনুশীলনক বাংলাভাষী মুছলমানক লক্ষ্য কৰি “বেকড’ৰ এন আৰ চি” (backdoor National Register of Citizens) হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অহা ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনী তালিকা চূড়ান্ত প্ৰকাশৰ পূৰ্বে ২০২৬ চনৰ […]

Continue Reading